হস্ততাঁত আৰু বস্ত্ৰশিল্পই বিশ্বৰ বজাৰ দখল কৰিব পৰাকৈ শক্তিশালী কৰাৰ পৰিকল্পনা কৰা হৈছে : পবিত্ৰ মাৰ্ঘেৰিটা
সোণাপুৰত অনুষ্ঠিত দেশৰ বস্ত্ৰ মন্ত্ৰীসকলৰ বিশাল সন্মিলনৰ সামৰণি । ভাৰতক বিশ্বৰ বস্ত্ৰ উৎপাদনৰ কেন্দ্ৰবিন্দু কৰাৰ লক্ষ্য ।

Published : January 9, 2026 at 9:57 PM IST
সোণাপুৰ: অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীৰ সোণাপুৰত অনুষ্ঠিত হয় দেশৰ বস্ত্ৰ মন্ত্ৰীসকলৰ এক বিশাল সন্মিলন । ভাৰতক বিশ্বৰ দৰবাৰত এক 'গ্ল'বেল টেক্সটাইল হাব' (Global Textile Hub) হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহ এক উমৈহতীয়া মঞ্চত একত্ৰিত হয় ।
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই সন্মিলনত বস্ত্ৰ উদ্যোগৰ ভৱিষ্যত আৰু ভাৰতীয় অৰ্থনীতিত ইয়াৰ প্ৰভাৱক লৈ বিস্তৃত আলোচনা কৰা হয় ।
২০৩০ চনৰ মেগা লক্ষ্য, ৩৫০ বিলিয়ন ডলাৰৰ উদ্যোগ:
সন্মিলনৰ মূল কেন্দ্ৰবিন্দু আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক উচ্চাভিলাষী লক্ষ্য । ২০৩০ চনৰ ভিতৰত ভাৰতৰ বস্ত্ৰ উদ্যোগটোক ৩৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ এক বিশাল উদ্যোগলৈ ৰূপান্তৰিত কৰা আৰু বৰ্তমানৰ ৩৭.৫ বিলিয়ন ডলাৰৰ ৰপ্তানিক ১০০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰা হয় দুদিনীয়া সন্মিলনত ।
৩৬০ ডিগ্ৰী পৰিকল্পনা আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ ভাষ্য:
সন্মিলনৰ সফল সামৰণিৰ পাছত কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদ মাধ্যমক সম্বোধন কৰি কয়, "এই সন্মিলনত দেশৰ সমগ্ৰ বস্ত্ৰ উদ্যোগটোক ৩৬০ ডিগ্ৰী কোণৰ পৰা সামৰি আলোচনা কৰা হৈছে । কৃষকসকলে উৎপাদন কৰা কপাহ, ৰেচম, এড়ী-মুগা আৰু মৰাপাটক আধুনিক বৈজ্ঞানিক মাত্ৰা দি কেনেকৈ বিশ্বমানৰ কৰিব পৰা যায়, সেই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে ।"
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, "লগতে অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ দৰে পৰম্পৰাগত শিল্পসমূহক বিশ্বৰ বজাৰ দখল কৰিব পৰাকৈ শক্তিশালী কৰাৰ পৰিকল্পনা কৰা হৈছে । কেৱল উৎপাদন বৃদ্ধিয়েই নহয়, উৎপাদিত সামগ্ৰীৰ গুণগত মান উন্নত কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় ছাব মোহৰ অংকন কৰাই হ’ল মূল লক্ষ্য ।"
মন্ত্ৰী মাৰ্ঘেৰিটাই লগতে কয়, "প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি লক্ষ্য স্থিৰ কৰি দিছে, তাক লাভ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহে হাতে হাত মিলাই আগবাঢ়িব লাগিব । প্ৰতিখন ৰাজ্যৰ বাবে পৃথক আঁচনি আৰু ভৱিষ্যতৰ পদক্ষেপ সম্পৰ্কে ইয়াত আলোচনা কৰা হৈছে ।"
সোণাপুৰৰ এই চিন্তন মন্থনে কেৱল অসমৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ দেশৰ বস্ত্ৰ শিল্পৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশাবাদী বিশেষজ্ঞসকল । থলুৱা শিপিনী আৰু কৃষকসকলৰ বাবে এই সন্মিলনৰ সিদ্ধান্তসমূহে এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিব সেয়া নিশ্চিত ।

