প্ৰাণৰ শিল্পীৰ প্ৰতিচ্ছবিত গামোচা পিন্ধাই বিহুৱাই জুৰিলে বিহু
কলিয়াবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী বিহু প্ৰতিযোগিতাত ব্যতিক্ৰমী দৃশ্য । ঢোলৰ ওজা সোমনাথ বৰাকে আদি কৰি দ্বিগ্গজ শিল্পীয়ে জীপাল কৰিলে মঞ্চ ।

Published : May 17, 2026 at 3:50 PM IST
কলিয়াবৰ: সামৰণি পৰিল কলিয়াবৰৰ অন্যতম সমাজিক, সাংস্কৃতিক, ক্ৰীড়া অনুষ্ঠান ফ্ৰেণ্ডশ্বিপ ক্লাবৰ ৰঙালী বিহু উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ । শুকুৰবাৰে নিশা অনুষ্ঠিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী বিহু প্ৰতিযোগিতাত মুঠ বাৰটি দলে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাত সাতটি স্থান লাভ কৰে ক্ৰমে–বিশ্বনাথ আঞ্চলিক বিহুৱা দল, পাঞ্চজন্য বিহুৱা দল, ৰূপজ্যোতি বিহুৱা দল, মন ব'হাগী বিহুৱা দল, বৰদৈচিলা বিহুৱা দল, ভৰলীপৰীয়া বিহুৱা দল আৰু ৰঙালী বিহুৱা দল ।
উক্ত মঞ্চতে দিনৰভাগত অনুষ্ঠিত হয় কলিয়াবৰ সমজিলা আন্তঃবিদ্যালয় শিক্ষাৰ্থী সমাৰোহ –২০২৬ । বহুকেইজন প্ৰতিভাধৰে প্ৰদৰ্শন কৰে নিজ নিজ প্ৰতিভা । য'ত প্ৰথম শ্ৰেষ্ঠ বিদ্যালয়ৰ খিতাপ অৰ্জন কৰে শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কুঁৱৰীটোলে ।
ফ্ৰেণ্ডশ্বিপ ক্লাবৰ সভাপতি গৌতম খাউণ্ডে কয়, "ফ্ৰেণ্ডশ্বিপ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পবিত্ৰ সোঁৱৰণত উৎসৰ্গিত বিহু প্ৰতিযোগিতাত প্ৰতিটো দলে বিহু প্ৰদৰ্শনৰ আগমুহূৰ্তত মঞ্চৰ সোঁফালে সজাই ৰখা প্ৰাণৰ শিল্পীগৰাকীক গামোচা পিন্ধাই আঁঠু লৈ শ্ৰদ্ধা নিৱেদন কৰা দৃশ্যই উপস্থিত দৰ্শকক আবেগিক কৰি তোলে ।"

বিহু মঞ্চত সৃষ্টি হোৱা এক বিশেষ পৰিস্থিতিৰ বিষয়ে উদ্যোক্তাগৰাকীয়ে কয়, "প্ৰতিযোগিতাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসমৰ জনপ্ৰিয় গায়ক-বিহুৱা কৃষ্ণমণি নাথে কলিয়াবৰৰ লগত থকা অতীতৰ সোণালী দিনৰ কথা সোঁৱৰণ কৰে । লগতে প্ৰতিযোগিতাৰ বিচাৰক ঢোলৰ ওজা সোমনাথ বৰা, বিহুৱতী মাধুৰীমা চৌধুৰী, বৰবিহুৱা জয়ন্ত সোণোৱাল, ৰঞ্জিত গগৈক মঞ্চলৈ মাতি একেলগে বিহু পৰিৱেশন কৰে । এই সোমনাথ বৰাৰ কান্ধৰ ঢোল, জয়ন্ত সোণোৱালৰ মুখৰ পেঁপা, ৰঞ্জিত গগৈৰ হাতৰ তালৰ শব্দত কৃষ্ণমণি নাথৰ কণ্ঠৰ বিহুগীতত প্ৰথমগৰাকী গুৱাহাটীৰ লতাশিল বিহু সম্ৰাজ্ঞী মাধুৰীমা চৌধুৰীয়ে বিহু নচাৰ দৃশ্যই সকলোকে আপ্লুত কৰে ।"

তেওঁ কয়, "তেখেতসকলৰ লগতে ফ্ৰেণ্ডশ্বিপ ক্লাবৰ পুৰণি বিহুৱতী-বিহুৱাসকলেও অংশগ্ৰহণ কৰি সমগ্ৰ পৰিৱেশটো আকৰ্ষণীয় কৰি তোলে । তদুপৰি, কৃষ্ণৰণি নাথ আৰু সোমনাথ বৰাই কলিয়াবৰৰ সৈতে থকা চল্লিশ বছৰৰো অধিক কালৰ সময়ৰ স্মৃতি ৰোমন্থন কৰি দৰ্শকসকলক স্মৃতিকাতৰ কৰি তোলে ।"

আনহাতে, কলিয়াবৰ সমজিলা আন্তঃবিদ্যালয় শিক্ষাৰ্থী সমাৰোহৰ বিষয়ে খাউণ্ডে কয়, "ফ্ৰেণ্ডশ্বিপ ক্লাবে আয়োজন কৰা সুধাকণ্ঠ, ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকা শতবৰ্ষৰ লগত ৰজিতা খুৱাই দ্বিতীয়বাৰৰ বাবে কলিয়াবৰ সমজিলা আন্তঃবিদ্যালয় শিক্ষাৰ্থী সমাৰোহ–২০২৬ ৰ বিভিন্ন প্ৰতিযোগিতাত কলিয়াবৰৰ মুঠ ১৪খন বিদ্যালয়ে অংশগ্ৰহণ কৰে । ৰচনা, চিত্ৰংকন, কুইজ, ভূপেন্দ্ৰ সংগীত, একক নৃত্য আৰু দলীয় লোকনৃত্য প্ৰতিযোগিতাত বিদ্যালয়সমূহৰ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।"

