ETV Bharat / state

বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত হ’ল বুঢ়াচাপৰি, পুনৰ প্ৰাণ পাব সংৰক্ষিত বনাঞ্চলখনে

দুদিনীয়া অভিযানৰে বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযান সম্পূৰ্ণ ৷ বেদখলকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হ’ল ৬,২০০ বিঘা ভূমি ।

Completes eviction drive
বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত হ’ল বুঢ়াচাপৰি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 9:14 AM IST

|

Updated : January 7, 2026 at 9:41 AM IST

6 Min Read
Choose ETV Bharat

তেজপুৰ : শোণিতপুৰ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত (Burhachapori Wildlife Sanctuary) দুদিনীয়াকৈ চলোৱা উচ্ছেদ অভিযান মঙলবাৰে জিলা প্ৰশাসনে সফলতাৰে সম্পূৰ্ণ কৰে । অভয়াৰণ্যখনৰ অন্তৰ্গত অবৈধ বসতি দখলমুক্ত কৰি প্ৰায় ৬,২০০ বিঘা ভূমি পুনৰ উদ্ধাৰ কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছিল ।

প্ৰশাসনৰ তথ্য অনুসৰি, প্ৰায় ৭১০টা পৰিয়ালে অভয়াৰণ্যখনৰ ভিতৰত অবৈধভাৱে বসতি স্থাপন কৰি দীৰ্ঘদিন ধৰি কৃষিকাৰ্য কৰি আহিছিল ৷ লগতে উক্ত পৰিয়ালকেইটাই বৃহৎ পৰিমাণৰ সংৰক্ষিত ভূমি নিজৰ দখলত ৰাখিছিল । দুদিনীয়া অভিযানত এই সকলো অবৈধ বসতি উচ্ছেদ কৰি ভূমিখিনি সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হয় ।

Completes eviction drive
বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান (ETV Bharat Assam)

উচ্ছেদ অভিযানৰ দ্বিতীয় দিনটোত তেজপুৰৰ পৰা শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত থাকি অভিযানৰ নিৰীক্ষণ কৰে । দ্বিতীয় দিনা পুৱা ৯ বজাৰ পৰা এই অভিযান আৰম্ভ কৰা হয় ।

বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত এই অভয়াৰণ্যখনত একাংশ সন্দেহজনক লোকে অবৈধভাৱে ঘৰ সাজি কৃষিকাৰ্য চলাই অহাৰ অভিযোগ উত্থাপন হৈছিল । সেই অভিযোগৰ ভিত্তিতে প্ৰশাসনৰ বুলড’জাৰ আৰু অন্যান্য যন্ত্ৰপাতিৰ সহায়ত ৭১০টা পৰিয়ালৰ গৃহ উচ্ছেদ কৰাৰ লগতে কৃষিভূমিখিনিও বেদখলৰ পৰা মুক্ত কৰা হয় ।

জেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই কয়, ‘‘দ্বিতীয় দিনৰ অভিযানত সম্পূৰ্ণ এলেকা বেদখলৰ পৰা মুক্ত কৰা হয় । এই সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই ৷’’

জানিব পৰা মতে, শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ আৰু ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ জামুকটল, আৰিমাৰী, চিয়ালীচৰ, বাঘেটাপু, গলটিডুবি, লাঠিমাৰী, কুন্ডুলীচৰ, পূব ডুব্ৰামাৰী আৰু বাতলিচৰ আদি অঞ্চলত অবৈধভাৱে বসবাস কৰা পৰিয়ালসমূহক উচ্ছেদ কৰি ৬,২০০ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে ।

Completes eviction drive
উচ্ছেদ অভিযানৰ তথ্য (ETV Bharat Assam)

এই অভিযান শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ পৰিকল্পিত নেতৃত্বত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ পৰিচালনাত কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত চলোৱা হয় । দুদিনীয়া অভিযানত ৩০০ৰো অধিক আৰক্ষী কৰ্মী মোতায়েন কৰাৰ লগতে ৩৬খন এক্সকেভেটৰ আৰু ৬০খন ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয় ।

তেজপুৰ আৰু ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অধীনত থকা এই অঞ্চলত বিগত ৩০ বছৰ ধৰি অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলে বিভিন্ন ৰবি শস্যৰ খেতি কৰিছিল । বহু বিঘা ভূমিত বিশেষকৈ বিলাহী, কবি, মটৰ, বেঙেনা আদিৰ খেতি কৰি আহিছিল । জিলা প্ৰশাসনে এই সকলোবোৰ উচ্ছেদ কৰি ভূমিসমূহ বন বিভাগৰ অধীনলৈ আনে ।

Completes eviction drive
বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত হ’ল বুঢ়াচাপৰি (ETV Bharat Assam)

শোণিতপুৰ জিলাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা জিলাখনৰ বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলৰ উত্তৰ অংশৰ প্ৰথম সংযোজন আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ২য় সংযোজনৰ মুঠ ৮৩০ হেক্টৰ বেদখল ভূমিত বসতি স্থাপন কৰা লোকলৈ ২০২৫ চনৰ নৱেম্বৰ মাহত জাননী জাৰি কৰিছিল । উক্ত ভূমিত বসতি স্থাপন কৰা লোকসকলক জাননী জাৰি কৰা ১৫ দিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ শোণিতপুৰৰ জিলা প্ৰশাসনে জাননীৰ জৰিয়তে নিৰ্দেশ প্ৰদান কৰিছিল ।

বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ১ম সংৰক্ষণ এলেকাত প্ৰায় ৭১০ গৰাকী পৰিয়ালে বসতি স্থাপন কৰি আহিছে বুলি তেজপুৰ ৰাজহ চক্ৰ বিষয়া মাধুৰ্য বুঢ়াগোহাঁই জানিবলৈ দিয়ে ।

আনহাতে জাননিত উল্লেখ আছিল যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্র সংৰক্ষিত বনাঞ্চল আৰু পশ্চিমফালে কোচমৰা সংৰক্ষিত বনাঞ্চল আগুৰি আছে ৷ সেই ভূমি চৰকাৰে ক্ষতিপূৰণমূলক সংৰক্ষিত বনানিকৰণ বনাঞ্চল (Compensatory Afforestation Reserve area) হিচাবে ঘোষণা কৰে ৷

Completes eviction drive
বেদখলকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হ’ল বুঢ়াচাপৰিৰ ৬,২০০ বিঘা ভূমি (ETV Bharat Assam)

এই ভূমিত নীতি বৰ্হিভূঃতভাৱে বেদখল কৰা দৃষ্টি গোচৰ হৈছে । সেইবাবে উচ্চতম ন্যায়ালয়ৰ ৰিত আবেদন (Civil) নং ২৯৫/২০২২ ত উল্লেখিত দিশসমূহ লক্ষ্য ৰাখি অসম চৰকাৰৰ জাননী নং R LR -162/2008 /25 তাৰিখ 06/02/2010 ৰ ক্ষমতাৰ ভিত্তিত অসম ভূমি ৰাজহ অধিনিয়ম ১৮৮৬ ৰ পট্টন বিধি ১৮ (২) ১৮ (৩) ৰ অধীনত জাননী জাৰি কৰা হৈছিল ৷

লগতে ১৫ দিনৰ ভিতৰত শোণিতপুৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কি পৰিস্থিতিত সেই ঠাইত ঘৰ, দোকান, বিল্ডিং আৰু কৃষি কাৰ্য কৰিছে তাৰ সবিশেষ তথ্য সহকাৰে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল ৷ বিগত ১২ ডিচেম্বৰৰ দিনা সেইসমূহ শুনানি কৰা হৈছিল ।

এই শুনানি মতে, যদি বেদখলৰকাৰী বুলি প্ৰমাণ হয় তেন্তে ১৫ দিনৰ ভিতৰতে সেইসমূহ খালি কৰিব লাগিব অন্যথা প্ৰশাসনে বিধি অনুসৰি উচ্ছেদ অভিযান চলাব বুলি জাননি জাৰি কৰা হৈছিল ।

Completes eviction drive
দুদিনীয়া অভিযানৰে বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযান সম্পূৰ্ণ (ETV Bharat Assam)

উল্লেখযোগ্য যে, বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত বিগত ২০২৩ চনত শোণিতপুৰ জিলা প্ৰশাসনে তিনিদিনীয়াকৈ কৰা উচ্ছেদ অভিযানত মুঠ ২০৯৯ হেক্টৰ ভূমি বেদখলকাৰীৰ কৱলৰ পৰা মুকলি কৰিছিল ৷ জিলা প্ৰশাসনৰ সেই সময়ৰ তথ্য অনুসৰি ইয়াৰ ভিতৰত ১২২৮ হেক্টৰ বনভূমি আৰু ৮১৭ হেক্টৰ চৰকাৰী ভূমি, মুঠ ২৫৫৩ টা ঘৰ আৰু ১২৭৬৫ জন লোকক সেই সময়ত উচ্ছেদ কৰা হৈছিল ।

তথ্য মতে, বুঢ়াচাপৰিত মুঠ ১৮৯২ হেক্টৰ ভূমিত ২৫৫৩ টা ঘৰ, ১১,৬১০ জন লোকে বেদখলৰ কৰি আছিল । উক্ত অঞ্চলত জনবসতি হোৱাৰ বাবে বন্যপ্ৰাণীসমূহ দেখা পোৱা নাছিল ৷ উচ্ছেদৰ এদিন পিছতে বুঢ়াচাপৰিত বনৰীয়া ম'হ, হাতী আদি বিচৰণ কৰা দেখা গৈছিল ।

তাৰ পাছত ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ ৩ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুনৰ তিনিটা সংযোজন কৰা হৈছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰু ব্যঘ্র প্ৰকল্পক সামৰি অসম চৰকাৰে তিনিটা নতুন সংযোজন কৰে । ইয়াৰে ৭তম, ৮ম আৰু ৯ম সংযোজন সামৰি লোৱা হয় নগাঁও আৰু শোণিতপুৰ জিলাৰ কেবাটাও অংশ ।

Completes eviction drive
বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত হ’ল বুঢ়াচাপৰি (ETV Bharat Assam)

এই তিনিটা সংযোজন মুঠ এলেকা এনেধৰণৰ-

  • ৭তম সংযোজন ১৭৬ হেক্টৰ দেউচৰা পালখোবা সংশ্লিষ্ট ৰিজাৰ্ভ ফৰেষ্ট, নগাঁও জিলা
  • ৮ তম সংযোজন মুঠ ৩০৭ হেক্টৰ বান্দৰডুবি, নগাঁও জিলা
  • ৯ম সংযোজন মৌখোৱা চাপৰি শোণিতপুৰ জিলা

মুঠ ২৫৭০ হেক্টৰ ভূমি সামৰি লোৱা হৈছে ৷

উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৩০ বৰ্গ কিলোমিটাৰ সামৰি আৰু ইয়াৰ ভিতৰত ষষ্ঠ সংযোজন শোণিতপুৰ আৰু বিশ্বনাথ জিলা সামৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে সংযোজিত হৈ আছে ।

লগতে পঢ়ক : বুঢ়াচাপৰি অভয়াৰণ্যত ৬,২০০ বিঘা মাটিত বেদখল, চলিল প্ৰশাসনৰ বুলড'জাৰ

লগতে পঢ়ক : বছৰৰ শেষত জানো আহক চৰকাৰৰ উচ্ছেদৰ কিছু তথ্য

Last Updated : January 7, 2026 at 9:41 AM IST