ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ৰ দুৰ্নীতিৰ লগত জড়িতই শাস্তি পাবই লাগিব : ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য

জ্য়েষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাবে দায়িত্ব গ্ৰহণৰ পিচতেই সমস্য়া সমাধানৰ আশ্বাস । ইটিভি ভাৰতক ক'লে দুৰ্নীতিৰ কথা ।

Tezpur University Acting VC Dhruba Kumar Bhattacharya
তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 7, 2025 at 6:06 PM IST

5 Min Read
Choose ETV Bharat

তেজপুৰ : ঐতিহাসিক অসম আন্দোলনৰ প্ৰেক্ষাপটত ৮৫৫ গৰাকী শ্বহীদৰ বলিদানৰ পিছত অসমে লাভ কৰা উত্তৰ অসমৰ অগ্রণী শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ত ৭৫ দিনেই সৃষ্টি হয় অচলাৱস্থাৰ । ইয়াৰ পিছত বিশ্ববিদ্যালয়খনৰ সংবিধান অনুসৰি জ্য়েষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাবে দায়িত্ব গ্ৰহণ কৰে ।

দায়িত্বভাৰ লোৱাৰ পিচতেই ভাৰপ্ৰাপ্ত উপাচাৰ্যগৰাকীয়ে ইটিভি ভাৰতক এক আছুতীয়া সাক্ষাৎকাৰত বিশ্ববিদ্যালয়খনৰ অনিয়ম-দুৰ্নীতিৰ লগত সাঙোৰ খাই থকা কোনো এজন ব্যক্তি সাৰি যাব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে ।

ভাৰপ্ৰাপ্ত উপাচাৰ্য ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

এনে ঘটনা কেতিয়াও হোৱা নাই :

ভাৰপ্ৰাপ্ত উপাচাৰ্য ভট্টাচাৰ্যই কয়, "যোৱা ২২ ছেপ্টেম্বৰৰ পৰা এই ৭৫টা দিনত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰী, শিক্ষকমণ্ডলী আৰু কৰ্মচাৰীয়ে এটি জটিল সময়ৰ মাজেৰে পাৰ কৰিছে । ল'ৰা-ছোৱালীৰ দুৰ্দশা দেখি সঁচাকৈয়ে আমাৰ অন্তৰ ভাগি গৈছে । তেওঁলোকে দিনে-ৰাতিয়ে যিদৰে আন্দোলত জড়িত হৈছে এজন দুৰ্নীতিগ্ৰস্ত উপাচাৰ্যৰ বিৰুদ্ধে, সঁচাকৈয়ে আগতে নোহোৱা ঘটনা । মই ১৯৯৫ চনৰ পৰা ৩০ বছৰ সম্পূৰ্ণ কৰিলো,এনেকুৱা ঘটনা আগতে দেখা নাই । মই আগতেও ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব পালন কৰিছো । বিশ্ববিদ্যালয়খনৰ সকলো কথা মই জানো; কিন্তু এনে ঘটনা কেতিয়াও হোৱা নাই ।"

এইখন বিশ্ববিদ্যালয় সকলোৰে মৰমৰ বুলি উল্লেখ কৰি ভাৰপ্ৰাপ্ত উপাচাৰ্য ভট্টাচাৰ্যই কয়, "এইখন কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিভিন্ন দেশ আৰু দেশৰ বাহিৰৰ ছাত্র-ছাত্ৰীৰ বিশ্ববিদ্যালয় । এনে এখন বিশ্ববিদ্যালয়ত ৭৫ টা দিন জটিল সময়ৰে পাৰ কৰি এক ঐতিহাসিক ক্ষণত আহি উপস্থিত হৈছো । লোকসভাত গৃহীত হোৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন ১৯৯৩ অনুসৰি আমাৰ আইনত এটা প্ৰভিচন আছে যে উপাচাৰ্যগৰাকী যদি বেছিদিন কাৰ্যালয়ত নাথাকে তেতিয়া যিগৰাকী প্ৰো উপাচাৰ্য থাকে তেওঁ সেই দায়িত্ব পালন কৰিব । যদি প্ৰ' উপাচাৰ্য নাথাকে তেতিয়া যিগৰাকী জ্য়েষ্ঠ অধ্যাপক থাকিব তেওঁ উপাচাৰ্যৰ আসন গ্ৰহণ কৰিব বা দায়িত্ব পালন কৰিব ।"

Tezpur University
তেজপুৰ বিশ্ববিদ্যালয় (ETV Bharat Assam)

"সেই মৰ্মে ছাত্র- ছাত্ৰী আৰু শিক্ষক সকলোৰে অনুৰোধ মৰ্মে মই দেখিলো যে ৭৫ টা দিন কম সময় নহয়, সকলো ফাইল স্তব্ধ হৈ গৈছে, বিভাগ সমূহ বন্ধ হৈছে । যিহেতু এইখন এখন গৱেষণামূলক প্ৰতিষ্ঠান, গতিকে সকলো কাম বন্ধ হৈ পৰাটো অসুবিধাৰ সন্মুখীন হৈছে ছাত্র-ছাত্ৰী সকলে সেইবাবেই তেওঁলোকৰ অনুৰোধ অনুসৰি মই এই দায়িত্ব গ্ৰহণ কৰিলো ।"এইদৰে কয় ভাৰপ্ৰাপ্ত উপাচাৰ্য ভট্টাচাৰ্যই ।

সমস্য়া সমাধানত দিব গুৰুত্ব :

তেওঁ কয়, "মোৰ প্ৰথম কাম হ'ব ছাত্র-ছাত্ৰীসকলৰ পৰীক্ষা সোমবাৰৰ পৰা অনুষ্ঠিত কৰাটো আৰু ছাত্র-ছাত্ৰীসকলৰ স্কলাৰশ্বিপসমূহ পোৱাৰ ব্যৱস্থা কৰা, হোষ্টেলৰ সমস্যাৰ সমাধান কৰা, বিশেষকৈ মোৰ বাবে ছাত্র-ছাত্ৰী আৰু তেওঁলোকৰ সমস্যা সমাধান কৰাটো প্ৰথম হ'ব । বিশেষকৈ সুস্থ বাতাবৰণ যি ব্যৱস্থা পূৰ্বতে আছিলে সেইটো সোনকালে ঘূৰাই আনাটো প্ৰয়োজন আছে ।"

দোষীয়ে শাস্তি পাবই লাগিব :

বিশ্ববিদ্য়ালয়খনত সংঘটিত দুৰ্নীতি সন্দৰ্ভত কেনেধৰণৰ ব্য়ৱস্থা গ্ৰহণ কৰা হ'ব বুলি সোধা প্ৰশ্নৰ উত্তৰত ভাৰপ্ৰাপ্ত উপাচাৰ্য ভট্টাচাৰ্যই কয়, "সময়ে সময়ে চিএজি অডিত হয় আৰু কিবা আঁসোৱাহ পালে সেইবোৰ পাৰাত অন্তৰ্ভুক্ত কৰে । সেইমৰ্মে এই কথাবোৰ ওলাইছে । কিছুমান শিক্ষক-কৰ্মচাৰীয়ে বাধ্য় হৈ এইগৰাকী উপাচাৰ্যৰ দিনত কিছুমান নকৰিবলগীয়া কাম কৰিছে যিবোৰ এতিয়া আমাক তেওঁলোকে জনাইছে । যিহেতু এয়া দুৰ্নীতি হৈছে বুলি স্পষ্ট হৈছে, গতিকে ইয়াৰ বিচাৰ হ'ব লাগিব । চৰজমিন তদন্তৰ বাবে মন্ত্ৰালয়ে কমিটী পঠিয়াব লাগিব । তেজপুৰৰ নাগৰিক সমাজৰ উদ্য়োগতো চি ভি চিত এটা অভিযোগ দিয়া হৈছিল আৰু সেইটো পঞ্জীয়ন হৈছে । দুৰ্নীতিৰ বিচাৰ হোৱাৰ লগতে দোষীয়ে শাস্তি পাবই লাগিব ।"

জেম প'ৰ্টেলৰ দ্বাৰা অনলাইনত কিনা হয় সামগ্ৰী :

উপাচাৰ্যগৰাকীয়ে বিশ্ববিদ্য়ালয়খনৰ বাবে প্ৰয়োজনীয় আচবাব বা সামগ্ৰী উচ্চ হাৰত ক্ৰয় কৰা সন্দৰ্ভত ভাৰপ্ৰাপ্ত উপাচাৰ্য ভট্টাচাৰ্যই কয়, "মই আগতে প্ৰো উপাচাৰ্য আছিলো । সাধাৰণতে এই সামগ্ৰীসমূহ জেম প'ৰ্টেলৰ দ্বাৰা অনলাইনত কিনা হয় । এই পৰ্টেলত ৰাজহুৱাকৈ নিবিদা দিয়া হয় আৰু আটাইতকৈ কম নিবিদা যিয়ে প্ৰেৰণ কৰে তেওঁৰ পৰা আমি বস্তু ক্ৰয় কৰো । যদি এই পদ্ধতি অৱলম্বন নকৰি আমি শুনা মতে তেওঁলোকে এই সমূহ বজাৰৰ পৰা ক্ৰয় কৰিছে তেতিয়া সেইটো নিয়ম বহিৰ্ভূত হৈছে । যিমানেই প্ৰায়োজন নহওক কিয়, যিহেতু এইখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় গতিকে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতিৰ মতেহে আমি যাব লাগিব ।"

উপাচাৰ্যই ছুটী লোৱা প্ৰসংগত তেওঁ কয়, "এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ছুটী ৩০ দিন ল'ব পাৰে । তাৰ উপৰি অতিৰিক্ত ২০ দিন ল'ব পাৰে; কিন্তু সেইটো আচাৰ্যৰ অনুমতি লৈহে কৰিব পাৰে ।"

লগতে পঢ়ক:লিখিত প্ৰতিশ্ৰুতি দিহে ওলাই যাব পাৰিলে কেন্দ্ৰীয় উচ্চশিক্ষাৰ দল, কি আছে লিখিত প্ৰতিশ্ৰুতিত ?

তেজপুৰ বিশ্ববিদ্যালয়ত আবদ্ধ কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষাৰ প্ৰতিনিধি; উপাচাৰ্যক বৰ্খাস্তৰ দাবী ছাত্র সমাজৰ