ETV Bharat / state

কোনেও নকৰা এটা ব্যতিক্ৰমী চিন্তা: এটকাও নিদিয়াকৈ গ্ৰন্থমেলাৰ পৰা লৈ যাব পাৰিব আপোনাৰ প্ৰিয় গ্ৰন্থখন

গ্ৰন্থমেলাত বিনামূলীয়াকৈ পাব গ্ৰন্থ । ৰাজ্যৰ ভিন্ন স্থানৰ পৰা এই গ্ৰন্থমেলালৈ আহিছে গ্ৰন্থ । পিছে ক'ত এই গ্ৰন্থমেলা ? এক প্ৰতিবেদন ।

Book fair will be held in Lakhimpur, books that can be purchased for free
বিনামূলীয়া গ্ৰন্থমেলাৰ বাবে সংগৃহীত গ্ৰন্থ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 4:26 PM IST

4 Min Read
Choose ETV Bharat

লখিমপুৰ: গ্ৰন্থমেলাৰ পৰা আপুনি নিশ্চয় গ্ৰন্থ ক্ৰয় কৰিছে । পিছে গ্ৰন্থমেলাৰ পৰা বিনামূলীয়াকৈ গ্ৰন্থ নিব পাৰিনে ? নিশ্চয় নোৱাৰি । কিন্তু লখিমপুৰত অনুষ্ঠিত হ'ব এখন গ্ৰন্থমেলা ।

যিখন গ্ৰন্থমেলাৰ পৰা আপুনি এপইচাও নিদিয়াকৈ যি কোনো মূল্যৰ বা যি কোনো আকাৰৰ এখন গ্ৰন্থ লৈ যাব পাৰিব । জুবিন গাৰ্গৰ স্মৃতিত অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এখন বিনামূলীয়া গ্ৰন্থমেলা ।

লখিমপুৰত অনুষ্ঠিত হ'ব বিনামূলীয়া গ্ৰন্থমেলা (ETV Bharat Assam)

অবিশ্বাস্য যেন লাগিলেও সঁচা । আপুনি এই গ্ৰন্থমেলাৰ পৰা এটকাও নিদিয়াকৈ লৈ যাব পাৰিব এখন গ্ৰন্থ । যি কোনো মূল্যৰ বা যি কোনো আকাৰৰ এখন গ্ৰন্থ বিনামূলীয়াকৈ লৈ যাব পাৰিব । ছাত্র-ছাত্রী বা পঢুৱৈ সকলোৱে গ্ৰন্থমেলাখনৰ পৰা বিনামূল্যে গ্ৰন্থ লৈ যাব পাৰিব । এই বিনামূলীয়া গ্ৰন্থমেলাখন অনুষ্ঠিত হ'ব লখিমপুৰৰ আজাদত অহা ৭ ডিচেম্বৰত । এনে অবিশ্বাস্য কথাটোৰ বাস্তব ৰূপ দিয়াৰ দিশে মৰসাহ কৰি আগবাঢ়িছে কেইজনমান যুৱক-যুৱতীয়ে ।

পথৰ পুথিভঁৰাল নামৰ এটা অনুষ্ঠানৰ জৰিয়তে যোৱা প্ৰায় পাঁচ বছৰে ৰাজ্যৰ ভিন্ন স্থানত গ্ৰন্থৰ সৌৰভ বিলাই অহা এইসকল যুৱক-যুৱতীয়ে এইবাৰ মৰসাহ কৰিছে বিনামূলীয়াকৈ এখন গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ । দহ হেজাৰৰো অধিক গ্ৰন্থৰে গ্ৰন্থ বিপণি মেটমৰাকৈ সজাই ৰাখি প্ৰতিজন পঢুৱৈক এখনকৈ আৰু প্ৰতিগৰাকী ছাত্র-ছাত্রীক দুখনকৈ গ্ৰন্থ বিনামূলীয়াকৈ দিয়াৰ প্ৰস্তুতি কৰিছে । গ্ৰন্থমেলাখন উৎসৰ্গা কৰা হৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ।

আজাদৰ নৱজ্যোতি ৰংগমঞ্চৰ চৌহদত ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব জুবিন গাৰ্গ সোঁৱৰণী বিনামূলীয়া গ্ৰন্থমেলাখন । এই সন্দৰ্ভত মেলাখনৰ অন্যতম উদ্যোক্তা জীৱন্ত শইকীয়াই কয়, "আমি জুবিন গাৰ্গৰ সোঁৱৰণীত এই বিনামূলীয়া গ্ৰন্থমেলাখনৰ আয়োজন কৰিছোঁ । গুৱাহাটীৰ পৰা লখিমপুৰলৈ বিভিন্ন স্থানত আমাৰ যুৱক-যুৱতীয়ে বাহৰ পাতি গ্ৰন্থ সংগ্রহ কৰি আছে । আমি দহ হেজাৰ গ্ৰন্থ গ্ৰন্থমেলাখনত উপলব্ধ কৰিম বুলি লক্ষ্য লৈছিলোঁ যদিও ইয়াৰ সংখ্যা আৰু বৃদ্ধি হ'ব ।"

তেওঁ আৰু কয়, "আমি লক্ষ্য কৰিছোঁ যে ছাত্র-ছাত্রীসকলে মন থাকিলেও বহু সময়ত গ্ৰন্থমেলালৈ গৈ নিজৰ পচন্দৰ গ্ৰন্থ এখন কিনি আনিব নোৱাৰে । একেদৰে বহু পঢুৱৈৰো একেই সমস্যা । সেয়ে আমি অসমত প্ৰথমবাৰৰ বাবে এনে অভিনৱ পন্থা বাচি ল'লোঁ । প্ৰাণৰ শিল্পীগৰাকীৰ নামত উৎসৰ্গা কৰি আমি বিনামূলীয়াকৈ গ্ৰন্থমেলাখনৰ পৰা হেজাৰ হেজাৰ কিতাপ বিনামূলীয়াকৈ প্ৰদান কৰিম । ইতিমধ্যে বহু হেজাৰ গ্ৰন্থ সংগ্রহ কৰা হৈছে । বহু শুভাকাংখীয়ে আমাক ন-পুৰণি গ্ৰন্থ প্ৰদান কৰাৰ উপৰিও বিভিন্ন ধৰণে সহযোগ কৰিছে, আমাক উৎসাহিত কৰিছে ।"

গ্ৰন্থমেলাৰ দিনা ছাত্র-ছাত্রীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বক্তৃতা অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে । এনে অনুষ্ঠানসমূহত ৰাজ্যৰ সাহিত্য, সংবাদজগতৰ কেইবাজনো বিশিষ্ট ব্যক্তিক অংশগ্রহণ কৰা বাবে তেওঁলোকে নিমন্ত্রণ জনাব । লগতে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ লগতো তেওঁলোকে যোগাযোগ কৰিছে । তেওঁলোকৰ আশা- গৰিমা শইকীয়া গাৰ্গৰ হাতেৰেই জুবিন গাৰ্গৰ স্মৃতিত আয়োজন কৰা এই গ্ৰন্থমেলাখন উদ্বোধন কৰিব ।

ৰাইজে নখ জোকাৰিলে নৈ বয় । অসমীয়া সমাজত প্ৰচলিত এই আপ্তবাক্যশাৰী ৰাইজৰ সহযোগত অসমত প্ৰথমবাৰৰ বাবে বিনামূলীয়া গ্ৰন্থমেলা আয়োজন কৰি পুনৰবাৰ প্ৰতীয়মান কৰিব খুজিছে লখিমপুৰৰ কেইগৰাকীমান সমাজ সচেতন যুৱক-যুৱতীয়ে । তেওঁলোকে কেৱল এবাৰেই নহয় । জুবিন গাৰ্গৰ স্মৃতিত প্ৰতিবছৰে এনেদৰে বিনামূলীয়া গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সংকল্প লৈছে । ৰাইজেও তেওঁলোকৰ এনে ব্যতিক্রমী বৌদ্ধিক যাত্রাক শুভেচ্ছা জনাইছে ।

লগতে পঢ়ক: ভেণ্ডিং জ'নত সন্দেহযুক্ত লোকৰ ঠাইত উদ্যমী মহিলাসকলক অগ্ৰাধিকাৰ দিব চৰকাৰে

দিল্লীৰ ঘটনাক লৈ সামাজিক মাধ্যমত পোষ্ট: লখিমপুৰত দুজনক গ্ৰেপ্তাৰ