ETV Bharat / state

কৌন বনেগা কৰোড়পতি’ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভুৱা ভিডিঅ’ প্ৰস্তুত: মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সতৰ্কীকৰণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুষ্ট চক্ৰৰ ষড়যন্ত্ৰমূলক ভুৱা ভিডিঅ’ প্ৰস্তুত ৷ এই ভিডিঅ’ৰে ভুৱা তথ্য সৃষ্টি বা প্ৰচাৰকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ ।

Assam CM Fake KBC Video
কৌন বনেগা কড়োৰপতি’ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভুৱা ভিডিঅ’ প্ৰস্তুত (CMO Assam FB Page)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 11:55 PM IST

|

Updated : November 27, 2025 at 10:26 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ সামাজিক মাধ্যমত হঠাৎ বিয়পি পৰিছে এটি ভিডিঅ’ ৷ বিগ-বি অমিতাভ বচ্চনে আঁত ধৰা 'কৌন বনেগা কৰোড়পতি’ত (KBC) অসমৰ মুখ্যমন্ত্ৰীৰ নাম । অমিতাভ বচ্চনে প্ৰতিযোগীক সুধিছে যে দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজন কোন ? উত্তৰত দিয়া হৈছে চাৰিটি বিকল্প । প্ৰতিযোগীয়ে উত্তৰ দিছে ‘অপচন বি’, য’ত উল্লেখ আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷

অমিতাভ বচ্চনে কৈ উঠিছে সম্পূৰ্ণ শুদ্ধ উত্তৰ । অৰ্থাৎ ভিডিঅ’বোৰ যোগেদি ক’ব খোজা হৈছে দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা । কিন্তু এয়া কৃত্ৰিম বুদ্ধিমত্তাৰে (AI) নিৰ্মিত এক ভুৱা ভিডিঅ’হে । কোনো এক দুষ্ট চক্ৰই সামাজিক মাধ্যমযোগে এই দুঃঅভিসন্ধিমূলক ভিডিঅ’ প্ৰস্তুত কৰি এৰি দিছে সামাজিক মাধ্যমত ৷

এই ভাইৰেল হোৱা AI ভিডিঅ’টো যে এক সম্পূৰ্ণ ভুৱা সেই কথা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম X আৰু ফেচবুকযোগে স্পষ্ট কৰিছে ।

Assam CM Fake  KBC Video
কৌন বনেগা কড়োৰপতি’ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভুৱা ভিডিঅ’ প্ৰস্তুত (X@CMOfficeAssam)

এই ভুৱা বাতৰিৰ কথা এইদৰে সদৰী কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে, “ইণ্টাৰনেটত কিছুলোকে উদ্দেশ্যপ্ৰণোদিতভাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কিছু ভুৱা আৰু ভুল বাতৰি প্ৰচাৰ কৰি আছে । এই দাবী সম্পূৰ্ণৰূপে মিথ্যা আৰু ভিত্তিহীন । সকলোলৈ অনুৰোধ এনেকুৱা ভিত্তিহীন ছবি, ভিডিঅ' আদি শ্বেয়াৰ কৰা পৰা বিৰত থাকক আৰু সতৰ্ক থাকক ।”

“এই ধৰণৰ ভুৱা তথ্য সৃষ্টি বা প্ৰচাৰকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব”—বুলি লগতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে স্পষ্ট কৰি দিয়ে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা অনুসৰি অসম আৰক্ষীৰ চাইবাৰ চেলে ইতিমধ্যে নিজাববীয়াকৈ এই ভুৱা ভিডিঅ’ প্ৰচাৰৰ আঁৰত কোন আছে তাৰবাবে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : সন্দেহজনক পৰিস্থিতিত ইমৰাণ খানৰ মৃত্যু; স্পষ্ট কৰিলে ফেক্ট-চেক ইউনিটে

Last Updated : November 27, 2025 at 10:26 AM IST