ডি এফ অ'ৰ ঘৰত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান: ধনে-সম্পত্তিয়ে বন বিষয়া কুশল গজগজীয়া
পুৱা ৮ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ প্ৰায় দহ ঘণ্টাজুৰি চলিল অভিযান ৷ জব্দ নগদ ধন আৰু বহু আপত্তিজনক তথ্য-পাতি ।

Published : January 20, 2026 at 8:04 PM IST
গুৱাহাটী: দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যৰ বিজেপি চৰকাৰখন । বিশেষকৈ বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত দুৰ্নীতিগ্ৰস্ত বিষয়া, কৰ্মচাৰী, ঘোচখোৰ বিষয়া, আয় বৰ্হিভূত সম্পত্তি কৰা বিষয়াসকলৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত আছে ।
শেহতীয়াকৈ দুৰ্নীতি নিবাৰক বিভাগ, চি আই ডি, চি এম ভিজিলেন্স, আৰক্ষী প্ৰশাসন বিভাগৰ তৰফৰ পৰা বিগত সময়ত চলোৱা এই অভিযানকালত কেইবাগৰাকীও দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া, বন বিষয়া, ৰাজহ বিষয়া, আয়ুক্ত, লাট মণ্ডল আদি গ্ৰেপ্তাৰ হৈ ৰঙাঘৰৰ ভাত খাবলগা হৈছে । সমান্তৰালকৈ মঙলবাৰে মুখ্যমন্ত্ৰী তদাৰকী বিভাগ চমুকৈ চি এম ভিজিলেন্সে অভিযান চলালে গুৱাহাটী মহানগৰীৰ এজন বন বিষয়াৰ বাসগৃহত ।
মঙলবাৰে বন বিভাগৰ ডি এফ অ' কুশল কোঁৱৰ ডেকাৰ গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াস্থিত বাসগৃহটোত পুৱা ৮ বজাত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান চলিল । গুৱাহাটীৰ মঠঘৰীয়াস্থিত বড়ো চকৰ গৃহ নং ২১৩ নম্বৰৰ বন বিষয়া কুশল কোঁৱৰ ডেকাৰ বাসগৃহটোত মঙলবাৰে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ প্ৰায় দহ ঘণ্টাজুৰি মুখ্যমন্ত্ৰী তদাৰকী বিভাগৰ অভিযান চলিল ।
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে বন বিষয়া কুশল কোঁৱৰ ডেকাৰ বিৰুদ্ধে আয়বৰ্হিভূত সম্পত্তিৰ বাবে মুখ্যমন্ত্ৰী তদাৰকী কোষত এক গোচৰ ৰুজু হৈছিল । বন বিষয়া কুশল কোঁৱৰ ডেকাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী বিভাগত ০১/২০২৬ নম্বৰত এক গোচৰ ৰুজু হৈছিল । সেই গোচৰৰ ভিত্তিত চি এম ভিজিলেন্সে বন বিষয়া কুশল কোঁৱৰ ডেকাৰ বাসগৃহত এই অভিযান চলায় ।

পুৱা ৮ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ প্ৰায় দহ ঘণ্টাজুৰি চলোৱা এই অভিযানৰ অন্তত অভিযানকাৰী দলটোৱে বন বিষয়াগৰাকীৰ বাসগৃহৰ পৰা নগদ তিনি লাখ টকা, সোণৰ আ-অলংকাৰ, লগতে বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰে । অভিযানৰ অন্তত অভিযানকাৰী দলটোৱে সংবাদ মাধ্যমৰ কেমেৰাৰ আগত কোনো কথা সদৰী নকৰিলেও এক বিশেষ সূত্ৰৰ পৰা এই তথ্য জানিব পৰা গৈছে ।
উল্লেখ্য যে, বন বিষয়া কুশল কোঁৱৰ ডেকাই চাকৰি কালত শিলচৰ, নগাঁও, দক্ষিণ কামৰূপ, বকো আৰু গুৱাহাটীৰ বশিষ্ঠ বন বিভাগৰ কাৰ্যালয়ত ৰেঞ্জাৰ হিচাপে কৰ্মৰত আছিল । পৰৱৰ্তী সময়ত ডি এফ অ' হিচাপে পদোন্নতি লাভ কৰি শিৱসাগৰত প্ৰায় আঠমাহ কৰ্মৰত হৈ আছিল আৰু শেহতীয়াকৈ গুৱাহাটী পাঞ্জাবাৰীস্থিত বন বিভাগৰ অৰণ্য ভৱনৰ কাৰ্যালয়ত ডি এফ অ' হিচাপে কৰ্মৰত হৈ আছিল ।
ইপিনে এক বিশেষ সূত্ৰৰ পৰা জানিব বন বিষয়াগৰাকীয়ে বৰাক উপত্যকাত কৰ্মৰত হৈ থকা অৱস্থাতে বহু বেনামী মাটি-সম্পত্তিৰ গৰাকী হোৱাৰ তথ্য লাভ কৰিছে তদাৰকী কোষে । আনহাতে বিষয়াগৰাকীৰ গুৱাহাটীৰ মঠঘৰীয়াত নিজা বাসগৃহ, ব্যৱসায়িক কমপ্লেক্স, পানীখাইটীত কেইবাবিঘা ভূমিৰ লগতে আন কেইবাটাও স্থানত মাটি-সম্পত্তি থকাৰ তথ্য লাভ কৰে অভিযানকাৰী দলটোৱে ।

