জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ বাসগৃহত চি এম ভিজিলেন্সৰ দল
জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ তীব্রতৰ এছ আই টিৰ তদন্ত । কাৰাবন্দী জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ বাসগৃহত চি এম ভিজিলেন্সৰ অভিযান ।

Published : October 24, 2025 at 5:35 PM IST
নগাঁও : জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উলিয়াবলৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এছ আই টিৰ অভিযান তীব্ৰতৰ হৈ পৰাৰ সময়ত শুকুৰবাৰে জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ বাসগৃহত অভিযান চলাই মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই । বিগত দহ অক্টোবৰতেই এছ আই টিৰ দলে গ্ৰেপ্তাৰ কৰিছিল জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক ।
জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ লগতে পৰেশ বৈশ্যক জেৰা চলোৱাৰ সময়তেই দুয়োগৰাকী দেহৰক্ষীৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰ তথ্য লাভ কৰিছিল এছ আই টিয়ে । ইতিমধ্যেই ৰাজহুৱা হৈছিল এই তথ্য । দুয়োগৰাকী দেহৰক্ষীক ১০ অক্টোবৰত গ্ৰেপ্তাৰ কৰি জেৰা চলোৱাৰ অন্তত ১৫ অক্টোবৰত বাক্সা জিলাত নৱনিৰ্মিত কাৰাগাৰলৈ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ।
সম্প্ৰতি ন্যায়িক জিম্মাত কাৰাগাৰত থকা দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ সম্পত্তিৰ হিচাপ বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই । জুবিন গাৰ্গৰ মৃত্যুৰ পাছত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থকা দুয়োগৰাকী দেহৰক্ষীৰ সম্পত্তিৰ হিচাপ বিচাৰি দেহৰক্ষী দুগৰাকীৰ বাসগৃহত শুকুৰবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ দল ।
জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্যৰ বাসগৃহৰ সমান্তৰালকৈ নন্দেশ্বৰ বৰাৰ নগাঁৱৰ ননৈস্থিত বাসগৃহত উপস্থিত হৈ অনুসন্ধান চলায় মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই । মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ পাঁচজনীয়া এটা দল শুকুৰবাৰে পুৱাতেই জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ ননৈৰ বাসগৃহত উপস্থিত হৈ প্ৰায় পাঁচ ঘণ্টা সময় অভিযান চলায় ।

বিশেষকৈ জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ সম্পত্তিৰ হিচাপ বিচাৰি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ দলে অভিযান চলোৱা বুলি বিভিন্ন মহলে ধাৰণা কৰিছে যদিও চি এম ভিজিলেন্সৰ দলে এই সন্দৰ্ভত সংবাদ মাধ্যমককোনো তথ্য অৱগত কৰা নাই ।
আনকি জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ বাসগৃহৰ পৰা চি এম ভিজিলেন্সৰ দলটোৱে কি কি তথ্য লাভ কৰিছে সেয়াও এই পৰ্যন্ত ৰাজহুৱা কৰা নাই তদন্তকাৰী দলটোৱে ।
প্ৰায় পাঁচঘণ্টীয়া অভিযানৰ অন্তত চি এম ভিজিলেন্সৰ দলটো জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰ বাসগৃহৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হয় ।

