গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ টোলগেট বিতৰ্ক আৰু গুৱাহাটীৰ পাহাৰত উচ্ছেদ : কি ক'লে মুখ্যমন্ত্রীয়ে
মুকলিৰ পূৰ্বেই গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙক লৈ সৃষ্টি হৈছে বিতৰ্ক । বিশেষকৈ টোলগেট স্থাপনক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Published : January 25, 2026 at 11:59 PM IST
গুৱাহাটী: ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং । তাৰ পূৰ্বে টোলগেটক লৈ সূচনা হৈছে বিতৰ্কৰ । এই বিতৰ্ক সন্দৰ্ভত দেওবাৰে গুৱাহাটীত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰে ।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, ‘‘মই দেখিছো দুই-এখন বাতৰি কাকতে বিষয়টো লিখিছে । এইটো এটা দুখৰ বিষয় । মই আজিৰ পৰা চাৰি মাহ আগতে কৈছিলো যে আমি বাছ আৰু ট্ৰাকৰ পৰা টোলকৰ ল’ম । চাইকেল, ৰিক্সা, অটো, চাৰিচকীয়া বাহনৰ পৰা টোলকৰ নলও । মোৰ সেই ষ্টেটমেণ্টতো প্ৰচাৰ হোৱাৰ পাছতো প্ৰতিদিন পেপাৰে বিষয়টো পকাই পেলাই কিয় প্ৰচাৰ কৰিলে ? এইটো বেয়া কথা । মই স্পষ্টভাৱে কৈছিলো যে আমি ট্ৰাক, বাছৰ পৰা পইচা ল’ম । গোটেই ট্ৰাক আৰু বাছবিলাক ফাঁচীবজাৰত উপস্থিত হ’লে গুৱাহাটীখন অচল হৈ পৰিব । সেইকাৰণে এই বিষয়টো বহু আগতে ঘোষণা কৰি থৈছো । তাৰপিছতো সকলোৰে পৰা পইচা লোৱা হ'ব বুলি প্ৰতিদিনে কিয় ক'ব লাগে ? ১৪ তাৰিখে উদ্বোধন হোৱাৰ পাছত কাৰো পৰা পইচা নল’লে লাজ নেপাব নেকি ! ৰাজনীতিকে অসত্য কথা ক'লে ক্ষমা খুজিব লাগে । মিডিয়াই অসত্য কথা ক'লে ক্ষমা খুজিব লাগে নে নাই ? তাৰ ওপৰত কিবা ব্যৱস্থা আছে নে নাই ? অসত্য কথা ক'ব নালাগে । এইবোৰ কথাত হাঁহি উঠে । ১৫ তাৰিখে গাড়ী চলিলে সকলোৱে গম পাই যাব যে পইচা দিব নালাগে । এনেদৰে অসত্য কথা কোৱা বাবে বাতৰি কাকতৰ চাৰ্কুলেচন কমি গৈছে ।’’
গুৱাহাটীৰ পাহাৰত মিঞা থাকিলে উচ্ছেদৰ জাননী দিয়া হ'ব, অসমীয়াক নহয়
গুৱাহাটীৰ পাহাৰত উচ্ছেদ চলিব বুলি চলা প্ৰচাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এইটো এটা মিছা প্ৰচাৰ চলোৱা হৈছে । যেতিয়া নিৰ্বাচনৰ দিনালৈ এটাও উচ্ছেদ নহ'ব, তেতিয়া গম পাব । অসমত উচ্ছেদ কেৱল মিঞাৰে হয় । অসমীয়াৰ কেনেকৈ উচ্ছেদ হ'ব । গতিকে এইটোও এটা অসত্য কথা প্ৰচাৰ কৰি থকা হৈছে । এইটোও এটা টেলিভিচন চেনেলে কৰি আছে । নিৰ্বাচনৰ দিনালৈ উচ্ছেদ নহ'লে পাহাৰৰ মানুহখিনিয়ে নক'ব জানো মিডিয়াই আমাক ইমান টেনচন দিলে বুলি । গুৱাহাটীৰ পাহাৰৰ ওপৰত যদি মিঞা আছে তেন্তে মিঞাৰ ওপৰত ন'টিচ জাৰি হ'ব । অসমীয়াৰ ওপৰত ন'টিচ নহয় । আমাৰ বিজেপি চৰকাৰৰ দিনত গুৱাহাটীৰ কোনটো পাহাৰত উচ্ছেদ হৈছে । ৰাইজক মিডিয়াই শংকিত কৰিছে । অপপ্ৰচাৰ মিডিয়াই কৰি আছে । এইবোৰ প্ৰচাৰ কৰাৰ বাবেই কাৰোবাৰ হাৰ্ট এটেক হয়, কাৰোবাৰ চুগাৰ বাঢ়ে, কাৰোবাৰ ষ্ট্ৰোক হয় । এইবোৰত মিডিয়াৰ দায়িত্ববোধ কি থাকিব । আমি বাৰে বাৰে কৈ আছো যে গুৱাহাটীত আমি মানুহক মাটিৰ পট্টা দি আছো । হাজাৰ হাজাৰ মানুহে পাহাৰত পট্টা পাই আছে । উচ্ছেদৰ কথা কোনেও কোৱা নাই ।’’

