ETV Bharat / state

নতুন ৰূপত উজলি উঠিব জিএমচিএইচ: নিৰ্মাণকাৰ্যৰ বুজ লৈ নক্সা সলনিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

দেওবাৰে জিএমচিএইচত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনৰ নিৰ্মীয়মান অট্টালিকাৰ কাম পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণত সংস্থা এনচিচিৰ লগতো কামৰ খতিয়ান সন্দৰ্ভত আলোচনা কৰে ।

CM Himanta visits GMCH
নতুন ৰূপত উজলি উঠিব জিএমচিএইচ (X handle @himantabiswa)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 7:13 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : নতুন ৰূপত উজলি উঠিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চমুকৈ জিএমচিএইচ । চাৰি হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নতুন ৰূপ দিয়াৰ কাম অব্যাহত থকা চিকিৎসালয়খন দেওবাৰে পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণ কাৰ্যৰ বুজ লয় । দেশৰ এখন অন্যতম আধুনিক স্বাস্থ্যসেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে ।

অত্যাধুনিক সুবিধা, উন্নত আন্তঃগাঁথনি আৰু অধিক মানসম্পন্ন চিকিৎসা সেৱাৰ লক্ষ্যৰে জিএমচিএইচক নতুন ৰূপ দিয়া হৈছে । দেওবাৰে জিএমচিএইচত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনৰ নিৰ্মীয়মান অট্টালিকাৰ কাম পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণত সংস্থা এনচিচিৰ লগতো কামৰ খতিয়ান সন্দৰ্ভত আলোচনা কৰে ।

নতুন ৰূপত উজলি উঠিব জিএমচিএইচ (ETV Bharat)

পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে সাধাৰণ জনতাৰ সৈতেও বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ সমস্যাৰ বুজ লয় । তেওঁলোকৰ কাৰোবাক লাগে যদি চিকিৎসা সাহায্য, আন কাৰোবাৰ লাগৰ ৰেচন কাৰ্ড । বিভিন্নজনে বিভিন্ন সমস্যাৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰত আৰ্জি দিয়ে ।

মুখ্যমন্ত্ৰীৰ পৰিদৰ্শন সন্দৰ্ভত জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই সংবাদ মাধ্যমৰ আগত কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিএমচিএইচৰ নিৰ্মীয়মান বিল্ডিং পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত নিৰ্মাণকাৰী সংস্থা এনচিচিৰ কৰ্তৃপক্ষৰে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে আৰু নক্সাৰ কিছু সালসলনি বিচাৰে । বৰ্তমান কাম চলি আছে । অহা আগষ্ট-ছেপ্টেম্বৰ মাহত এমএমচিএইচ মুকলি হ'ব । এমএমচিএইচ মুকলি হ'লে ৰোগীক চিকিৎসা কৰাৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰা হ'ব । ইতিমধ্যে প্ৰয়োজনীয় সা-সৰঞ্জামৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । নিৰ্মাণকাৰ্য চলি থাকিলে এমএমচিএইচলৈ ইয়াৰ কিছু ৰোগী লৈ যাব পৰা যাব । আনহাতে দুই-তিনি মাহ পাছত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ কাৰ্যক্ষম হৈ উঠিব । তাতো ৫০০ বিচনাৰ ব্যৱস্থা আছে । এমএমচিএইচত ৮০০ বিচনাৰ ব্যৱস্থা আছে । আমাৰ জিএমচিএইচত ১৮০০ বিচনা আছে । দুয়োখনতে ১৩০০ বিচনালৈ ৰোগী নিব পৰা যাব । গতিকে ৰোগীৰ কোনো অসুবিধা নোহোৱাকৈ কামখিনি কৰিব পৰা যাব । ৰাইজৰ যাতে কোনো অসুবিধা নহয় সেই কথা নিশ্চিত । জিএমচিএইচখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ সময়সীমা ৪২ মাহ ধাৰ্য কৰা হৈছে । নিশ্চয়কৈ ৪২ মাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব ।"

ইফালে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সামাজিক মাধ্যমত এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘‘২০২২ চনত যি সপোনেৰে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল; আজি সেই সপোন খোজে খোজে আগবাঢ়িছে বাস্তৱায়নৰ দিশে । বৰ্তমান নিয়মীয়া অ’ পি ডি আৰু বিভিন্ন ৰোগ পৰীক্ষণ সেৱা আৰম্ভ হৈছে আৰু অতি সোনকালে পূৰ্ণ পৰিসৰত চিকিৎসা সেৱাও আৰম্ভ হ'ব । আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদর্শনৰ পাছত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নির্মাণ অগ্ৰগতি পর্যালোচনাৰ হেতু তাত উপস্থিত হৈছিলোঁ । অসমৰ স্বাস্থ্যখণ্ডত চলি থকা এই বৃহৎ আন্তঃগাঁথনি বিপ্লৱে প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ, আধুনিক আৰু গুণগত চিকিৎসা সেৱাৰ অধিকাৰক অধিক শক্তিশালী কৰি তুলিছে । ৰাজ্যজুৰি এক নতুন স্বাস্থ্য অসম গঢ়ি তোলাৰ যি যাত্ৰা আৰম্ভ হৈছে, সেয়া এতিয়া দৃশ্যমান বাস্তৱত পৰিণত হৈছে ।’’

জিএমচিএইচৰ আধুনিকীকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আন এটা পোষ্টত কয়, ‘‘অসমৰ স্বাস্থ্য খণ্ডক অধিক শক্তিশালী আৰু ভৱিষ্যৎমুখী ৰূপ দিয়াৰ লক্ষ্যৰে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপস্থিত হৈ চলিত পুনৰ্নিৰ্মাণ তথা ভূমি জৰীপৰ কাম-কাজ পৰ্যালোচনা কৰিলোঁ । ৪ হাজাৰ কোটি টকাতকৈ অধিক বিনিয়োগেৰে প্ৰস্তাৱিত, প্ৰায় ৫০০০ ৰোগীক একে সময়তে সেৱা আগবঢ়াব পৰাকৈ ক্ষমতাসম্পন্ন , ভূমি+৭ মহলাযুক্ত অত্যাধুনিক চিকিৎসালয় ভৱনে ৰাজ্যৰ স্বাস্থ্যসেৱা ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব । এই বৃহৎ পদক্ষেপে উন্নত চিকিৎসা শিক্ষা, গৱেষণা, অত্যাধুনিক চিকিৎসা সুবিধা আৰু ৰোগীসকলৰ বাবে অধিক সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । জনসাধাৰণক বিশ্বমানৰ চিকিৎসা সুবিধা প্ৰদান আৰু অসমক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত দেশৰ অন্যতম অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আমাৰ চৰকাৰ দৃঢ়তাৰে আগবাঢ়ি আছে ।’’

মুখ্যমন্ত্ৰীক সহায় বিচাৰিলে এগৰাকী মহিলাই (ETV Bharat)

ইফালে মুখ্যমন্ত্ৰীয়ে জিএমচিএইচৰ পাছতে বিৰুবাৰীত থকা প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । পৰিদৰ্শনকালত এগৰাকী মহিলাই মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি আহে । কান্দি কান্দি মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ভৰিত ধৰি সহায় ভিক্ষা বিচাৰে । তেওঁ চলাই থকা কেণ্টিনখন কোনো ধৰণৰ জাননী নিদিয়াকৈ জিএমডিএই উচ্ছেদ কৰাক লৈ অভিযোগ দি মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীক 'মামা' সম্বোধন কৰি কয়, ‘‘জাননী নিদিয়াকৈ জিএমডিএই আমাক উচ্ছেদ কৰিছে । মোৰ কেণ্টিনখন ভাঙি দিছে । মোৰ দোকানত আপুনি চাহ খাইছিল । আমি দুখীয়া মানুহ, আমাক সহায় কৰক । আমাক চাব ।"

লগতে পঢ়ক: 'মন কী বাত'ত অসমৰ হাড়গিলা সংৰক্ষণ: প্ৰধানমন্ত্ৰীক ধন্য়বাদ ডাঃ ৰণোজ পেগুৰ