যিমানেই আৰ্থিক অৱস্থা বেয়া নহওক কিয় অচিনাকি ব্যক্তিক মাটি বিক্ৰী নকৰিব: মুখ্যমন্ত্ৰী
শ্বহীদ দিৱসৰ দিনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে বৰাগাঁওস্থিত বিশাল শ্বহীদ স্মাৰক ।

Published : December 10, 2025 at 5:50 PM IST
গুৱাহাটী: আজি শ্বহীদ দিৱস । শ্বহীদ দিৱসৰ দিনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ফিটা কাটি উদ্বোধন কৰিলে গুৱাহাটীৰ বৰাগাঁওস্থিত বিশাল শ্বহীদ স্মাৰক । লগতে স্মাৰক ক্ষেত্ৰত থকা ‘শ্বহীদ প্ৰণাম জ্যোতি’ত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । মুখ্যমন্ত্ৰীৰ লগতে শ্বহীদ স্মাৰক উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অতুল বৰাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক ।
উল্লেখ্য যে ১৯৭৯ চনৰ আজিৰ দিনটোতেই বৰপেটাৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে আত্ম বলিদান দি ছয় বছৰীয়া আন্দোলন কালৰ প্ৰথমগৰাকী শ্বহীদ হৈছিল । সেই বাবেই অসমৰ সৰ্ববৃহৎ গণ আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৫৫ গৰাকী শ্বহীদৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ স্মৃতিত ১০ ডিচেম্বৰ তাৰিখে ৰাজ্যজুৰি পালন কৰি অহা হৈছে শ্বহীদ দিৱস । আজিৰ এই দিনটো প্ৰতি বছৰে শ্বহীদসকলৰ ত্যাগ, আহুতি তথা জাতীয় প্ৰেমক স্মৰণ কৰাৰ উদ্দেশ্যে পালন কৰি অহা হৈছে শ্বহীদ দিৱস ৰূপে ।
বুধবাৰে শ্বহীদ দিৱস উপলক্ষে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজন কৰা হয় কেন্দ্ৰীয় শ্বহীদ দিৱস অনুষ্ঠান । এই দিৱসৰ লগত সংগতি ৰাখি মুকলি কৰা হয় বিশাল শ্বহীদ স্মাৰকটো । ১১৭ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰক ক্ষেত্রত ১৩ মহলীয়া এক সুউচ্চ স্মাৰক নিৰ্মাণ কৰা হৈছে । লগতে আছে এটা গেলাৰী, য'ত আছে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ-শ্বহীদসকলৰ আবক্ষ মূৰ্তি ।
১৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,"২০২০ চনৰ ১০ ডিচেম্বৰত শ্বহীদ দিৱসৰ দিনা এই প্ৰকল্পটোৰ আধাৰশিলা কৰা হৈছিল । তেতিয়াৰ তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে এই শ্বহীদ স্মাৰক ক্ষেত্রৰ আধাৰশিলা স্থাপন কৰিছিল । ইয়াৰ পিছত আজি অসমৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে অসমৰ শ্বহীদসকলৰ নামত এই স্মাৰকটো উছৰ্গা কৰিবলৈ পাইছোঁ । এই স্মাৰকটোৰ উচ্চতা ২২৫ ফুট । ইয়াৰ উচ্চ শিখৰত আৰোহণ কৰিলে গোটেই গুৱাহাটী মহানগৰীখন দেখা পোৱা যাব ।"

মুখ্যমন্ত্ৰী শৰ্মাই কয়, "ইয়াৰ ভূমি মহলাত আছে আদৰণি কক্ষ আৰু শ্বহীদৰ আবক্ষ মূৰ্তি । প্ৰথম মহলাত আছে এটা যোগ কেন্দ্ৰ । তদুপৰি আছে চাইকেল চলোৱাৰ বাবে বিশেষ ট্ৰেক, পাৰ্কিং, ৱাকিং জ'ন, ছুইমিং পুল । লগতে ৫০০ লোকে একেলগে বহিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি থকা হৈছে । য'ত অৰাজনৈতিক অনুষ্ঠানে অনুষ্ঠান কৰিব পাৰিব । ভবিষ্যতে অসমীয়া জাতিৰ ৫০০০ বছৰীয়া ইতিহাস বিজড়িত এটা ডিজিটেল পুথিভঁৰাল নিৰ্মাণ কৰাৰো সপোন আছে ।"
ইয়াৰ লগতে শ্বহীদ দিৱসৰ দিনাই অসমীয়া তথা ভাৰতীয় ৰাইজলৈ কেইটামান আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"যিমানেই আৰ্থিক অৱস্থা বেয়া নহওক কিয় অচিনাকি ব্যক্তিক মাটি বিক্ৰী নকৰিব । কাৰণ আমি লাহে লাহে মাটি হেৰুৱাই আছোঁ । আমাৰ ব্যৱসায় বা আমাৰ উদ্যোগত অচিনাকি ব্যক্তিক চাকৰি নিদিব আৰু আমাৰ খেতিপথাৰত খেতি কৰিবলৈ অচিনাকি ব্যক্তিক নিদিব ।"
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আৰু উল্লেখ কৰে, "কাৰণ তেওঁলোকে এবাৰ অহাৰ পিছত তেওঁলোকে তেওঁলোকৰ যিটো পৰিকল্পনা সেইটো বাস্তৱত ৰূপায়ণ কৰে । পিছত এসময়ত গৃহস্থকে তাৰ পৰা খেদি পঠিয়াই । সেয়েহে মই অনুৰোধ জনাওঁ যে কোনো কাৰণতে যেন অচিনাকি ব্যক্তিক অসমীয়াৰ বৰঘৰত সোমাবলৈ নিদিয়ে ।"

