ETV Bharat / state

তিনি গগৈ লগ হৈছে এজন গগৈৰ বিয়া পাতিবলৈ: মুখ্যমন্ত্ৰী

৮,২০৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰি গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈক সমালোচনা মুখ্যমন্ত্ৰীৰ ।

CM Himanta Biswa Sharma handed over appointment letters to 8,206 candidates
৮,২০৬ গৰাকী পাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 8:54 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: "এতিয়া ৩ গগৈ লগ হৈছে এজন গগৈৰ বিয়া পাতিবলৈ । গতিকে তেওঁলোকে সেইটো কাম কৰক । তেওঁলোক বিয়া পতাত ব্যস্ত হৈ থাকক, আমি ৰাজনীতিত লাগোঁ । আমি মানুহৰ কাম কৰি থাকোঁ ।" গৌৰৱ গগৈৰ আহ্বানত অনুষ্ঠিত হোৱা বিৰোধীৰ প্ৰথমখন বৈঠকক লৈ আজি এনেদৰেই কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত তিনি গগৈৰ মিত্ৰতা সন্দৰ্ভত তাচ্ছিল্যসূচক মন্তব্য মুখ্যমন্ত্ৰীৰ ।

নিযুক্তি প্ৰদান কৰাৰ পিছত সংবাদ মাধ্যমত মুখ্য়মন্ত্ৰীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

উল্লেখ্য যে, মেধা আৰু দক্ষতাৰ ভিত্তিত বৃহস্পতিবাৰে পুনৰ ৮,২০৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানত এই নিযুক্তি পত্ৰ বিতৰণ কৰা হয় । মুঠ ৮২০৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী অধ্যাপক ২৬৩ গৰাকী আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী ১১০ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ।

CM Himanta Biswa Sharma handed over appointment letters to 8,206 candidates
নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ অহা প্ৰাৰ্থী তথা অভিভাৱকৰ একাংশ (ETV Bharat Assam)

লগতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত স্নাতকোত্তৰ শিক্ষক ১,২৭৫ গৰাকী আৰু স্নাতক শিক্ষক ৬,৫২২ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে চৰকাৰে । সমান্তৰালভাৱে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদ সঞ্চালকালয় অধীনত প্রবক্তা, জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠানত ২৮ গৰাকী আৰু সহকাৰী সঞ্চালক, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদ (মুখ্য কার্যালয়)ত ৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, যোগেন মহন, প্ৰশান্ত ফুকনো উপস্থিত থাকে ।

CM Himanta Biswa Sharma handed over appointment letters to 8,206 candidates
নিযুক্তি পত্ৰ প্ৰদান কৰাৰ মুহূৰ্তত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "আজি উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ৮,২০০ গৰাকী যুৱক-যুৱতীক বিভিন্ন পদত নিযুক্তি দিয়া হ'ল । ইতিমধ্যে প্ৰাথমিক বিদ্যালয়ৰ নিযুক্তিৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে । পৰৱৰ্তী পৰ্যায়ত স্বাস্থ্য বিভাগ আৰু ADRE ৰ উত্তীৰ্ণসকলৰ লগতে বিভিন্ন বিভাগত পৰ্যায়ক্ৰমে এসপ্তাহ দহদিনৰ মূৰে মূৰে সভা অনুষ্ঠিত কৰি নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব । সকলোৱে ডিচেম্বৰৰ ভিতৰত নিযুক্তি লাভ কৰিব ।"

লগতে পঢ়ক: বিজেপিক খেদিবলৈ ঐক্যবদ্ধ হ'ল বিৰোধী

কংগ্ৰেছৰ লক্ষ্য হৈছে মানুহৰ মনৰ পৰা ভয় দূৰ কৰা: গৌৰৱ গগৈ