SRৰ দুদিনীয়া ভোটাৰ বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ বিৰোধীক প্ৰত্যুত্তৰ: বিহাৰৰ পৰা মানুহ আহিলে ৰাখিব কোনে ? খুৱাব কোনে ?
SRৰ দুদিনীয়া ভোটাৰ বিতৰ্কক লৈ সৰৱ মুখ্যমন্ত্ৰী । কংগ্ৰেছক তীব্ৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ ।

Published : November 22, 2025 at 10:09 PM IST
গুৱাহাটী: ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ যুদ্ধকালীন প্ৰস্তুতিৰে পথাৰত নামিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিৰোধী দলসমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ (SR) বিষয়ে বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিহাৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ পৰা ভোটাৰ আনি অসমত বিজেপিক নিৰ্বাচনী বৈতৰণী পাৰ কৰাব খুজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
বিশেষ সংশোধনী নীতিৰ ভোটগ্ৰহণৰ দুদিনৰ আগতে ভোটাৰ তালিকাত বহিঃৰাজ্যৰ ভোটাৰৰ নামভৰ্তি কৰাৰ সুবিধা লৈ এই কাণ্ড সংঘটিত কৰাৰ আশংকা কৰিছে ৰাজ্যৰ বিৰোধী দলসমূহে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে SR ত জটিলতা একো নাই ৷ বিৰোধীয়ে বিহাৰ, বেংগল আদিৰ পৰা দুদিনীয়া ভোটাৰ অনাৰ যি অভিযোগ আনিছে সেয়া ভিত্তিহীন বুলি ক’ব খুজিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীৰ কথা হ’ল ইমান মানুহ ভোট দিবলৈকে দুদিনৰ বাবে আহিলে তেওঁলোকে খাব ক’ত ? থাকিব ক’ত ? এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"SRততো একো নাই । যদি মানুহ সোমাই জধে-মধে, তেন্তে থাকিব ক’ত ? খুৱাব ক’ত ? ঘৰত ক’ৰবাৰ পৰা এজন মানুহ আহিলেই, ভোটাৰ তালিকাত নামটো সোমালেই, তেওঁলোকক খুৱাব কোন ? থাকিব ক’ত ? ইমান পইচা ক’ৰবাত থাকিব নেকি ? ২০ লাখ টকাৰে খুৱাই-বুৱাই ৰাখিবৰ বাবে !"
"কংগ্ৰেছৰ কোনো যুক্তি নাই ৷ আজি তেওঁলোকে কৈছে বিহাৰ, বেংগলৰ পৰা মানুহ আহিব ৷ বেংগলত ইলেকচন নাই নেকি ? বিহাৰৰ পৰা মানুহ আহিলে ৰাখিব কোনে ? খুৱাব কোনে ?“-কংগ্ৰেছক এইদৰে সমালোচনা মুখ্যমন্ত্ৰী শৰ্মাৰ ।
"CAAৰ সময়তো কংগ্ৰেছে কোটিৰ ঘৰত বাংলাদেশী আহিব বুলি কৈছিল যদিও এজনো তেনে লোক নাহিল"-এই উদাহৰণ দি কংগ্ৰেছে অপ্ৰচাৰ চলোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ । মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য,"কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে । CAAৰ সময়ত তেওঁলোকে কৈছিল ডেৰ কোটি মানুহ আহিব । ডেৰ কোটি মানুহ আহিলে নেকি ? গতিকে CAAৰ কংগ্ৰেছৰ 'টেঙা আম' অসমৰ ৰাইজে ইতিমধ্যে দেখিলে ৷ প্ৰতিবাৰে তেওঁলোকে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ অযুক্তিকৰ তথ্য দিয়ে, যিসমূহ পাছত গোকাট মিছা বুলিও প্ৰমাণিত হয় ৷"
আনহাতে, ৰাজ্যত বিজেপি চৰকাৰে চলোৱা উচ্ছেদৰ বাবে ৰাজ্য চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে । কিন্তু নিজৰ পৰিচিত বাক চাতুৰ্যৰে এই উচ্ছেদৰ বাবে আচলতে কংগ্ৰেছহে জগৰীয়া সেয়া প্ৰতিপন্ন কৰিব বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰী শৰ্মাৰ যুক্তি,"কংগ্ৰেছৰ অসমত ৬০ বছৰ চৰকাৰ আছিল । মানুহবিলাকক মাটিৰ পট্টা দিব পাৰিলেহেঁতেন, কাকোতো নিদিলে ৷ যদি মাটিৰ পট্টা দিলেহেঁতেন, কোনোবা ফৰেষ্ট লেণ্ডত গৈছে, ফৰেষ্টৰ পৰা উঠাই আনি গাঁৱত যদি মাটিৰ পট্টা দিলেহেঁতেন আজিতো উচ্ছেদো নহ’লহেঁতেন ।"
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে,"মই অসমত মুখ্যমন্ত্ৰী হৈ থকালৈকে সন্দেহজনক মিঞাসকলক শান্তিত থাকিব নিদিও” বুলি কৰা মন্তব্যই ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । আনকি কংগ্ৰেছ দলে উচ্চ ন্যায়ালয়ক এই বিষয়ত নিজাববীয়া গোচৰ ল’বলৈকো আহ্বান জনাইছে ।
কংগ্ৰেছক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীৰ উত্তৰ যে সংবিধানত সন্দেহজনক মিঞাৰ বিৰুদ্ধে কোৱাত একো বাধা নাই ৷ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য,"আমাৰ সংবিধানত সন্দেহজনক মিঞাৰ বিষয়ে মন্তব্য কৰাততো কোনো বাধা নাই । যদি কোনোবাই নিজকে সন্দেহজনক বুলি গা পাতি লয় মই তাত কি কৰিম ? যি জানে তেওঁ ভাৰতীয় নাগৰিক তেওঁ গা পাতি নলয় । যি নিজেইভাৱে যে মই সন্দেহজনক, তেওঁহে গা পাতি লয় ।”

