গুৱাহাটীক দেশৰ অন্যতম আধুনিক-সৰ্বাংগসুন্দৰ মহানগৰ হিচাপে গঢ়ি তোলাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ
দেওবাৰে মুখ্যমন্ত্রীয়ে দিছপুৰৰ লোকসেৱা ভৱনত কেইটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে ।

Published : May 18, 2026 at 7:18 AM IST
গুৱাহাটী : গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাছতে বিশেষভাৱে তৎপৰ হৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিটো বিভাগকেই দিছে এই নিৰ্দেশনা ।
শপত গ্ৰহণৰ পিছৰে পৰাই এটাৰ পাছত আনটো বিভাগৰ সৈতে এখনৰ পাছত আনখনকৈ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্রীগৰাকী । দেওবাৰে মুখ্যমন্ত্রীয়ে দিছপুৰৰ লোকসেৱা ভৱনত কেইটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । গৃহনিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্রীয়ে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, গুৱাহাটী জল ব’ৰ্ড আৰু অম্ৰুত আদি সংস্থাসমূহৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ খতিয়ান লয় । মুখ্যমন্ত্ৰীয়ে গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ সংস্থাসমূহক নিৰ্দেশ দিয়ে ।

নাগৰিককেন্দ্ৰিক উন্নয়নত গুৰুত্ব
মুখ্যমন্ত্ৰীয়ে লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক গুৱাহাটীক দেশৰ ভিতৰতে এখন অন্যতম আধুনিক আৰু সৰ্বাংগসুন্দৰ মহানগৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰে । মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কামৰ অগ্ৰগতি আৰু ভৱিষ্যৎ ৰূপৰেখা পৰ্যালোচনাৰে বিশেষ বৈঠকত মিলিত হয় । এই বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ মূল্যায়ন কৰা হয় । নাগৰিককেন্দ্ৰিক উন্নয়নত গুৰুত্ব প্ৰদান কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান নিয়ন্ত্ৰণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু মুক্ত স্থান উন্নয়নক অগ্ৰাধিকাৰ দিবলৈ সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্রীয়ে ।
Just to add to this update- today’s meeting also laid a special focus on urban flood mitigation measures, expanding the satellite township in and around Guwahati and augmenting sanitation facilities in other cities of Assam.
— Himanta Biswa Sarma (@himantabiswa) May 17, 2026
I have specifically asked officials to maintain proper… https://t.co/TYoEWOZ3Mq
পুনৰ ছেটেলাইট টাউনশ্বিপ বিস্তাৰৰ প্ৰসংগ :
এই বৈঠকখনৰ আন এক গুৰুত্বপূর্ণ দিশ হিচাপে নগৰীয়া বান প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰা, গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত 'ছেটেলাইট টাউনশ্বিপ'ৰ বিস্তাৰৰ লগতে অসমৰ আন আন চহৰসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা সুবিধা অধিক উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় । জনসাধাৰণৰ সকলো দিশৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে বিষয়াসকলক বিভিন্ন সংস্থাৰ মাজত সুসমন্বয় বজাই ৰাখিবলৈ, ফলদায়ক উন্নত দৃষ্টিভংগীৰে কাম কৰিবলৈ মুখ্যমন্ত্রীয়ে বৈঠকত নিৰ্দেশনা প্ৰদান কৰে ।
লগতে পঢ়ক:ধৰ্মীয় সংখ্যালঘু লোকে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব : বসন্ত কুমাৰ গোস্বামী

