ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত সম-উপাচাৰ্য নিয়োগৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ

তেজপুৰ বিশ্ববিদ্যালয়ত সম-উপাচাৰ্য নিয়োগৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰে আলোচনা মুখ্যমন্ত্ৰীৰ

Tezpur University impasse
তেজপুৰ বিশ্ববিদ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 4, 2025 at 12:08 PM IST

|

Updated : December 4, 2025 at 1:00 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : অৱশেষত তেজপুৰ বিশ্ববিদ্যালয়ত এগৰাকী সম-উপাচাৰ্য নিয়োগৰ আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত জানিবলৈ দিয়ে এই কথা ৷ সামাজিক মাধ্যম এক্সত এটা পোষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আজি মাননীয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী@dpradhanbjp ডাঙৰীয়াৰ সৈতে তেজপুৰ বিশ্ববিদ্যালয়ৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰোঁ ।"

তেওঁ লগতে কয়, "বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্যগৰাকীৰ আচৰণৰ নিৰপেক্ষ তদন্ত চলি থকাৰ সময়ত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণৰ সুস্থিৰতা বৰ্তাই ৰাখিবলৈ এগৰাকী সম-উপাচাৰ্য তাৎক্ষণিকভাৱে নিযুক্তি দিবলৈ মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনাওঁ । মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ সহযোগত উক্ত সমস্যাটি অতি সোনকালে সমাধান হ'ব বুলি মোৰ বিশ্বাস ।"

উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ শম্ভূনাথ সিং আৰু তেওঁৰ কিছুমান নিকটৱৰ্তীৰ বিৰুদ্ধে উঠা দুৰ্নীতি–অনিয়মৰ অভিযোগে পৰিস্থিতিক আৰু অধিক তীব্ৰ কৰি তুলিছে । বিশেষকৈ লাচিত আৰু কনকলতা ছাত্ৰাবাসৰ আচবাব ক্ৰয়ত ধৰা পৰা উল্লেখিত বৃহৎ অনিয়মে বিশ্ববিদ্যালয়খনৰ অৰ্থনৈতিক ব্যৱস্থাপনাৰ অন্তৰ্ভাগৰ সূত্ৰ উন্মোচিত কৰিছে ।

Tezpur University impasse
তেজপুৰ বিশ্ববিদ্যালয় (ETV Bharat Assam)

জানিব পৰা মতে, হেফা (HEFA) অৰ্থায়নৰ অনুমোদিত বিশ্ববিদ্যালয়ৰ নৱতম নটা ভৱন নিৰ্মাণৰ প্ৰকল্পত চাৰিটা শৈক্ষিক ভৱন আৰু দুটা ছাত্ৰাবাসৰ ভিতৰত আচবাব অন্তৰ্ভুক্ত আছিল । এই প্ৰকল্পৰ সম্পূৰ্ণ দায়িত্ব দিয়া হৈছিল অসম লোক নিৰ্মাণ বিভাগক ৷ বিশ্ববিদ্যালয়ৰ উচ্চস্তৰীয় সমিতিয়ে প্ৰয়োজনীয় সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি উপ-পঞ্জীয়কৰ জৰিয়তে লোক নিৰ্মাণ বিভাগলৈ প্ৰেৰণ কৰিছিল ।

Tezpur University impasse
নিম্নমানৰ সামগ্রী উচ্চ মূল্যত ক্ৰয় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ (ETV Bharat Assam)

কিন্তু লোক নিৰ্মাণ বিভাগে প্ৰস্তুত কৰা এষ্টিমেট কেন্দ্ৰীয় অনুমোদনৰ অপেক্ষাত প্ৰায় এবছৰ ধৰি আৱদ্ধ হৈ থকাত বিশ্ববিদ্যালয়ৰ নতুন দুটা ছাত্ৰাবাসত প্ৰায় এহেজাৰ শিক্ষার্থী আচবাবহীন অৱস্থাত থাকিবলগীয়া হয় । এই প্ৰেক্ষাপটতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হেফা আৰু ৰাজ্য চৰকাৰৰ অনুমতিৰে নিজেই আচবাব ক্ৰয় কৰাৰ পদক্ষেপ গ্ৰহণ কৰে ।

Tezpur University impasse
তেজপুৰ বিশ্ববিদ্যালয় (ETV Bharat Assam)

তদুপৰি, লোক নিৰ্মাণ বিভাগে প্ৰস্তুত কৰা এষ্টিমেটতে উল্লেখিত মূল্য আৰু সামগ্রী একেই ৰাখি বিশ্ববিদ্যালয়ক জেম (GEM) পৰ্টেলৰ জৰিয়তে নিবিদা আহ্বান কৰিবলৈ অনুমোদন দিয়ে । আটাইতকৈ কম দৰ দিয়া আঠটা প্ৰতিষ্ঠানৰ ভিতৰত পাঁচজনীয়া সমিতিয়ে- য’ত এজন অধ্যাপক, বিত্ত বিষয়া, পঞ্জীয়কৰ প্ৰতিনিধি, কাৰ্যবাহী অভিযন্তা আৰু শাখা বিষয়াৰ সমন্বয় আছিল—এটা প্ৰতিষ্ঠানক অনুমোদন দিয়ে ।

এই কমিটীৰ সিদ্ধান্তক লৈ বহুতৰে সন্দেহ সৃষ্টি হৈছে, কিয়নো অভিযোগ অনুযায়ী নিম্নমানৰ সামগ্রী উচ্চ মূল্যত ক্ৰয় কৰা হৈছে ৷ বিশ্ববিদ্যালয়খনত উত্থাপিত ব্যাপক অনিয়মৰ সন্দৰ্ভত বিভিন্ন সংগঠন, শিক্ষার্থী মহল আৰু নাগৰিকে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ।

ইপিনে বিশ্ববিদ্যালয়ৰ নিৰন্তৰ অস্থিৰ পৰিস্থিতি পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ক এজন সম-উপাচাৰ্যক জৰুৰীভাবে নিয়োগৰ আহ্বান জনাইছে ৷ ইফালে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক শিক্ষার্থী মহলে আদৰণি জনাই যদিও তেওঁলোকে স্পষ্ট কৰি দিয়ে যে, তেওঁলোকে অস্থায়ী নহয়, শম্ভূনাথ সিঙৰ দৰে বিতর্কিত ব্যক্তিৰ পৰিবৰ্তে এজন দায়িত্বশীল আৰু নিৰপেক্ষ কাৰ্যকৰী উপাচাৰ্যক নিযুক্তি দি বিশ্ববিদ্যালয়খনৰ স্থিতি পুনৰুদ্ধাৰ কৰিব লাগে ।

লগতে পঢ়ক : প্লাষ্টিকৰ চকী ৫,৫০২ টকা, টেবুলৰ দাম ১২,৮১৮ টকা; আচৰিত তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী

৭৩ দিনে পলাতক তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভূ সিং ! প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি গৌৰৱ গগৈৰ পত্ৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থাক লৈ ৰাজ্যসভাত উদ্বেগ সাংসদ অজিত কুমাৰ ভূঞাৰ

Last Updated : December 4, 2025 at 1:00 PM IST