কংগ্ৰেছৰ বিজেপিক সমালোচনা কৰাৰ অধিকাৰেই নাই: মুখ্যমন্ত্ৰী
কেতিয়া বিজেপিত যোগদান কৰিব শশীকান্ত দাসে, ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে । কংগ্ৰেছে কৰা কি কামৰ বাবে আজি নিজেই লাজ পায় মুখ্যমন্ত্ৰীয়ে ?

Published : November 11, 2025 at 7:13 PM IST
নগাঁও: বটদ্ৰৱা, কলিয়াবৰ বিধানসভা সমষ্টিৰ পাছত মঙলবাৰে নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিতো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ ৩৮ হাজাৰ হিতাধিকাৰীৰ মাজত লাখপতি নামেৰে নামাকৰণ কৰা মহিলা উদ্যমিতা আঁচনিৰ দহ হাজাৰ টকীয়া চেক বিতৰণ কৰে । মুঠ ৩৫ লাখ মহিলা মহিলা উদ্যমিতা আঁচনিৰ দ্বাৰা উপকৃত হ’ব বুলিও মঙলবাৰে নগাঁৱৰ ৰহাত সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে ৰাজ্যৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
কংগ্ৰেছক আক্ৰমণ:
মঙলবাৰে নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ মহিলা উদ্যমী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰি বিৰোধী কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ভাষণৰ লগতে সংবাদ মাধ্যমৰ সন্মুখতো কংগ্ৰেছে কেৱল ধুতি আৰু লুঙী দিছিল বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়,"কংগ্ৰেছে ধুতি-লুঙী দিছিল । তাতকৈ আৰু সস্তীয়া বস্তু কিবা হ’ব পাৰে নেকি ? কংগ্ৰেছে নিজে কৰা কামবিলাকৰ কাৰণে আজি নিজেই লাজ পায় । যদি সাহস আছে তেন্তে এইবাৰো মেনুফেষ্টত তেওঁলোকে লিখক লুঙী দিম বুলি । তেওঁলোকৰ সাহস নাই । ধুতি-লুঙীৰ চৰকাৰ বিজেপিৰ নহয় । কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ অধিকাৰেই নাই ।"
কংগ্ৰেছৰ যোগদান কাৰ্যসূচীক লৈ মন্তব্য:
প্ৰতিমাহৰ দহ তাৰিখে কংগ্ৰেছে আৰম্ভ কৰা যোগদান কাৰ্য্যসূচী সন্দৰ্ভতো কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত কয়, "এনেকুৱা যোগদান আমাৰ কাৰ্বি-আংলঙৰ তুলিৰাম ৰংহাঙে অকলেই দিনত দহ হাজাৰমান যোগদান কৰাই দিয়ে । কাৰ্বি-আংলঙত তুলিৰাম ৰংহাঙে প্ৰতি সপ্তাহত যোগদান কৰাই থাকে ।"
বিৰোধী ঐক্যক সমালোচনা মুখ্যমন্ত্ৰীৰ:
কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলৰ হ’বলগীয়া ঐক্য সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি কয়, "তেওঁলোক নিজেই একোজন নেতা হোৱা পাৰ্টী । নিৰ্বাচনত নিজিকা মানুহবিলাক একেলগ হৈ অসমত বিৰোধী হৈ আছে । ভূপেন বৰাই লিলি হোটেলত কৰি আছিল । এতিয়া এখেতে বা ক’ত ক’ত কৰে ? মই জনাত বিধানসভাতে ঠিক কৰিছে । লিলি হোটেলত গৈ গৈ চাৰি বছৰ জ্বলালে । এজনে আকৌ বিহালী ধাবাত কৰিম বুলি কৈছিল । বিহালীত পৰাজিত হোৱাৰ পাছত এইটোও নোহোৱা হ’ল ।"
জুবিনৰ ন্যায় সন্দৰ্ভৰ কি ক'লে মুখ্যমন্ত্ৰীয়ে:
জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিও ৰাজ্যৰ জনতাই দাবী উত্থাপন কৰি থকাৰ মাজতে পুনৰ জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই সন্দৰ্ভত মঙলবাৰে নগাঁৱৰ ৰহাত সংবাদ মাধ্যমৰ সন্মুখত ই টিভি ভাৰতৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “হিমন্ত বিশ্ব শৰ্মাই যি কামত হাতত লয় তাক কৰি দেখুৱায় । জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে আপোনালোকে ৮ তাৰিখে গম পাব ।"
শশীকান্ত দাসৰ প্ৰাৰ্থিত্বক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য:
ৰহা সমষ্টিৰ পৰা কংগ্ৰেছ দল প্ৰাৰ্থিত্বৰে বিধানসভালৈ নিৰ্বাচিত হৈ বিজেপিৰ চৰকাৰক মুকলি সমৰ্থন দি দলৰ পৰা বহিষ্কাৰ হোৱা বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান কৰা সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । শশীকান্ত দাস ৰহা সমষ্টিৰ প্ৰাৰ্থী হ’ব নেকি বুলি ই টিভি ভাৰতৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “এইটো আপোনালোকে ঠিক কৰিব । মই কেনেকৈ ক’ম । কিন্তু এজন বিধায়ক তেওঁ । কংগ্ৰেছৰ বাকী বিধায়কসকল ৰাইজৰ ভাল কামলৈ কেতিয়াও নাহে । শশীকান্ত দাস অহা কাৰণেই ৰহা সমষ্টি আগবাঢ়ি আহি আছে । নহ'লে ৰহা সমষ্টিও ভেঞ্চাৰ হ’লহেতেন । শশীকান্ত দাসে ৰহাৰ ৰাইজৰ কাৰণে ত্যাগ কৰিছে ।” আৰু এটা ৰাজ্যসভা নিৰ্বাচনত শেষ হোৱাৰ পাছত শশীকান্ত দাসে বিজেপিয়ে যোগদান কৰাৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে, নগাঁও জিলা প্ৰশাসন আৰু ৰহা সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মন্ত্ৰী পিয়ুষ হাজৰীকা, স্থানীয় বিধায়ক শশীকান্ত দাস, নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাসহ কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

