ETV Bharat / state

দেশৰ ভিতৰত অসমেই কম ঋণ লোৱা ৰাজ্য : ঋণৰ প্ৰসংগত বিধানসভাত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া

অসম বিধানসভাৰ বাজেট (লেখানুদান) অধিৱেশনৰ দ্বিতীয় দিনা ঋণৰ লগতে অসমৰ উন্নয়ন সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে ৷

ASSAM BUDGET SESSION
দেশৰ ভিতৰত অসমেই কম ঋণ লোৱা ৰাজ্য : মুখ্যমন্ত্রী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 12:59 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট (লেখানুদান) অধিৱেশনৰ আজি দ্বিতীয় দিন ৷ মঙলবাৰে দ্বিতীয় দিনা ঋণকে ধৰি উত্থাপন হোৱা কেইবাটাও প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

সদনত মুখ্যমন্ত্রীয়ে কয়, "দেশৰ ভিতৰত অসমেই কম ঋণ লোৱা ৰাজ্য । কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে এমাহত ৯২ হাজাৰ কোটি টকা ঋণ লয় । আমি ঋণেই নলওঁ । সদনে আমাক ধন্যবাদ জনাব লাগে যে অসমৰ ফাইনেন্স কেনেকে মেনেজমেণ্ট হৈছে । ৰিজাৰ্ভ বেংকে কৈ আছে অসম দ্ৰুত উন্নয়নমুখী ৰাজ্য । কেইদিনমান আগৰ সৰ্বভাৰতীয় বাতৰি কাকতবোৰ চাব যে এইবছৰ পাৰ কেপিটা কনচটেণ্টত আমি পশ্চিমবংগৰ পাৰ কেপিটাক অতিক্ৰম কৰিবলৈ অহা বছৰ গৈ আছো ।"

দেশৰ ভিতৰত অসমেই কম ঋণ লোৱা ৰাজ্য : মুখ্যমন্ত্রী (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে লগতে কয়, "বৰপেটাত বিশ্ববিদ্যালয় এখন লাগে । কিন্তু যেতিয়‍া ৰূপক লগাই দাবী কৰা যায় তেতিয়া ক'ত বিশ্ববিদ্যালয় হ'ব । ব্রহ্মপুত্রৰ ওপৰত দলং বনোৱাতো ভাতৰ লগত পানী খোৱা কথা নহয় । বৰপেটাত দলং নিৰ্মাণৰ বাবে আমি সংসাধন গোটাব লাগিব । তাৰ গুৰুত্ব দেখুৱাব লাগিব । ব্ৰক্ষ্মপুত্রৰ দলং ৰাজ্য চৰক‍াৰে কৰিব নোৱাৰে । কেন্দ্ৰীয় চৰকাৰে কৰিব । ধুবুৰীৰ সাংসদগৰাকীয়ে লোকসভাত ক'ব লাগিব । কৈছে জানো ।’’

তেওঁ আৰু কয়, ‘‘আজি যিমানখিনি যোগাযোগ ব্যৱস্থা বৰপেটাত হৈ আছে সেইটো কোনেও অস্বীক‍াৰ কৰিব নোৱাৰে । অবিভক্ত বৰপেটা জিল‍তেই ভট্টদেৱ বিশ্ববিদ্যালয় হৈছে । আমি নাই হোৱা বুলি কেনেকে ক'ব পাৰো । আৰু লাগে আৰু আঁচনিৰ অভাৱ নাই । অহাবাৰ আপুনি জিকি আহক আৰু সদনত আলোচনা কৰিম । জিকি আহিলেহে হ'ব । সেইবাবে তাৰ চেষ্টা কৰক ।’’

15th Assam Legislative Assembly Budget (Vote on Account) Session
অসম বিধানসভাৰ বাজেট (লেখানুদান) অধিৱেশনৰ আজি দ্বিতীয় দিন (ETV Bharat Assam)

মুখ্যমন্ত্রী শৰ্মাই আৰু কয়, ‘‘বৰপেটাত আমি যিমানখিনি কৰিছো । বৰপেটাত ৰাষ্ট্ৰীয় ঘাইপথ নাছিল । ৰে'ল লাইন নাই । বৰপেটাৰ মানুহে কি বিচাৰি আছে । বৰপেটা চহৰেদি নেচনেল হাইৱে লাগে । এইটো বৰপেটাৰ মানুহৰ ডাঙৰ দাবী । ইতিমধ্যে বৰপেটা দি ৰ‍াষ্ট্ৰীয় ঘাইপথৰ কাম আৰম্ভ হৈ গ'ল । বৰপেটা চহৰক ৰে'ল লাইনেৰে সংযোগ কৰাৰ চেষ্টা কৰি থকা হৈছে । বৰপেটাত কাম হ'বই । তাত কোনো অসুবিধা নাই । কেৱল বৰপেটাৰ দাবী কৰিব গৈ ঋণ ঋণ কৈ ৰ‍াস্তাই বন্ধ কৰি দিছে । কাম কৰিলে অলপ ঋণো ল'ব লাগিব ।"

লগতে পঢ়ক : হিতেশ্বৰ শইকীয়াৰ প্ৰতি ঋণ থকা বাবে দেৱব্ৰত শইকীয়াকো বিজেপিলৈ নিব মুখ্য়মন্ত্ৰীয়ে