ETV Bharat / state

কলাগুৰু ফাউণ্ডেশ্যনলৈ জি এছ টিৰ ২.৯০ কোটি টকা : নৱবৰ্ষৰ পহিলা দিনটোত জুবিন গাৰ্গক স্মৰণ মুখ্যমন্ত্রীৰ

নতুন দিনৰ আলাপ অনুষ্ঠানৰ মাজেৰে মুখ্যমন্ত্রীয়ে জুবিন গাৰ্গক স্মৰণ কৰে ।

NEW YEAR 2026
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma fb account)
author img

By ETV Bharat Assamese Team

Published : January 1, 2026 at 7:33 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই স্মৰণ কৰিলে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক । নৱবৰ্ষৰ প্ৰথম দিনটোত গুৱাহাটীৰ কইনাধৰাত ‘নতুন দিনৰ আলাপ’ অনুষ্ঠানৰ মাজেৰে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্রীয়ে জুবিন গাৰ্গৰ প্ৰসংগ উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘২০২৫ চনটো নিশ্চিতভাৱে জাতিৰ বাবে এটা দুৰ্ভাগ্যৰ বছৰ হিচাপে ৰৈ যাব । কাৰণ ২০২৫ চনত আমি জুবিন গাৰ্গৰ দৰে মহান শিল্পীক হেৰুৱালো । আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে তিনি মাহৰ ভিতৰত দাখিল কৰা অভিযোগনামা স্মৰণীয় হৈ ৰ’ব ।’’

‘‘ৰাইজৰ আবেগ আৰু মৰমক সন্মান জনাই ৰাজ্য চৰকাৰে এই ঘটনাটোত ন্যায় যাতে বাস্তৱসন্মত আৰু সময়সীমাৰ ভিতৰত হ'ব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে ১২ জানুৱাৰীৰ পৰা বিশেষ লোক অধিবক্তা নিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । জুবিন গাৰ্গৰ গোচৰত বিশেষ পাব্লিক প্ৰচিকিউটৰ দিব ৰাজ্য চৰকাৰে ।’’ মুখ্যমন্ত্রী শৰ্মাই কয় ৷

তেওঁ আৰু কয়, ‘‘গুৱাহাটীৰ তিনি-চাৰিজন জ্যেষ্ঠ অধিবক্তাৰ লগত কথা পাতি থকা হৈছে । ৫ বা ৬ তাৰিখৰ ভিতৰত আমি পাব্লিক প্ৰচিকিউটজনৰ নাম ঘোষণা কৰিব পাৰিম । বিশেষ লোক অধিবক্তা নিয়োগৰ লগে লগে এই গোচৰটোৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এখন বিশেষ আদালতৰ বাবে আবেদন জনাম । অৱশ্যে সিদ্ধান্ত উচ্চ ন্যায়ালয়ে ল'ব ।’’

আনহাতে, জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ক লৈ মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । মুখ্যমন্ত্ৰীয়ে কয়, ‘‘জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে’ ছবিখনে ৩২ কোটি টকা উপাৰ্জন কৰিছে । ছবিখনৰ পৰা লাভ কৰা ২ কোটি ৯০ লাখ টকাৰ জি এছ টি অসম চৰকাৰে ঘূৰাই দিব । কলাগুৰু ফাউণ্ডেশ্যনক ৰাজ্য চৰকাৰে ঘূৰাই দিব জি এছ টিৰ ধন । ইতিমধ্যে বিত্ত বিভাগে পুঁজি মুকলি কৰি দিছে ।’’

লগতে পঢ়ক: গুৱাহাটী-কলকাতাৰ মাজত চলিব প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল; শীঘ্ৰে শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে