জুবিনক এজনে মাৰিছে আৰু আন কেইজনে সহযোগিতা কৰিছে : সদনত জুবিন গাৰ্গৰ প্ৰসংগত মুখ্যমন্ত্রী
সদনত জুবিন গাৰ্গৰ প্ৰসংগত বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ গ্ৰহণ অধ্যক্ষৰ । বিৰোধীৰ সমালোচনা আৰু প্ৰশ্নৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্রীৰ । অভিযোগনামা দাখিলৰ পাছতো চলিব তদন্ত ।

Published : November 25, 2025 at 5:40 PM IST
গুৱাহাটী : "অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয়, এইটো এটা সাধাৰণ হত্যাকাণ্ডৰ ঘটনা । হত্যাক হত্যা বুলিয়ে কম । এইটো এটা হত্যাকাণ্ড । এজনে মাৰিছে আৰু আন কেইজনে সহযোগিতা কৰিছে । চাৰি-পাঁচজন আছে এই হত্যাকাণ্ডত । আমি জুবিনক লৈ ধেমালি কৰিবলৈ অহা নাই, ৰাজনীতি কৰিবলৈ অহা নাই", এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ মঙলবাৰে প্ৰথমদিনা সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বিৰোধীয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি এইদৰে কয় ।
সদনত বিৰোধীয়ে জুবিন গাৰ্গৰ প্ৰসংগ আলোচনা কৰাৰ বাবে সভা স্থগিতৰ প্ৰস্তাৱ আনি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে । বিৰোধী পক্ষৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্রীয়ে জুবিন গাৰ্গৰ প্ৰসংগ আলোচনা কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষক সভা স্থগিত ৰখাৰ বাবে আহ্বান জনায় । অসম বিধানসভাৰ ইতিহাসত নজিৰবিহীন ঘটনা হিচাপে প্ৰথমবাৰৰ বাবে বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱ অধ্যক্ষই গ্ৰহণ কৰে । সেইমৰ্মে সদনত আন বিষয়ৰ বিপৰীতে জুবিন গাৰ্গৰ প্ৰসংগত আলোচনা হয় ।
মুখ্যমন্ত্রীয়ে কয়, "জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে । আমি মাৰ্ডাৰ কেচৰ ওপৰত চাৰ্জশ্বীট দিম । কিন্তু এই তদন্ত চলি থাকিব । কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত হৈ আছে আৰু সেইটো হৈছে অবহেলা । জুবিনৰ হত্যাৰ আগতেও জুবিনক অবহেলা আৰু ক্ৰিমিনেল বিচ অফ ট্ৰাষ্ট কৰা হৈছিল । তদন্তৰ পৰিসৰ আৰু বাঢ়িব । এছ আই টিয়ে অভিযোগনামা দাখিলৰ পাছত আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছো । বহু কথা উপলব্ধ হৈছে । সেইটো আৰম্ভ হৈছে ক'ভিডৰ আগৰ পৰা । বিগত আঠ বছৰৰ পৰা এটা ডাঙৰ ষ্ট'ৰী চলি আছে । তাৰ প্ৰমাণ আমাৰ আছে । যাৰ বাবে এছ আই টিক কৈছো যে ৮ তাৰিখে অভিযোগনামা দাখিল পাছত তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়ক । জীৱিতকালত জুবিন গাৰ্গক অন্যায় কৰা এজনো মানুহ সাৰি যাব নোৱাৰিব । আমি ইমান দূৰলৈ যাম ।"
বিৰোধীয়ে উত্থাপন কৰা প্ৰশ্ন আৰু বিতৰ্কৰ উত্তৰ দি মুখ্যমন্ত্রীয়ে কয়, "জুবিন গাৰ্গৰ মৃত্যু ১৯ ছেপ্টেম্বৰত হয় আৰু ২০ ছেপ্টেম্বৰত আমি প্ৰথম গোচৰ ৰুজু কৰো । প্ৰথম দিনাই আমাৰ সন্দেহ হয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয় । যাৰ বাবে বি এন এছৰ ছেকশ্যন ৬১ ক্ৰিমিনেল ষড়যন্ত্র, ১০৫ Culpable Homicide, ১০৬ ক'জিং ডেথ বাই ৰেচ এণ্ড নেগলিজেন্স এক্টত ২০ ছেপ্টেম্বৰত গোচৰ ৰুজু কৰা হয় । কিন্তু এই ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ কালতে অসম আৰক্ষী নিশ্চিত হয় যে এই ঘটনা Culpable Homicide আৰু অৱহেলা নহয়, এইটো এটা সাধাৰণ হত্যাকাণ্ডৰ ঘটনা । তাৰ কাৰণে ঘটনাৰ দুদিনৰ ভিতৰতে অসম চৰকাৰে আদালতত প্ৰাৰ্থনা জনায় । এই ঘটনাটো হত্যাকাণ্ড আৰু ৬১, ১০৫ আৰু ১০৬ ৰ লগত ধাৰা ১০৩ যোগ দিব লাগে । ইয়াৰ ওপৰত আদালতত বিতৰ্ক হয় আৰু অসম আৰক্ষীৰ আবেদন গ্ৰহণ কৰি আদালতে ছেকশ্যন ১০৩ যোগ দিয়ে । হত্যাকাণ্ডৰ কথাটো মুখ্যমন্ত্রীয়ে কোৱা কথা নহয় । অসম আৰক্ষীয়েই হত্যাকাণ্ডৰ ঘটনা বাবেই সেই ধাৰা যোগ দিয়াৰ বাবে আদালতত আবেদন কৰে । আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত ধৰা পৰে যে এইটো এটা হত্যাকাণ্ডৰ ঘটনা । আদালতে ধাৰা ১০৩ যোগ দিবলৈ অনুমতি দিয়ে । ধাৰা ১০৩ যোগ নকৰা হ'লে আজিলৈকে গোটেই কেইজন অভিযুক্তৰ জামিন হ'লহেতেন । সিদ্ধাৰ্থ শৰ্মাও দুমাহৰ পিছত ওলালহেঁতেন ।"
মুখ্যমন্ত্রীয়ে হত্যাকাণ্ড বুলি কেনেকৈ গম পালে ?
সেই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে উত্তৰ দি কয়, "হত্যাৰ কথা এছ আই টিয়ে মোক কোৱা নাই । ঘটনাৰ আৰম্ভণিৰ পৰাই এইটো যে হত্যাকাণ্ড তাৰ ওপৰত আদালতত আবেদন দাখিল হৈছে । এই বিষয়টো বিৰোধী পক্ষই আজিলৈকে গম পোৱা নাই । তাৰ পৰাই মই অনুভৱ কৰো যে গোটেই ঘটনাটোৰ ওপৰত বিৰোধী পক্ষৰ সম্যক ধাৰণা হোৱা নাই । বিৰোধীৰ হাতত পাব্লিক ডকুমেণ্ট নাই । নাই বাবে মোক বাৰে বাৰে সুধি আছে কেনেকৈ গম পালো । আজিলৈকে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি মহন্ত আদি হত্যাৰ গোচৰত জেলত আছে । এই কথাটো মই আজি স্পষ্ট কৰি দিলো । এইটো এটা সাধাৰণ হত্যাকাণ্ড আৰু ইয়াত সন্দেহৰ অৱকাশ নাই । এছ আই টিয়ে ৮ ডিচেম্বৰত চাৰ্জশ্বীট দাখিল কৰিব । চাৰ্জশ্বীট দাখিল কৰাৰ পিছত যদি সদনে অনুভৱ কৰে যে এই চাৰ্জশ্বীটখন ভুল আৰু সদন কমিটীৰ প্ৰয়োজন আছে তেন্তে তাত আমি আপত্তি নকৰো । কিন্তু আমি প্ৰথম সুবিধা এছ আই টিক দিব লাগিব ।"
মুখ্যমন্ত্রীয়ে কয়, "ছিংগাপুৰৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত জুবিন গাৰ্গৰ নশ্বৰদেহ দিল্লীৰ পৰা অসমলৈ অনা হয় । লাখ লাখ মানুহৰ আবেগৰ মাজতে আমি তেখেতক সন্মান সহকাৰে বিদায় দিও । সকলোৰে অনুৰোধৰ প্ৰতি সন্মাই জনাই জি এম চি এইচত জুবিনৰ মৰণোত্তৰ পৰীক্ষা কৰোৱা হয় । আমি সকলো প্ৰতিবেদন লাভ কৰো । ছিংগাপুৰৰ পৰাও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আমি লাভ কৰো । জুবিন গাৰ্গক হত্যা কৰাৰ আঁৰত থকা কাৰণটোৱে মানুহক দুঃখিত কৰিব । চাৰ্জশ্বীট দাখিল কৰাৰ দিনা মানুহে দুখেই পাব । ঘটনা সন্দৰ্ভত ২৫২ জন লোকৰ জবানবন্দী গ্ৰহণ কৰা হৈছে । ২৯ জন মেম্বাৰৰ ২৯ টা ছিজাৰ কৰিব পৰা গৈছে । সাতজনক গ্ৰেপ্তাৰ কৰা হৈছে । সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, শ্যামকানু মহন্ত, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছে । তদন্তকালত এছ আই টিৰ দল ছিংগাপুৰলৈ গৈছে । তথ্যও দিছে ছিংগাপুৰ চৰকাৰে । ১০জন এন আৰ আইক তদন্তৰ আওতালৈ অনা হৈছে । এছ আই টিৰ তদন্ত প্ৰক্ৰিয়াক ভাৰত চৰকাৰৰ গৃহ মন্ত্রণালয়ে মানি লৈছে । জুবিনৰ ঘটনাটো হত্যাকাণ্ড বুলি গৃহ মন্ত্রণালয়ৰ পৰা অভিযোগনামা দাখিলৰ আমি অনুমতি লাভ কৰো ।"
মুখ্যমন্ত্রীয়ে কয়, "৮ নাইবা ১০ ডিচেম্বৰত আমি গোটেই ঘটনাটোৰ সম্পূৰ্ণ সাক্ষী-প্ৰমাণসহ আদালতত অভিযোগনামা দাখিল কৰিম । ইয়াৰ পিছত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন কৰিম যে- এই গোটেই ঘটনাটোৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে । বিৰোধীয়ে এছ আই টিৰ ভুল ধৰি অভিযুক্তসকলক লিগেল এচিছটেন্স দি আছে । হত্যা বুলি ক'লেও বেয়া পায় । এছ আই টিয়ে ৮ তাৰিখে চাৰ্জশ্বীট দাখিল কৰিব । ন্যায়পালিকাই আমাক সন্দেহ কৰা নাই । আমি কতো ভুল কৰা নাই। বিৰোধীয়ে সন্দেহ কৰি দিনে দিনে ভুল উলিয়ায় । আমি ছিংগাপুৰৰ পৰা তথ্য আনিছো । আমি জানো বিৰোধীয়ে ক'ত হেঁচা দিব বিচাৰিছে ।"
মুখ্যমন্ত্রীয়ে লগতে কয়, "বিহু কমিটীক নামাতিলে জুবিনৰ মৃত্যুৰ গোচৰৰ তদন্ত সম্পূৰ্ণ নহয় । গোটেই ঘটনাটোৱেই টকা-পইচা সম্পৰ্কীয় । অপৰাধীয়ে শাস্তি পোৱাটো আমি বিচাৰো । জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অসম চৰকাৰে যিটো ক্ষীপ্ৰ গতিত কৰিছে ইয়াৰ সমান্তৰাল একো নাই । আদালতে কি ৰায়দান দিব সেইটো আদালতৰ কথা । মোৰ টীমৰ ওপৰত মোৰ বিশ্বাস আছে । আমি চাৰ্জশ্বীট দিয়াৰ পাছত অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব । বিহু কমিটীক মতা কিমান জৰুৰী আছিল তাকো অসমৰ ৰাইজে জানিব পাৰিব । ৮ তাৰিখে তদন্তৰ ৰিপ'ৰ্ট দিম । ছিংগাপুৰৰ অনুষ্ঠানৰ বাবে অসম চৰকাৰৰ কোনো বিভাগে এপইচাও দিয়া নাই । জুবিনৰ ন্যায় বিচাৰি এছ আই টিক নিৰুৎসাহ নকৰিব । শপতনামা দাখিল কৰিবলৈ দিয়ক ।"
অখিল গগৈক কটাক্ষ কৰি মুখ্যমন্ত্রীয়ে কয় যে জুবিন গাৰ্গক লৈ অখিল গগৈয়ে ৰাজনীতি কৰিছে । অখিল গগৈক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্রীয়ে চি বি আই তদন্ত নিদিয়াৰ কথা সদৰী কৰে । আনহাতে জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াৰ দাবীক বিজেপিয়ে সমৰ্থন কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে বিৰোধীৰ দাবীৰ প্ৰতি সমৰ্থন জনাই জুবিন গাৰ্গক ভাৰতৰত্ন দিব লাগে বুলি সদনত প্ৰস্তাৱ কৰাৰ লগতে বিৰোধীক তেওঁলোকৰ স্থিতিৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰে ৷
মুখ্যমন্ত্রীয়ে কয়, "জুবিনক ইমান তৰলভাৱে নল'ব । জুবিনৰ ভাৰতৰত্নৰ প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মা আৰু দেৱব্ৰত শইকীয়াই চহী কৰিব আৰু সদনত প্ৰস্তাৱ আহিব । আমি সদনত আলোচনা কৰিম । এনেদৰে জুবিনৰ বন্দনা নহয় । জুবিনৰ ভাৰতৰত্নৰ প্ৰস্তাৱ সদনত আনক । আমি সকলোৱে বিচাৰো । জুবিনৰ বন্দনা কৰি আমি প্ৰস্তাৱ পঠাম । জুবিন আমাৰ সকলোৰে । জুবিনক অসমীয়াৰ পৰা সন্দেহজনক অসমীয়াৰ সম্পত্তি হ'বলৈ নিদিও ।"
ইফালে অধ্যক্ষই বাৰম্বাৰ সকিয়াই দিয়াৰ পাছতো মুখ্যমন্ত্রীৰ বক্তব্যৰ মাজত বাধা প্ৰদান কৰাৰ বাবে অখিল গগৈক সদনৰ পৰা নিলম্বন কৰা হয় । উল্লেখ্য যে সদনত জুবিন গাৰ্গৰ প্ৰসংগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক মনোৰঞ্জন তালুকদাৰ, অখিল গগৈ, আশ্ৰাফুল হুছেইনকে ধৰি কেইবাগৰাকী বিৰোধী বিধায়কে কেতবোৰ প্ৰশ্নৰ অৱতাৰণা কৰাৰ লগতে চৰকাৰক সমালোচনা কৰে । বিৰোধীৰ সকলো প্ৰশ্ন আৰু সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্রীয়ে ।
লগতে পঢ়ক : বীৰুৰ বিয়োগত ম্ৰিয়মান জয়, বিগ বিৰ কলমৰ পৰা নিগৰিল গধুৰ গধুৰ শব্দ

