ETV Bharat / state

ৰীতা চৌধুৰীয়ে পৰোক্ষভাৱে মানুহক উত্তেজিত কৰি আছে: মুখ্যমন্ত্ৰী

জুবিনৰ নাম লৈ ভোট দিলে বিজেপিক ৰাইজে প্ৰথম চিন্তা কৰিব । কৈ দিলে মুখ্যমন্ত্ৰীয়ে ৷

Zubeens samadhi SOP
ৰীতা চৌধুৰীয়ে পৰোক্ষভাৱে মানুহক উত্তেজিত কৰি আছে: মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 24, 2025 at 6:57 PM IST

6 Min Read
Choose ETV Bharat

শিলচৰ: "মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি । কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব । তাৰ মানে পৰোক্ষভাৱে মানুহক উত্তেজিত কৰি আছে ।" বিশিষ্ট সাহিত্যিক ড৹ ৰীতা চৌধুৰীয়ে জুবিনৰ সমাধিক্ষেত্ৰক লৈ জাৰি কৰা এছ অ' পি সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিলচৰত এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে পুৱা শ্ৰীভূমিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী সমাপ্ত কৰি দুপুৰীয়াৰ ভাগত শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে । এই অনুষ্ঠানৰ পিছতে সাংবাদিকৰ সৈতে হোৱা মুখামুখিত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে ।

ৰীতা চৌধুৰীয়ে পৰোক্ষভাৱে মানুহক উত্তেজিত কৰি আছে: মুখ্যমন্ত্ৰী (ETV Bharat Assam)

পামী বৰঠাকুৰক এছ আই টিয়ে মতা নাই

আনহাতে, গৰিমা গাৰ্গ আৰু পামী বৰঠাকুৰ শুকুৰবাৰে এছ আই টিৰ সন্মুখত হাজিৰ হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "মই নাভাবোঁ যে পামী বৰঠাকুৰক মাতিছে, লগত গৈছে । কিন্তু এছ আই টিয়ে গৰিমা গাৰ্গৰ পৰা কিছুমান ইনফৰ্মেচন ল'বলগীয়া আছিল । আমি কৈছিলোঁ ঘৰত ল'ম নেকি । তেখেতে কৈছিল যে ঘৰত নালাগে, মই নিজে চি আই ডিত যাম ।"

মুখ্যমন্ত্ৰীও জুবিনৰ ন্যায় বিচাৰি নামিব ৰাজপথত

বিৰোধীয়ে জুবিনৰ ন্যায়ৰ দাবীত মুখ্যমন্ত্ৰী ৰাজপথত কেতিয়া নামিব বুলি সোধা প্ৰশ্নৰ ওপৰত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, "ময়ো নামি আছোঁ, ছাৰ্জশ্বীট দিয়াৰ পিছদিনা । যিদিনাখন ছাৰ্জশ্বীট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত । কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব । মইতো মুখ্যমন্ত্ৰীহে, মইতো চীফ জাষ্টিচ নহয় । গতিকে যিদিনাখনে আমি এছ আই টিক ৰিপ'ৰ্ট দি দিম, পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম । কাৰণ ময়োতো 'জাষ্টিচ ফৰ জুবিন'তে আছোঁ ।"

ৰাতি ১০ টাৰ পিছত সমাধিক্ষেত্ৰলৈ কোন যাব লাগে

আনহাতে, জুবিনৰ সমাধিক্ষেত্ৰ সন্দৰ্ভত চৰকাৰী এছ অ' পি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, "একো এছ অ' পি দিয়া নাই । ৰাতি ১০ টাৰ পিছত কোন যাব লাগে । ৰাতি ১০ টাৰ পিছত কোনো কামাখ্যা মন্দিৰতো নাযায় । এনেই কিছিমান কথা কৈ মানুহক উত্তেজিত কৰিব নালাগে । লাগিলে তেওঁ যিয়েই নহওক কিয়... ৰাতি সোণাপুৰত লোকেল মানুহ থাকে । তেওঁলোকে ইমান মৰমেৰে জাগাখিনি এৰি দিছে । তেওঁলোকক গোটেই ৰাতি আমি দিগদাৰি কৰি থাকিম নেকি ।"

উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব

ইফালে ড৹ ৰীতা চৌধুৰীৰ বক্তব্যৰ আঁতধৰি মুখ্যমন্ত্ৰীয়ে কয়, "... উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব । ৰাতিপুৱা ছয়টাৰ পৰা ১০ টা । ইমান সময় আছে, আৰু সময় লাগিব ? ... চৰকাৰে উত্তেজিত কৰিব বিচৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব । একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় । ভূপেন হাজৰিকাৰ সমাধিতো ৰাতি ১০ টা বজাৰ পিছত কোনো নাযায় । এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব বিচাৰিছে ।"

নতুন ল'ৰা উত্তেজিত হৈ যাব এইবিলাক কি কথা

ৰীতা চৌধুৰীৰ বক্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, "... এইবিলাক কি কথা, নতুন ল'ৰা উত্তেজিত হৈ যাব । নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই । নিজৰ অসমত নিজে উত্তেজিত হ'ব । অসমখন তেওঁলোকৰ জন্মভূমি নহয় । নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় । নতুন ল'ৰাই অসমখন মোতকৈ বেছি ভালপায়, সেইকাৰণে অসমত আজিলৈকে একো গণ্ডগোল হোৱা নাই ।"

জুবিনৰ নাম লৈ ভোট দিলে বিজেপিক প্ৰথম চিন্তা কৰিব

২০২৬ ৰ নিৰ্বাচনত জুবিনৰ মৃত্যুৰ প্ৰভাৱ পৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, " '২৬ৰ ইলেকচনততো মানুহে আমাকে বেছি ভোট দিব । জুবিনক ছিংগাপুৰৰ পৰা আনিলোঁ, জুবিনৰ ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টিক্ৰিয়া কৰিলোঁ । জুবিনৰ ন্যায় দিম... মইতো ৰাজনীতিৰ পৰা জুবিনক ১০০০ কিঃমিঃ দূৰৈত ৰাখিম । কিন্তু যদি জুবিনৰ নাম লৈ কোনোবাই ভোট দিয়ে সকলোৱে বিজেপিক প্ৰথম চিন্তা কৰিব যে বিজেপিয়ে ইমান ধুনীয়াকৈ জুবিনৰ কামবিলাক এটাৰ পিছত এটাকৈ কৰি গৈছে । কিন্তু মই জুবিনৰ নামত ভোট নিবিচাৰোঁ ।"

হিন্দু সমাজৰ বিৰুদ্ধে কাম কৰিছে বিৰোধীয়ে

ইফালে অখিল গগৈৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "... কোনো এইবিলাক ইছ্যু নাই । বিৰোধীয়ে এইটো ইছ্যু জীয়াই ৰাখিছে হিন্দু সমাজৰ বিৰুদ্ধে । অখিল গগৈয়ে জীয়াই ৰাখিছে বিজেপিৰ বিৰুদ্ধে নহয়, হিন্দুৰ বিৰুদ্ধে । কয় জুবিনৰ জাতি নাই, কি তেওঁ অসমীয়া নহয় । কয় জুবিনৰ ধৰ্ম নাই, তেওঁ হিন্দু নহয় ।"

উল্লেখ্য যে বৰাকত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকে মন্ত্ৰী কৌশিক ৰায়, মন্ত্ৰী কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, ৰাজ্যসভাৰ সাংসদ কনাদ পুৰকায়স্থ, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক মিহিৰ কান্তি সোম আদি নেতাসকল ।

শিলচৰত অনুষ্ঠিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত শিলচৰ সমষ্টিৰ ১৩,১৯৩ গৰাকী মহিলাক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে । আনহাতে, আবেলি মুখ্যমন্ত্রী শিলচৰ মেডিকেল কলেজত উপস্থিত হৈ শিলচৰ মেডিকেল কলেজত ১৯৮ কোটি টকা ব্যয়েৰে ২০৮ খন বিছনাযুক্ত নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ শিলান্যাস কৰে । ইয়াৰ পাছত সন্ধিয়াৰ ভাগত তেওঁ শিলচৰ-হাইলাকান্দি ৰোডত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিশাটো শিলচৰ পুলিচ গেষ্ট হাউছত কটাব ।

শনিবাৰে তেও লক্ষীপুৰ সমজিলাত দুটা মণ্ডল বিজেপি কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিব । ইয়াৰ পাছত লক্ষীপুৰৰ লাবক খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত যোগদান কৰি বিয়লি পুনৰ গুৱাহাটীলৈ উভতি যাব ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰী মহোদয়, আপুনি এজন পৰিপক্ক ৰাজনীতিক, তোষামোদকাৰীয়ে দিয়া ছবিখন ভুলো হ'ব পাৰে... পঢ়ক এখন বিশেষ চিঠি
লগতে পঢ়ক :জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত : ছিংগাপুৰত কি পালে এছ আই টিয়ে, ক'লে মুন্না প্ৰসাদ গুপ্তাই