মুখ্যমন্ত্ৰী ৰুষ্ট; বিজেপিৰ দুই টিকট প্ৰত্যাশীৰ ৰাজনৈতিক ভৱিষ্যত এতিয়া অন্ধকাৰত
বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যৰ মুকলি সংঘাতত অসন্তুষ্ট মুখ্যমন্ত্ৰী ৷ দুয়োৰে টিকট লাভৰ পথ ৰুদ্ধ হৈ পৰিল বুলিয়েই বাৰ্তা দিলে হিমন্ত বিশ্ব শৰ্মাই

Published : December 25, 2025 at 10:00 AM IST
গুৱাহাটী : শেহতীয়াকৈ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিত বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু দলৰ আন এগৰাকী নেতা হিমাংশু শেখৰ বৈশ্যৰ মুকলি সংঘাত হোৱা দেখা গৈছে । যাক লৈ ভাৰতীয় জনতা পাৰ্টীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন বিৰোধীৰ মাজতো বিষয়টোৱে গুৰুত্ব লাভ কৰিছে । তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে বিষয়টোক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিছে ।
বিজেপি নেতাসকলক সংযমী হৈ থকাৰ আহ্বান জনাই ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "দুয়োজনে কালি যি ঘটনা কৰিছে দুয়োজনৰে নম্বৰ নিগেটিভ হৈ গ'ল । এতিয়া পলাশবাৰীত তৃতীয়া মানু্হ এজন চাব লাগিব । এই কাৰ্যক লৈ মই অত্যন্ত বেয়া পাইছোঁ । এতিয়া এনেকুৱা লাগিব যে দুয়োজনে টিকট পাব নালাগে । সেইকাৰণে মই কওঁ যে সংযম হ'ব লাগে । বিজেপিত থাকিলে বিনম্ৰ হ'ব লাগে আৰু সমাজক ভয় কৰি চলিব লাগে । সমাজতকৈ যদি নিজকে ডাঙৰ বুলি ভাবো তেতিয়াহ'লে আমাৰো অৱস্থা কংগ্ৰেছৰ দৰে হ'ব । সমাজক ভয় কৰি চলিলেহে আমি চলিব পাৰিম ।"
বুধবাৰে গুৱাহাটীত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে । মহানগৰীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰেক্ষাগৃহত স্বাস্থ্য বিভাগৰ বিভিন্ন কাৰিকৰী আৰু অ-কাৰিকৰী পদত নির্বাচিত ২১৫ গৰাকী চাহ জনগোষ্ঠী আৰু আদিবাসী প্রার্থীক নিযুক্তি পত্ৰ বিতৰণৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে নির্বাচিত ২১৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী অশোক সিংহল, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "স্বাস্থ্য বিভাগৰ এই পদসমূহৰ নিযুক্তি পত্ৰ ইতিমধ্যে প্ৰদান কৰা হৈছে যদিও চাহ জনজাতি আৰু আদিবাসীৰ ৩ শতাংশ সংৰক্ষিত আসনত ২১৫ গৰাকী প্রার্থীক আমি আজি সুকীয়াকৈ নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ । কাৰণ আজি নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলে যাতে নিজৰ অঞ্চললৈ গৈ সংৰক্ষণৰ কথাটো ক'ব পাৰে । সকলোৱে গম পাই চেষ্টা কৰিলে চাহ বাগিচাৰ লোকসকলেও বাগানত পাত তোলা কাম এৰি চাকৰি লাভ কৰিব পাৰে ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত ৩ শতাংশ আসনত সংৰক্ষণ কৰি নিযুক্তি দিয়া হ'ল । ইয়াৰ পিছত শীঘ্ৰে অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিত চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ বাবে ৩ শতাংশ আসনত সংৰক্ষণ মুকলি কৰা হ'ব । ১০ জানুৱাৰীত এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি দিয়া হ'ব । মাঘ বিহুৰ পিছতেই চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি প্ৰদান কৰা হ'ব । জানুৱাৰীত চাহ বাগিচাত ১০০ খন হাইস্কুল মুকলি কৰা হ'ব ।"
লগতে পঢ়ক :নিৰ্বাচনৰ নমিনেচন দিয়াৰ পূৰ্বে সন্তান দুটা ভাৰতীয় কৰিবনে নাই ? গৌৰৱ গগৈক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ

