ফিফা বিশ্বকাপৰ পৰা কামাখ্যা কৰিডৰলৈ...মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত কি কি ক’লে ?
মুখ্যমন্ত্ৰীগৰাকীয়ে লাইভৰ আৰম্ভণিতে ফিফা বিশ্বকাপ ফুটবলৰ কথা উল্লেখ কৰি ফুটবল অনুৰাগীসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷

Published : July 16, 2026 at 9:40 PM IST
|Updated : July 16, 2026 at 10:57 PM IST
গুৱাহাটী: ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ ৷ কেইবাখনো উন্নয়নমূলক আৰু হিতাধিকাৰী আঁচনিৰ কথা ৰাইজক জনাবলৈ বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ কৰে ৷ এই লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি কামাখ্যা কৰিডৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত মধুপুৰ সত্ৰ আদিৰ লগতে পুথিভঁৰাল, কিতাপৰ অধ্যয়ন আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লাইভৰ আৰম্ভণিতে ফিফা বিশ্বকাপ ফুটবলৰ কথা উল্লেখ কৰি ফুটবল অনুৰাগীসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ বুধবাৰে ইংলেণ্ড আৰু আৰ্জেণ্টিনাৰ মাজত অনুষ্ঠিত ছেমি ফাইনেলখন উপভোগ কৰা বুলিও সদৰী কৰে ৷ খেলখনৰ প্ৰথম অংশত সকলোৱে ইংলেণ্ড জিকিব বুলি ভাবি থাকিলেও আৰ্জেণ্টিনাই দুগ’ল কৰি খেলখনত জয়লাভ কৰাৰ প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ তেওঁ কয় যে ১৯৮৬ চনতো ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড আৰু আৰ্জেণ্টিনাৰ মাজত তয়াময়া প্ৰতিদ্বন্দ্বিতা হৈছিল ৷ কালিৰ খেলখনতো একেই হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ ফাইনেলত অৱতীৰ্ণ হ’বলগা স্পেইন আৰু আৰ্জেণ্টিনাক শুভেচ্ছা জ্ঞাপন কৰে ৷
লাইভটোৰ পৰৱৰ্তী অংশত পূৰ্বে কোৱাৰ দৰে মুখ্যমন্ত্ৰীয়ে কোনটো দলক সমৰ্থন কৰে, সেয়া ৰাইজক জানিবলৈ নিদিলে ৷ ইয়াৰ একমাত্ৰ কাৰণ মুখ্যমন্ত্ৰীৰ পুত্ৰ ৷ তেওঁৰ পুত্ৰই আৰ্জেণ্টিনাক মনে-প্ৰাণে সমৰ্থন কৰাৰ বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে কোনটো দলক সমৰ্থন কৰে, সেয়া ৰাইজৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷
অসমত ফিফা বিশ্বকাপৰ খেল যাতে প্ৰতিগৰাকী অনুৰাগীয়েই উপভোগ কৰিব পাৰে, তাৰবাবে ৰাজ্যৰ কেইবাটাও স্থানত ‘চিএম ফিফা ফুটবল পাৰ্ক’ গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ, উত্তৰ লখিমপুৰকে ধৰি কেইবাখনো চহৰত আয়োজন কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে কয় ৷ প্ৰতিটো প্ৰজন্মৰে লোকসকলে এই ফেন ক্লাবত পুৱতি নিশালৈকে ফুটবল উপভোগ কৰাৰ যি দৃশ্য, তাক লৈ অভিভূত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷ তেওঁ কয় যে যিখন অসমত কিছুবছৰ আগলৈকে বোমা, বাৰুদেৰে ভৰি আছিল, তেনে এখন ৰাজ্যত মানুহে মুকলিমুৰীয়াকৈ পুৱতি নিশালৈকে ফুটবল উপভোগ কৰাৰ দৃশ্যই মুখ্যমন্ত্ৰীক আপ্লুত কৰিছে ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ভাৰতীয় সমাজ বিশেষকৈ ওড়িয়া সমাজক জগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰাৰ শুভেচ্ছা জনায় ৷ জগন্নাথ ৰথযাত্ৰা হিন্দু সনাতনী সমাজৰ এক ধৰ্মীয় উৎসৱ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ এই অনুষ্ঠানৰ সফলতা কামনা কৰি মুখ্যমন্ত্ৰীয়ে সকলোকে শুভকামনা যাঁচে ৷
বিগত কিছুদিনৰে পৰা অসমত চৰ্চাত থকা আন এটা বিষয় হৈছে মাচ্চা চাহ ৷ এই চাহ বিশেষকৈ জাপানীসকলে ব্যৱহাৰ কৰে ৷ বিশেষকৈ বিভিন্ন ধৰণৰ শাক-পাচলি, ব্ৰেড, চিকেন আদিৰে তৈয়াৰ কৰা খাদ্যত তেওঁলোকে মাচ্চা চাহৰ কলি ব্যৱহাৰ কৰা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ জাপানীসকলে পতা ‘টি চেৰিমনী’ ত এই চাহ ব্যৱহাৰ কৰা হয় ৷ অসমৰ চাহ খেতিয়ক মৃগেন জালানৰ উদ্যোগত ৰাজ্যৰ এখন বাগিচাত এইবাৰ মাচ্চা চাহ উৎপাদন কৰা হৈছিল ৷ এই চাহ তিনি হাজাৰ টকা প্ৰতিকেজিত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কৰা বুলি মুখ্যমন্ত্ৰীয়ে লাইভত কয় ৷ তেওঁ ৰাজ্যৰ প্ৰতিগৰাকী চাহ খেতিয়কক মাচ্চা টি, অৰ্থডক্স টিৰ খেতি কৰিবলৈ আহ্বান জনাই যাতে ৰাজ্য চৰকাৰে অধিক পৰিমাণৰ চাহ ৰপ্তানি কৰিব পাৰে ৷ আনকি এইবাৰৰ বিত্তীয় বাজেটত মাচ্চা টি, অৰ্থডক্স টি, চিটিচি টি বিদেশলৈ পঠিওৱাৰ ক্ষেত্ৰত বিশেষ ৰাজসাহায্যৰ ব্যৱস্থা কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷ এনেবোৰ পদক্ষেপৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে চাহ উদ্যোগৰ সৈতে জড়িত সোণালী অতীতৰ গৌৰৱময় দিনসমূহ ঘূৰাই আনিব বুলি আশা প্ৰকাশ কৰে ৷
তাৰপিছতে মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত বাজেট বক্তৃতাত দিয়া কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে ৷ এইবাৰ অসমত কৃষি আৰু জলসিতাৰপিছতে মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত বাজেট বক্তৃতাত দিয়া কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে ৷ এইবাৰ অসমত কৃষি আৰু জলসিঞ্চন দুইটাৰ ওপৰতে অধিক গুৰুত্ব দিয়া, অসমক সেউজীয়া শক্তিৰ ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰা আদিৰ দৰে বাজেটত ৰখা কেইবাটাও প্ৰস্তাৱ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে ৷ ৰাজ্য চৰকাৰে দুই লাখ চাকৰি প্ৰদানৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাক হাতে-কামে বাস্তবায়িত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷
নিৰ্বাচনৰ পূৰ্বে গ্ৰহণ কৰা জনদৰদী, কল্যাণকামী আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ বাজেটৰ বাবে যি দুটা মাহ এই আঁচনি কাৰ্যকৰী হোৱাত বাধাৰ সৃষ্টি হৈছিল, সেইবোৰ পুনৰাই কাৰ্যকৰী হ’ব বুলি এইবাৰ বাজেটত উল্লেখ কৰা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ বিশেষকৈ তিনি আগষ্টৰ পৰা ৰাজ্যত পুনৰ অৰুণোদয় আঁচনি আৰম্ভ হ’ব ৷ তাৰ বাবে প্ৰতিখন পঞ্চায়ততে একোখন সভা অনুষ্ঠিত হ’ব ৷ এই সভাত নতুন চৰকাৰৰ অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি প্ৰদান কৰা হ’ব ৷
আনহাতে, ৬ আৰু ৭ আগষ্টত মহাবিদ্যালয়সমূহত ৰাজ্য চৰকাৰৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰ-পত্ৰসমূহ বিতৰণ কৰা হ’ব ৷ প্ৰ-পত্ৰত উল্লেখ কৰা নিৰ্দিষ্ট তাৰিখত ছাত্ৰ-ছাত্ৰীসকলে এয়া পুনৰ জমা দিব লাগিব ৷ তাৰপিছতে ৰাজ্য চৰকাৰে ছেপ্টেম্বৰ মাহৰ পৰা এই আঁচনিৰ ধন বিতৰণ কৰিব ৷
তাৰপিছতে মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত বাজেট বক্তৃতাত দিয়া কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে ৷ এইবাৰ অসমত কৃষি আৰু জলসিঞ্চন দুইটাৰ ওপৰতে অধিক গুৰুত্ব দিয়া, অসমক সেউজীয়া শক্তিৰ ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰা আদিৰ দৰে বাজেটত ৰখা কেইবাটাও প্ৰস্তাৱ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে ৷ ৰাজ্য চৰকাৰে দুই লাখ চাকৰি প্ৰদানৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাক হাতে-কামে বাস্তবায়িত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷
নিৰ্বাচনৰ পূৰ্বে গ্ৰহণ কৰা জনদৰদী, কল্যাণকামী আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ বাজেটৰ বাবে যি দুটা মাহ এই আঁচনি কাৰ্যকৰী হোৱাত বাধাৰ সৃষ্টি হৈছিল, সেইবোৰ পুনৰাই কাৰ্যকৰী হ’ব বুলি এইবাৰ বাজেটত উল্লেখ কৰা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ বিশেষকৈ ৩ আগষ্টৰ পৰা ৰাজ্যত পুনৰ অৰুণোদয় আঁচনি আৰম্ভ হ’ব ৷ তাৰ বাবে প্ৰতিখন পঞ্চায়ততে একোখন সভা অনুষ্ঠিত হ’ব ৷ এই সভাত নতুন চৰকাৰৰ অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি প্ৰদান কৰা হ’ব ৷
হিতাধিকাৰীসকলে আগষ্ট মাহৰ চাউলৰ লগতে সুলভ মূল্যৰ দালি, চেনি লাভ কৰিব ৷ আনহাতে, স্নাতক ডিগ্ৰীৰ পিছত এবছৰৰ বাবে ৰাজ্য চৰকাৰৰ অধীনত পাবলগীয়া জীৱন প্ৰেৰণা আঁচনিৰ ধনো চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা লাভ কৰিব ৷
উল্লেখ্য যে, বৃহস্পতিবাৰৰ এই লাইভটো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা দিয়া হৈছিল ৷ য’ত আছে বহু প্ৰসিদ্ধ লেখক-লেখিকাৰ কিতাপেৰে সমৃদ্ধ এটা পুথিভঁৰাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিঘৰতে নাইবা প্ৰতিটো কাৰ্যালয়তে এটা পুথিভঁৰাল থকাৰ পোষকতা কৰে ৷ মানুহে বিজ্ঞানৰ জৰিয়তে বহুখিনি সফলতা লাভ কৰিলেও কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তুলি জীৱনত আগুৱাই যাবলৈও মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উৎসাহ যোগায় ৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ কাৰ্যকালৰ এটা অন্যতম প্ৰতিজ্ঞাৰ কথা আজিৰ ফেচবুক লাইভৰ জৰিয়তে অসমবাসীক ব্যক্ত কৰে ৷ সেয়া হৈছে এটা পুথিভঁৰাল স্থাপন ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থকা পুথিভঁৰালটোত প্ৰায় ৫০০০ কিতাপ আছে বুলি তেওঁ জানিবলৈ দিয়ে ৷
তাৰপিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইখনমান গুৰুত্বপূৰ্ণ আঁচনি সম্পৰ্কে ৰাইজক অৱগত কৰে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী মহানগৰীত নতুনকৈ মুকলি কৰা কেইখনমান উৰণসেতুত ৰাজ্য চৰকাৰে সৌন্দৰ্যবৰ্ধনৰ বাবে ‘ওলোমা উদ্যান’ নিৰ্মাণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷ যদিহে এইক্ষেত্ৰত ৰাইজৰ সঁহাৰি আশা কৰা ধৰণে হয়, তেন্তে অনাগত সময়ত চৰকাৰে বহল পৰিসৰত ৰাজ্যৰ আন আন চহৰসমূহতো এই প্ৰচেষ্টা কাৰ্যকৰী কৰিব ৷
ৰাজ্যৰ বান পৰিস্থিতিৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে ৷ ৰাজ্যৰ কোনো স্থানত মথাউৰি ভঙা নাই যদিও কিছুদিন পূৰ্বে ধেমাজি, লখিমপুৰত বান বিভীষিকাই দেখা দিয়া বুলি মুখ্যমন্ত্ৰীয়ে লাইভত কয় ৷ এই সময়ত হোৱা দুখ-কষ্টৰ বাবে ৰাইজক সকলো প্ৰকাৰৰ সহায় কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে জনায় ৷ বানৰ সমানে সমানে গৰাখহনীয়াই গুৰুতৰ সমস্যা হৈ পৰা বুলিও তেওঁ উল্লেখ কৰে ৷
এইবেলি বিধানসভাত কেইবাখনো আইন আনিবলৈ চেষ্টা কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷ বিশেষকৈ ৰাজহ সম্পৰ্কীয়, ভূমি সম্পৰ্কীয় আইনে যাতে সাধাৰণ লোকক উপকাৰ সাধন কৰিব পাৰে, তাৰ বাবে সেয়া বাস্তৱত ৰূপায়িত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিব ৷
উত্তৰ প্ৰদেশৰ অন্যতম গুৰুত্বপূৰ্ণ তীৰ্থস্থান কাশী বিশ্বনাথৰ প্ৰসংগও মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত স্থান পায় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথত যি কৰিডৰ নিৰ্মাণ কৰিছে, একেই ব্যৱস্থা কামাখ্যা মন্দিৰত গ্ৰহণ কৰাৰ পোষকতা কৰে মুখ্যমন্ত্ৰীয়ে ৷ এইধৰণৰ ব্যৱস্থাৰ ফলত তীৰ্থযাত্ৰীসকলে কোনো অসুবিধাৰ সন্মুখীন নহয় ৷ ২০২৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে কামাখ্যা কৰিডৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু বহুদিন ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত বিষয়টো বিচৰাধীন হৈ থকাই ৰাজ্য চৰকাৰে এই কাম আৰম্ভ কৰিব পৰা নাই ৷ প্ৰায় ৫০০ কোটি টকা ব্যয়ৰে কামাখ্যা কৰিডৰ নিৰ্মাণ কৰা হ’ব ৷
আনহাতে, বটদ্ৰৱা সত্ৰৰ সৌন্দৰ্যবৰ্ধনৰ পিছত ৰাজ্য চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ অন্তিম সময়ৰ সৈতে জড়িত কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবেও প্ৰচেষ্টা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ তাৰবাবে ৰাজ্য চৰকাৰে পশ্চিমবংগ চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছে ৷ ইয়াৰ বাবে বাজেটত ৩৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে ৷ সমান্তৰালকৈ শিৱসাগৰৰ কাৰেংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ কথাও ৰাজ্য চৰকাৰে চিন্তা কৰিছে ৷
মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত ধুৰন্ধৰ, ককাদেউতাৰ নাতি আৰু হাতীৰ দৰে ছবিৰ প্ৰসংগয়ো স্থান পায় ৷ অনতিপলমে ৰাজ্য চৰকাৰে নিজাববীয়া অ’টিটি প্লেটফৰ্মৰ সুবিধা উপলব্ধ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে ৷ ধুৰন্ধৰ ছবিৰ প্ৰযোজক আদিত্য ধৰৰ সৈতে হোৱা মুখ্যমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে বীৰ লাচিত বৰফুকনৰ জীৱনীভিত্তিক ছবি নিৰ্মাণৰ আলোচনা কৰে ৷ এই প্ৰসংগত আগষ্ট মাহত ধৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব ৷ আনহাতে, ককাদেউতাৰ নাতি আৰু হাতী এক আৰু দুইৰ প্ৰসংগটো উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকী নষ্টালজিক হৈ পৰে ৷
উল্লেখ্য যে, মিছন বসুন্ধৰাৰ জৰিয়তে ৰাজ্য়ৰ দহ লাখ পৰিয়াল উপকৃত হৈছে ৷ এই কথা মুখ্যমন্ত্ৰীয়ে কয় ৷ ভূমি সম্পৰ্কীয় যিকোনো সমস্যা অতি সহজে মিছন বসুন্ধৰা ১, ২, ৩ ৰ জৰিয়তে সমাধান হোৱা বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কয় ৷ অৱশ্যে বহুক্ষেত্ৰত ভূমিৰ শ্ৰেণীৰ ওপৰত ভিত্তি কৰি এতিয়া বহু সমস্যা সমাধান কৰিবলৈ বাকী থকা বুলি মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত প্ৰকাশ কৰে ৷
লগতে পঢ়ক: বনাঞ্চল ৰক্ষাৰ বাবে ফৰেষ্ট বেটেলিয়নে সকলো কৰিব পাৰে: বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা

