ক্ষেত্ৰীৰ পথ দুৰ্ঘটনাৰ বাবে এনএইচএআই কৰ্তৃপক্ষই দায়িত্ব ল'ব লাগিব : মুখ্যমন্ত্ৰী
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ প্ৰয়োজনীয়তা আছে ৷ শীঘ্ৰে মেৰামতিৰ আশ্বাস দিছে এনএইচএআই কৰ্তৃপক্ষই - মুখ্যমন্ত্ৰী

By PTI
Published : August 31, 2026 at 8:14 PM IST
হায়দৰাবাদ : দেওবাৰে নিশা ক্ষেত্ৰীত সংঘটিত পথ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ সোমবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয়, "২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাৰ বাবে দায়িত্ব ল'ব লাগিব ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷ পথৰ মেৰামতিৰ প্ৰয়োজনীয়তা আছে ৷"
মুখ্যমন্ত্ৰীয়ে কয়,"মই মুখ্য সচিব ৰবি কোটাক সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এনএইচএআই কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিছিলো ৷ সেই অনুসৰি তাৎক্ষণিভাবে এনএইচএআই কৰ্তৃপক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পথচোৱা মেৰামতিৰ বাবে ব্যৱস্থা ল'ব বুলি আমাক প্ৰতিশ্ৰুতি দিছে ৷ লগতে তেওঁ লোকেও নিজাববীয়াকৈ তদন্তৰ ঘোষণা কৰিছে ৷"
তেওঁ লগতে কয়,"ৰাইজে কৈছে যে ৰাষ্ট্ৰীয় ঘাইপথত থকা বৃহৎ বৃহৎ গাঁতৰ বাবে এই দুৰ্ঘটনাটো হৈছে ৷ কিন্তু ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে পথৰ মেৰামতিৰ অভাৱ হোৱাৰ কথা পোহৰলৈ আহিছে ৷ হঠাৎ হোৱা দুৰ্ঘটনাটোৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই দায়িত্ব ল'ব লাগিব ৷"
মুখ্যমন্ত্ৰীয়ে কয়,"দুৰ্ঘটনাটোত নিহত সকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে পাঁচ লাখ আৰ্থিক ক্ষতিপূৰণ দিয়াৰ লগতে আহত সকলৰ চিকিৎসা বিনামূলীয়া হ'ব ৷ ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে তদন্ত আৰম্ভ কৰিছে ৷ তদন্তত যিকোনো ব্যক্তি দোষী বা গাফিলতিৰ বাবে দায়ী বুলি প্ৰমাণিত হ’লে কোনো কাৰণতে দোষীক ৰেহাই দিয়া নহ’ব । জনসাধাৰণৰ জীৱন আৰু সুৰক্ষাৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ’ব ।"
উল্লেখ্য যে, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলগেদ্ৰা অঞ্চলত এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু মালবাহী ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত বৰ্তমানলৈ ৭ গৰাকী লোকৰ মৃত্যু হৈছে ৷

