জুবিন ক্ষেত্ৰক লৈ কিয় একো কৰিব বিচৰা নাছিল চৰকাৰে ? ক্ষোভেৰে ক'লে মুখ্য়মন্ত্ৰীয়ে
জুবিন ক্ষেত্ৰক লৈ পুনৰ কঠোৰ হ'ব চৰকাৰ প্ৰশাসন ।

Published : February 10, 2026 at 9:00 AM IST
ডিব্ৰুগড় : অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী । প্ৰিয় শিল্পীজনক হেৰুৱাই যেন এতিয়াও স্বাভাৱিক হ'ব পৰা নাই কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা শিল্পীজনৰ অনুৰাগী । সেয়েহে প্ৰতিক্ষণতেই জনতাৰ সোঁত বৈ আছে জুবিনক্ষেত্ৰলৈ ।
শিল্পীগৰাকীৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰখনক লৈ শেহতীয়াকৈ এজন কেব চালকে সামাজিক মাধ্য়মত কৰা মন্তব্য়ৰ পিচতেই ৰাইজৰ চকু কঁপালত উঠিছে । কাৰণ ধূলিৰে ভৰি থকা এই ক্ষেত্ৰখন দেখি কলকাতাৰ পৰা অহা পৰ্যটকে নাক কোচোৱাৰ পিচত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ পিচতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিলে মন্তব্য় ।
কিয় চৰকাৰে এই ক্ষেত্ৰখন পৰিষ্কাৰ কৰা নাছিল সেই সন্দৰ্ভতো মুখ্য়মন্ত্ৰীয়ে কৰিলে মন্তব্য় । সোমবাৰে ডিব্ৰুগড়ৰ চাবুৱাত এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আজি জিলা আয়ুক্তক নিৰ্দেশ দিছো জুবিনক্ষেত্ৰ পৰিষ্কাৰ কৰিবলৈ । জুবিন ক্ষেত্ৰক লৈ মই নিজেই একো কৰিব বিচৰা নাছিলো, কাৰণ কিবা এটা কৰিব বিচাৰিলে মানুহে গালি পাৰে । ইয়াৰ আগত যেতিয়া সময় ১০টা কৰিম বুলি কৈছিলো তেতিয়া মোক গালি গালাজ কৰিলে । সেইবাবে জুবিন ক্ষেত্ৰ বিষয়টোৰ পৰা মই দূৰত আছিলো কিন্তু; এতিয়া পৰিয়ালে আহ্বান জনাইছে যেতিয়া মই আজি নিৰ্দেশ দিছো সন্মুখৰ দোকানসমূহ আঁতৰাই দিব লাগে, জুবিনক্ষেত্ৰ পৰিষ্কাৰ কৰিব লাগে আৰু বাউণ্ডেৰী ৱাল দিব লাগে ।"
" আজিৰ পৰাই কাম আৰম্ভ কৰিবলৈ কৈছো । ইমান দিনে মই দোকান আঁতৰাই দিয়া হ'লে মোক ধৰিলে হয় । আজি যিহেতু পৰিয়ালে ক'লে সেয়ে নিৰ্দেশ দিছো পৰিষ্কাৰ কৰিব লাগে, দোকান সমূহ আঁতৰাব লাগে আৰু সীমাৰ দেৱাল নিৰ্মাণৰ কাম সোনকালে কৰিব লাগে ।" এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।

