ETV Bharat / state

জুবিনৰ মৃত্যুৰ আবেগক ৰাজনীতিলৈকে ৰূপান্তৰ কৰিব নালাগে: মুখ্যমন্ত্রী

‘‘এটা মহলে নিৰ্বাচনৰ পূৰ্বে অসমক অশান্ত কৰাৰ অহৰহ প্ৰচেষ্টা চলাই আহিছে’’ - এই ভাষ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

ZUBEEN GARG DEATH
ছিংগাপুৰৰ উপ-উচ্চায়ুক্তৰ সৈতে বৈঠকত মিলিত মুখ্যমন্ত্ৰী (CM Himanta Biswa Sarma's fb account)
author img

By ETV Bharat Assamese Team

Published : October 15, 2025 at 11:53 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী: ‘‘ক্ষীপ্ৰ গতিত চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত । এই গোচৰৰ ন্যায় কেৱল আদালতে দিব’’ - এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । বুধবাৰে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত অসমৰ ৰাইজক ধৈৰ্য ধৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে বাক্সাৰ কাৰাগাৰৰ সন্মুখত সৃষ্টি হোৱা পৰিৱেশক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

মুখ্যমন্ত্রীয়ে কয়, ‘‘ৰাজ্যত যি এক ভয়ানক পৰিৱেশ সৃষ্টি কৰিব খুজিছে, সি সঁচাকৈ গৰিহণাৰ যোগ্য । আজি বাক্সাৰ কাৰাগাৰৰ সন্মুখত সংঘটিত হোৱা ঘটনা অত্যন্ত দুখজনক । ন্যায়ৰ বাবে আমি আদালতৰ ওপৰত বিশ্বাস ৰাখিবই লাগিব । আজি ৰাজনৈতিক দলসমূহে সাধাৰণ ৰাইজক উত্তেজিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টা অসমৰ স্বাৰ্থত নহয়, ই বহুদিনলৈ অসমক ক্ষতি কৰিব । 'কা' আন্দোলনে যিদৰে অসমক বহু দিনলৈ ক্ষতি কৰিছিল, সেইদৰে এই ব্যৱস্থাটোৱে অসমক বহু দিনলৈ ক্ষতি কৰিব । সাধাৰণ জনতাই ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰখা উচিত । অসম পুলিচে নিৰ্ধাৰিত সময়ত তদন্ত শেষ কৰি ন্যায়ালয়ৰ সন্মুখলৈ জুবিনৰ ঘটনাত দোষী সকলোকে লৈ যাব ।’’

দিল্লীত ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত এলিচ চেঙৰে মুখ্যমন্ত্রীৰে বৈঠক

উল্লেখ্য যে বুধবাৰে নতুন দিল্লীৰ অসম ভৱনত মুখ্যমন্ত্রীয়ে ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত এলিচ চেঙৰ সৈতে এক সাক্ষাতত মিলিত হয় । বৈঠকত ছিংগাপুৰ চৰকাৰক অসম আৰক্ষীলৈ পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্রীয়ে অনুৰোধ জনাইছে, যাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰাৰ প্ৰচেষ্টাক আগুৱাই লৈ যাব পৰা যায় ।

এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ‘‘ক্ষীপ্ৰ গতিত চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত । অসমৰ ৰাইজক ধৈৰ্য ধৰক । ছিংগাপুৰতো চলি আছে আৰক্ষীৰ তদন্ত । ভাৰতৰ দৰে ছিংগাপুৰতো তদন্তৰ বাবে ৩ মাহৰ প্ৰয়োজন । তদন্তৰ পাছত ছিংগাপুৰ আৰক্ষীয়ে দিব প্ৰতিবেদন । দুই দেশৰ তথ্যৰ ভিত্তিত আদালতে দিব ৰায় । ছিংগাপুৰ পুলিচে ৩ মাহৰ ভিতৰত জুবিন মৃত্যুকাণ্ডক লৈ আদালতত ছাৰ্জশ্বীট প্ৰদান কৰিব বুলি সদৰী কৰিছে ছিংগাপুৰৰ উপ-উচ্চায়ুক্তগৰাকীয়ে । আদালতত যেতিয়া এই প্ৰতিবেদন দাখিল কৰিব, তেতিয়া সকলোৰে বাবে ছিংগাপুৰে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব বুলিও ছিংগাপুৰৰ উপ-উচ্চায়ুক্তগৰাকীয়ে জনাইছে ।’’

ZUBEEN GARG DEATH
ছিংগাপুৰৰ উপ-উচ্চায়ুক্ত এলিচ চেঙৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma's fb account)

মুখ্যমন্ত্রীয়ে কয়, ‘‘ছিংগাপুৰে যোৱাকালি বিচাৰিছিল যে এছ আই টিৰ কোন কোন বিষয়া ছিংগাপুৰলৈ যাব আৰু আলোচনাৰ বিষয়বস্তু কি হ'ব । এই সন্দৰ্ভত ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্রালয়ে ছিংগাপুৰ কৰ্তৃপক্ষক জনাইছে যে অসম আৰক্ষীৰ এই দুজন বিষয়া যাব বিচাৰে আৰু আলোচনাৰ এই চাৰিটা পইণ্ট । এইক্ষেত্রত ছিংগাপুৰ কৰ্তৃপক্ষই সেউজ সংকেত দিলেহে অসম আৰক্ষী যাব পাৰিব । তদন্তৰ প্রতিবেদন নিৰ্ধাৰিত সময়ত দিব বুলি আশ্বাস ছিংগাপুৰৰ উপ-উচ্চায়ুক্তৰ । তদন্ত হৈ থকাৰ সময়ত ছিংগাপুৰ আৰক্ষীয়ে কোনোধৰণৰ মন্তব্য নকৰে । তথ্যৰ আদান-প্ৰদান হ'ব । তদন্তৰ ক্ষেত্রত ছিংগাপুৰ আৰক্ষীৰ বিশ্বৰ ভিতৰতে সুনাম আছে । ছিংগাপুৰৰ উপ-উচ্চায়ুক্তই অসমৰ ৰাইজক বিশ্বাস ৰাখিবলৈ কৈছে ।’’

অসমক অশান্ত কৰাৰ অহৰহ প্ৰচেষ্টা চলিছে

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘এচামে জুবিনৰ মৃত্যুৰ সময়ৰ পৰাই অসমক অশান্ত কৰাৰ চক্ৰান্ত কৰি আহিছে । প্ৰতিদিনে সামাজিক মাধ্যমত মানুহক প্ৰৰোচিত উত্তেজিত কৰাৰ চক্ৰান্ত কৰিছিল । ন্যায় প্ৰদানৰ অধিকাৰ কেৱল আদালতৰ । একাংশই নিৰ্ধাৰিত সময়তকৈ বহু আগতে চাৰ্জৰ দাবীৰে অদ্ভূত বাতাবৰণৰ সৃষ্টিৰ চেষ্টা কৰিছে । প্ৰতিটো কথাতে প্ৰৰোচনা কৰা হৈছে । এটা মহলে নিৰ্বাচনৰ পূৰ্বে অসমক অশান্ত কৰাৰ অহৰহ প্ৰচেষ্টা চলাই আহিছে । বাক্সাৰ ঘটনা তাৰেই অংশ ।’’

ৰাইজক ভুল তথ্য দি ৰাজনীতি কৰা হৈছে

মুখ্যমন্ত্রীয়ে লগতে কয়, ‘‘সাধাৰণ মানুহে একো বুজি নাপায় । কিন্তু তেওঁলোকৰ নেতৃত্বত থকা মানুহে যেতিয়া তেওঁলোকক উচতনি দিলে তেতিয়া স্বাভাৱিকতে তেওঁলোক উত্তেজিত হৈ পৰে । জুবিনৰ মৃত্যুৰ আবেগক ৰাজনীতিলৈকে ৰূপান্তৰ কৰিব নালাগে । জুবিনৰ মৃত্যুটো কাৰো বাবে ৰাজনৈতিক আশীৰ্বাদ হ'ব নোৱাৰে । ৰাইজে ৰাজনীতি কৰা নাই । ৰাইজক ভুল তথ্য দি ৰাজনীতি কৰা হৈছে । যিখিনি মানুহে মিছা কথা উলিয়াই আছে তেওঁলোকে জীৱনকালত কেতিয়াও জুবিনক ভালপোৱা নাছিল । বেছিভাগেই ৰাজীৱ শদিয়াৰ ঘটনাটোৰ পাছত জুবিনক সমালোচনা কৰিছিল । আজি তেওঁলোকেই হঠাতে নিজৰ নিজৰ ফেচবুক পোষ্টত থকা পোষ্টবোৰ ডিলিট কৰি ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী জুবিনৰ কোনো অনুষ্ঠানত নাপাব । ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে আটাইতকৈ বেছি জুবিনক গালি পাৰিছিল । আজি সেইসকলে হঠাতে জুবিনৰ বন্ধু হৈ পৰিল । তেওঁলোকে এফালৰ পৰা ৰাইজক গুলীকাণ্ড নোহোৱা পৰ্যন্ত তথা নেপাল সদৃশ পৰিৱেশ এটা নোহোৱালৈকে এই ঘটনাটো ঠাণ্ডা হ'ব নিদিও বুলি মনতে ভাবি থৈছে । ইয়াৰ ফলত অসমৰ ক্ষতি হ'ব । বিকাশ অসম বুলি বীৰ লাচিত সেনাৰ এজন ল’ৰা আছে যিজনে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত জুবিনক লৈ বেয়াকৈ লিখিছিল । আজি সেইজনে কৈছে ন্যায় লাগে, চিঞৰ মৰাৰ কথা কৈছে । যোৰহাটৰ উৎপল বৰাৰ কথা ইতিমধ্যে কৈছো । আজি সেইবিলাকে হঠাতে অনুৰাগী হৈ পৰিল । আজি এটা কথা লিখি ৰাখক যে ২০২৬ ৰ এপ্ৰিলত যিদিনাখনে ভোটগ্ৰহণ হৈ যাব, তাৰপাছতে এই এজনো মানুহ জুবিনৰ লগত নাথাকে । জুবিনক ডিব্ৰুগড়ৰ পৰা চিকিৎসাৰ বাবে এয়াৰলিফ্ট কৰি মই লৈ যোৱাৰ সময়ত এইসকল লোকেই সমালোচনা কৰিছিল । গতিকে এই মানুহখিনিৰ জুবিনৰ প্ৰতি অনুৰাগ নাই । তেওঁলোকৰ এটাই কথা যে ২০২৬ৰ নিৰ্বাচনত আমি জুবিনৰ নাম লৈ জিকিব লাগে । আমি ৰাইজে বিচৰা ধৰণে সকলো কাম কৰি গৈছো । এইসকল লোকে এপ্ৰিললৈকে অসমখনক অগ্নিগৰ্ভা কৰি ৰখাটো বিচাৰিছে । কাৰণ জুবিনৰ জীৱিতকালত এইসকল লোক কেতিয়াও জুবিনৰ অনুৰাগী নাছিল । মোৰ সম্পূৰ্ণ বিশ্বাস আছে এছ আই টিয়ে জুবিনক ন্যায় দিব ।’’

ছিংগাপুৰৰ পৰা অহাসকলৰ নিৰাপত্তাৰ প্ৰসংগ

ছিংগাপুৰৰ পৰা সাক্ষ্য দিবলৈ অহাসকলৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘ছিংগাপুৰৰ পৰা অহাসকলে এছ আই টিৰ উপৰি আদালতত সাক্ষ্যদান দিছে । আকৌ মাতিলে আহিব । তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালন কৰিছে । ৱাজেদৰ বাহিৰে ছিংগাপুৰৰ বাকী দহজন আহি সাক্ষ্য দি গৈছে । তেওঁলোকক নিৰাপত্তা দিবই লাগিব । তেওঁলোকো অসমীয়া । নিৰাপত্তাৰ যোগ্য বাবে দিয়া হৈছে । বাক্সাৰ ঘটনাটোৱে প্ৰমাণ কৰিছে যে নিৰাপত্তাৰ প্ৰয়োজন আছে । কিবা হ'লে তেওঁলোকৰ মাক-দেউতাকক মই কি উত্তৰ দিম । বাক্সাৰ ঘটনাটো আৰু ডাঙৰ হৈ চাৰি-পাঁচজনৰ মৃত্যু হ'লে ঘটনাটো সমগ্ৰ অসমৰ ওপৰত আহি যাব । গতিকে পুলিচে নিজৰ দায়িত্ব পালন কৰিব ।’’

ইফালে অসম হাউচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত ছিংগাপুৰৰ উপ-উচ্চায়ুক্ত এলিচ চেঙে সংবাদ মাধ্যমৰ আগত কয়, ‘‘সম্পূৰ্ণ পেছাদাৰীভাৱে ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই আছে ।’’ সমান্তৰালকৈ অসমৰ ৰাইজক কিছু ধৈৰ্যৰে অলপ সময় ছিংগাপুৰ আৰক্ষীক সময় দিবলৈ অনুৰোধ জনাই উচ্চায়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: শ্যামকানু-সিদ্ধাৰ্থহঁতৰ বাবে জ্বলিছে বাক্সা ! অগ্নিগৰ্ভা বাক্সাত সাময়িকভাৱে বাতিল ইণ্টাৰনেট সেৱা, ১৬৩ ধাৰা জাৰি