ETV Bharat / state

এটা বিশেষ সম্প্ৰদায়ৰ ওচৰত কংগ্ৰেছে শিৰ নত কৰিছে : মুখ্যমন্ত্রী

শুকুৰবাৰে সন্ধিয়া সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে কেইবাটাও বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

HIMANTA BISWA SARMA FB LIVE
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 16, 2026 at 11:55 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰ বিতৰ্ক । শুকুৰবাৰে এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

নিশা দিছপুৰৰ লোকসেৱা ভৱনৰ কাৰ্যালয়ৰ পৰা ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে কেইবাটাও প্ৰসংগত ব্যক্ত কৰে প্ৰতিক্ৰিয়া । মুখ্যমন্ত্রীয়ে কয়, ‘‘বিগত এসপ্তাহৰ পৰা এটা বিতৰ্ক গাঢ় হৈ উঠিছে । সদৌ অসম সংখ্যালঘু ছাত্র সন্থা চমুকৈ আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰ নামৰ এজন যুৱকৰ কংগ্ৰেছত যোগদান । সাধাৰণতে কোনো লোকে কংগ্ৰেছত যোগদান কৰিলে আমি আপত্তি নকৰো । কিন্তু যোগদান কৰাৰ দিনা তেওঁ এটা অত্যন্ত আপত্তিকৰ মন্তব্য কৰে । সেইটো হৈছে যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাম আৰু ধুবুৰীক শিৱসাগৰ বনাম ।’’

মুখ্যমন্ত্রীয়ে কয়, ‘‘ধুবুৰীক শিৱসাগৰ বনালে মোৰ আপত্তি কৰিবলগীয়া একো নাই । কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব পৰিব নেকি । কাৰণ ধুবুৰীৰ ৮০ শতাংশ জনগন বাংলাদেশ মূলৰ লোকেৰে পৰিপূৰ্ণ হৈ উঠিছে । তাত এতিয়া অসমীয়া সংস্কৃতি ম্লান হৈছে আৰু গৌৰৱগাঁথাৰ সামৰণি পৰিছে । শিৱসাগৰ হ'ল অসমীয়াৰ জাতিৰ প্ৰাণস্পন্দন । অসমীয়া ভাষাৰ নৱজাগৰণ শিৱসাগৰৰ পৰাই আৰম্ভ হৈছিল । এই শিৱসাগৰখনক কেনেকৈ ধুবুৰীলৈ লৈ যাম । ই সম্ভৱো নহয়, বাস্তৱো নহয় । কিন্তু আপত্তিকৰ কথাটো হ'লে যে আমি শিৱসাগৰক ধুবুৰী বনাম । তাৰ মানে আমাক কি বুজোৱা হৈছে । শিৱসাগৰতো বাংলাদেশ মূলৰ মানুহ আহিব আৰু আজি ধুবুৰীৰ যি অৱস্থা সেই অৱস্থা শিৱসাগৰৰ হ'ব । সেই যুৱকজনে এতিয়া শৈক্ষিক জেহাদৰ কৰাৰ কথা কৈছে । শিৱসাগৰৰ ডি চি, যোৰহাটৰ ডি চি, গুৱাহাটীৰ ডি চি বাংলাদেশ মূলৰ হ'ব । এনেধৰণৰ ব্যক্তিয়ে যেতিয়া কংগ্ৰেছত যোগদান কৰে আৰু এনেকুৱা ধৰণৰ কথা কয় তেতিয়া যোৰহাটৰ সাংসদ গৌৰৱ গগৈ তাত একেলগে বহি আছিল । তেওঁ এনে আপত্তিকৰ কথা কোৱা সময়ত গৌৰৱ গগৈয়ে থিয় হৈ ক'ব লাগিছিল যে কংগ্ৰেছৰ মঞ্চত এনে কথা ক'ব নাপায় । তাৰ পিছতো ক'লে দলৰ পৰা বহিস্কাৰ কৰাৰ প্ৰয়োজনীয়তা আছিল । তেওঁক বহিস্কাৰ নকৰিলে । কিন্তু তেওঁ নিজেই কংগ্ৰেছ ত্যাগ কৰিলে । এতিয়া যুৱকজন সংখ্যালঘু মানুহৰ মাজত একপ্ৰকাৰ হিৰো হৈ পৰিল । অৰ্থাৎ গৌৰৱ গগৈয়ে এই যুৱকজনক নায়ক হোৱাৰ সুযোগ দিলে । আমাৰ স্বাভিমানৰ বিনিময়ত গৌৰৱ গগৈয়ে এজন ল'ৰাক সংখ্যালঘু সমাজত নায়ক হ'বলৈ আগবঢ়াই লৈ গ'ল । কেইদিন মান পূৰ্বে কংগ্ৰেছৰ এজনে সংখ্যালঘুৰ বাবে ৪৭ খন আসন সংৰক্ষিত হ'ব লাগে বুলি কৈছিল । ধৰ্মৰ ভিত্তিত সংৰক্ষণ হয় নেকি । এমাহ হৈ গ'ল কোনো ব্যৱস্থা লোৱা দেখা নগ'ল । এটা বিশেষ সম্প্ৰদায়ৰ ওচৰত কংগ্ৰেছে শিৰ নত কৰিছে ।’’

সাংসদ গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ পাকিস্তান সংযোগৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘ডেভচৰ পৰা ঘূৰি আহি এই মাহটো শেষ হোৱাৰ পূৰ্বে এজন সাংসদৰ পাকিস্তান সম্পৰ্কৰ কথা ৰাইজৰ আগত সদৰি কৰিম । এটা বিশেষ গোষ্ঠীৰ প্ৰতি মৰম আৰু পাকিস্তানৰ লগত গোপন সম্পৰ্ক এই গোটেই বিলাকে অসমৰ ৰাজনীতিত আজি এটা সংকটৰ প্ৰতিচ্ছবি লৈ আহিছে । আমি জাতিটো সংকটৰ পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টা কৰিছো । কিন্তু এচাম লোকে নিজৰ নিহিত স্বাৰ্থৰ বাবে আমাৰ জাতিটোক সদায় দুৰ্বল কৰি ৰাখিব খোজে । আমাৰ সামূহিক শক্তিয়ে আমাক সদায় সুৰক্ষিত কৰি ৰাখিব ৷’’

প্ৰধানমন্ত্রীৰ অসম ভ্ৰমণ আৰু বাগৰুম্বা নৃত্যৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘দহ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য প্ৰধানমন্ত্রীয়ে উপভোগ কৰিব । ইতিমধ্যে ৩২ হাজাৰ লোকে পাচ লৈছে । প্ৰথমে অহা ২০ হাজাৰক সৰুসজাইৰ মূল ষ্টেডিয়ামত বহাৰ ব্যৱস্থা কৰা হ'ব । পাছত অহাসকলক ওচৰৰ ফুটবল ফিল্ডত বহুৱাৰ ব্যৱস্থা কৰা হ'ব । বড়ো সমাজৰ বাবে ডাঙৰ দিন । নিশা প্ৰধানমন্ত্রী গুৱাহাটীত থাকিব । পিছদিনা পুৱা ১১ বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব । এই ৰাজহুৱা সভাতে প্ৰধানমন্ত্রীয়ে কলিয়াবৰৰ পৰা বোকাখাতলৈ ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ তথা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব । ব্যয় হ'ব প্ৰায় ৭ হাজাৰ কোটি টকা । সাধাৰণতে জখলাবন্ধাৰ পৰা বোকাখাত পাবলৈ একৰ পৰা ডেৰ ঘণ্টা সময় লাগে । এলিভেটেড কৰিডৰ হ'লে মাত্র আধা ঘণ্টা সময় লাগিব । কাজিৰঙাৰ বন্য জীৱ-জন্তু ৰক্ষা পৰিব আৰু সমান্তৰালভাৱে উজনি আৰু গুৱাহাটীৰ দূৰত্ব এক ঘণ্টা কমি যাব । অসমবাসীৰ বাবে অত্যন্ত আনন্দৰ দিন হ'ব ।’’

বিভিন্ন আঁচনিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘মহিলা উদ্যমিতা অভিযানৰ পুঁজি ৮৫ টা সমষ্টিত বিতৰণ কৰা হৈছে । লক্ষ্য ৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব । 'এটি কলি দুটি পাত' আঁচনি ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । ডুমডুমাত শুভাৰম্ভণি হ'ব । মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম আঁচনি ৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা আৰম্ভ হ'ব । ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সামৰণি মৰা হ'ব । মুখ্যমন্ত্রীৰ জীৱন প্ৰেৰণা আঁচনি ১০ ফেব্ৰুৱাৰীত আৰম্ভ কৰা হ'ব । আনহাতে জীৱন অনুপ্ৰেৰণা আঁচনি ১১ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব । ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীসকলক উদগণিমূলক অনুদান আগবঢ়োৱাৰ আঁচনিখন ১৫ ফেব্ৰুৱাৰীৰ আগতে সম্পূৰ্ণ কৰা হ'ব । আমি ঘোষণা কৰা আমাৰ আঁচনিসমূহ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিম । ২০ ফেব্ৰুৱাৰীত অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি ৮০০০ টকা এককালীনভাৱে আগবঢ়াম । অসম চৰকাৰৰ সকলো নিযুক্তি অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সামৰণি মৰা হ'ব ।’’

মুখ্যমন্ত্রীয়ে লগতে কয়, ‘‘এই বছৰ ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে অসমক ৱৰ্ল্ড ইকনমিক ফ'ৰামত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিছে । ১৯ তাৰিখে পুৱা ডেভচলৈ যাম আৰু চাৰিদিন থাকিম । ৱৰ্ল্ড ইকনমিক ফ'ৰামত মই অসমক প্ৰতিনিধিত্ব কৰিম । নিৰ্বাচনৰ দিন চমু চাপি আহিছে । আমি আমাৰ বাজেটত ঘোষণা কৰা আঁচনিসমূহৰ প্ৰত্যেকটো আঁচনি অহা ২০ ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ বাবে মই সংকল্পবদ্ধ । যোৱাবাৰ ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণা হৈছিল । স্বাভাৱিকতে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ আগতে প্ৰতিশ্ৰুতি দিয়া প্ৰত্যেকটো আঁচনি বাস্তৱত ৰূপায়িত কৰিব লাগিব ।’’

মুখ্যমন্ত্রীয়ে কয়, ‘‘ফেব্ৰুৱাৰী মাহত ৰাজ্যবাসীয়ে আৰু কেইবাটাও নতুন নতুন উপহাৰ লাভ কৰিব । গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ দলং ফেব্ৰুৱাৰীত প্ৰধানমন্ত্রীৰ দ্বাৰা মুকলি কৰা হ'ব । আনহাতে ফেব্ৰুৱাৰী মাহৰ ভিতৰত বামুণীমৈদাম-গুৱাহাটী ক্লাবৰ উৰণসেতুখন ৰাইজৰ বাবে মুকলি কৰি দিব পাৰিম । যোৰহাটৰ এ টি ৰোডত নিৰ্মাণ কৰি থকা উৰণ সেতুখনো ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে মুকলি কৰিম । ডিফুৰ উৰণসেতুখনো ফেব্ৰুৱাৰীত মুকলি কৰাৰ চেষ্টা কৰিছো । ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয় চৌহদ নিৰ্মাণ কৰাৰ বিশাল আঁচনি ৩০ তাৰিখে বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে । কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে ৩০ জানুৱাৰীত আধাৰশিলা স্থাপন কৰিব । সেইদৰে ডিব্ৰুগড়ৰ ষ্টেডিয়ামৰ প্ৰথম পৰ্যায়ৰ কামৰ উদ্বোধন কৰিব । ফেব্ৰুৱাৰীত বহু আঁচনি ৰূপায়ণ হ'ব ।’’

লগতে পঢ়ক: বিধানসভা বৃত্তান্ত : জানো আহক ৰঙাপৰা বিধানসভা সমষ্টিক