ETV Bharat / state

জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ বাবে বিশিষ্ট আইনজ্ঞৰ দল গঠন : কেবিনেটৰ পাছতে ক’লে মুখ্যমন্ত্রীয়ে

জুবিন গাৰ্গ ন্যাসলৈ চৰকাৰৰ ফালৰ পৰা ৫ কোটি টকা । ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

ASSAM GOVT CABINET DECISION
অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 9, 2026 at 10:40 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শুকুৰবাৰে নিশা দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

সংবাদমেলত মুখ্যমন্ত্রীয়ে কয়, ‘‘জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰৰ পক্ষ যুক্তি সহকাৰে আদালতত ৰাখিবলৈ বিশেষ পাব্লিক প্ৰচিকিউটৰৰ টীম এটা গঠন কৰা হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জীয়াউল কামাৰে এই টীমটোৰ বিশেষ পাব্লিক প্ৰচিকিউটৰৰ দায়িত্ব পালন কৰিব । তেওঁৰ লগত থাকিব ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰ । পাঁচজন অধিবক্তাৰে গঠিত এই ন্যায়িক টীমটোৱে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিব ।’’

আনহাতে, কেবিনেটে জুবিন গাৰ্গ ন্যাসলৈ ৫ কোটি টকাৰ এককালীন আৰ্থিক সহায় আগবঢ়ায় ৷ মুখ্যমন্ত্রীয়ে লগতে কয়, ‘‘বড়ো সাহিত্য সভাক এটা মাল্টিপাৰ্পাছ প্ৰজেক্ট কৰাৰ বাবে কেবিনেটে বেতকুছিত এক বিঘা মাটি আবণ্টন দিয়ে । আনহাতে মৰিগাঁও, ডিব্ৰুগড়, কাছাৰৰ বিভিন্ন স্থানত বিভিন্ন ব্যক্তিক মিছন বসুন্ধৰাৰ অধীনত ভূমিৰ আবণ্টন দিয়া হয় ।’’

কেবিনেটত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত বিশদ আলোচনা কৰা হয় । এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ‘‘প্ৰধানমন্ত্রী মোদী ১৭ জানুৱাৰীৰ বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব । সিদিনা সৰুসজাইৰ ষ্টেডিয়ামত প্ৰধানমন্ত্রীয়ে ৮-১০ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব । প্ৰধানমন্ত্রী নিশা কইনাধৰাৰ এক নং ৰাজ্যিক অতিথিশালাত থাকিব । পিছদিনা পুৱা ১১ বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল’ব । এই ৰাজহুৱা সভাতে প্ৰধানমন্ত্রীয়ে কলিয়াবৰৰ পৰা বোকাখাতলৈ ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাই অভাৰ তথা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব । কাজিৰঙা আৰু বোকাখাতৰ মাজত হ'ব এই এলিভেটেড কৰিডৰ । এই প্ৰকল্পত ব্যয় হ’ব ৬,৯৫৭ কোটি টকা আৰু কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে ইয়াৰ অনুমোদন দিছে । ইয়াৰ ফলত যোৰহাটৰ পৰা গুৱাহাটীৰ দূৰত্ব কমিব ।’’

মুখ্যমন্ত্রীয়ে লগতে কয়, ‘‘গুৱাহাটী আৰু কলকাতাৰ মাজত চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’ল । ১৭ জানুৱাৰীত প্ৰধানমন্ত্রীয়ে কলকাতাৰ পৰা এই ট্ৰেইনৰ ফ্লেগ অফ কৰিব । আনহাতে ১৮ জানুৱাৰীত প্ৰধানমন্ত্রীয়ে আমাক আৰু দুখন ট্ৰেইন দিব । এখন ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌলৈ যাব আৰু আনখন নতুন ট্ৰেইন গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ যাব । এই দুখন ট্ৰেইন প্ৰধানমন্ত্রীয়ে এলিভেটেড কৰিডৰৰ লগতে আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব । দুটা দিনত আমি তিনিখন ট্ৰেইন লাভ কৰিবলৈ সক্ষম হ’ম ।’’

লগতে পঢ়ক: সাংসদ অজিত কুমাৰ ভূঞাৰ দলটোত কোন আছে : প্ৰশ্ন মুখ্যমন্ত্রীৰ