বিধানসভাত দাখিল হ'ব তিৱাৰী আয়োগৰ লগতে মেহতা আয়োগৰ প্ৰতিবেদন : কেবিনেটৰ সিদ্ধান্ত
অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত আৰু কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, জানিবলৈ পঢ়ক...

Published : November 24, 2025 at 12:27 AM IST
গুৱাহাটী : অসম বিধানসভাৰ অধিৱেশনত তিৱাৰী আয়োগৰ লগতে মেহতা আয়োগৰ প্ৰতিবেদন দাখিল কৰা হ'ব । এই সিদ্ধান্ত অসম চৰকাৰৰ কেবিনেটৰ । দেওবাৰে নিশা দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদমেল যোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্রীয়ে কয়, "১৯৮৩ চনত অসমত যিমানকেইটা হিংসাত্মক ঘটনা সংঘটিত হৈছিল সেই গোটেই কেইটাকে সামৰি ত্রিভূৱন প্ৰসাদ তিৱাৰী আয়োগ গঠন কৰা হৈছিল । তিৱাৰী আয়োগৰ প্ৰতিবেদন ১৯৮৭ চনত প্ৰফুল্ল কুমাৰ মহন্তই বিধানসভাত দাখিল কৰিছিল । কিন্তু তাৰ কপি সদনত দিয়া নাছিল । সেই ঘটনাত দুই হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল । অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই ২৫ নবেম্বৰত তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা হ'ব আৰু বিধায়কসকলৰ মাজত বিতৰণ কৰা হ'ব ।
"আনহাতে ছাত্র সন্থাৰ আহ্বানমৰ্মে তিৱাৰী আয়োগৰ লগতে সেই সময়ত মুক্তি যুঁজাৰু সন্মিলনে গঠন কৰা মেহতা আয়োগৰ প্ৰতিবেদনো বিধানসভাত দাখিল কৰা হ'ব । চৰকাৰীভাৱে কৰা আৰু বেচৰকাৰীভাৱে কৰা দুয়োখন প্ৰতিবেদন একেলগে বিধানসভাত দাখিল কৰা হ'ব । অসম আন্দোলনৰ সময়ৰ সেই ইতিহাসৰ কথা সকলোৱে জনা উচিত । অসম আন্দোলন কিয় হৈছিল নৱপ্ৰজন্মই জানিব পাৰিব ।" তেওঁ লগতে কয় ।
কেবিনেটৰ আন সিদ্ধান্তৰ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "প্ৰাইভেট শিক্ষানুষ্ঠানৰ মাচুল ৰেগুলেট কৰা 'আসাম ন'ন গভৰ্মেণ্ট এডুকেচনেল ইনষ্টিটিউট ৰেগুলেচন অব ফিজ এক্ট'ৰ আওতাৰ বাহিৰত আছিল মাইনৰিটি ৰান ইনষ্টিটিউট সমূহ । ইয়াৰ বাবে কেবিনেটে আজি বিধানসভাত এখন আইন অনাৰ সিদ্ধান্ত লয় । এতিয়াৰ পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয় সমূহৰ মাচুল আন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰা হ'ব ।"
তেওঁ আৰু কয়, "সেইদৰে প্ৰাদেশীকৃত বিদ্যালয় আৰু মহাবিদ্যালয়ত কৰ্মৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলৰ দৰমহা প্ৰতিবছৰে ৬ শতাংশকৈ বৃদ্ধি হৈ গৈ থাকিব । আজিৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । আনহাতে শিক্ষকৰ বদলিৰ ক্ষেত্রত আজিৰ কেবিনেটত আইন সংশোধনৰ বাবে অনুমোদন জনায় । ধুবুৰী, দক্ষিণ শালমাৰাৰ দৰে স্থানত শিক্ষকতা কৰা সকলৰ বদলিৰ বাবে আগতে আইন মতে অতি কমেও বাৰ বছৰ কাম কৰিব লাগিছিল । এই সন্দৰ্ভত বিধানসভাত আইনৰ সংশোধনী আহিব । ইয়াৰ ফলত মহিলাৰ ক্ষেত্রত পাঁচ বছৰ শিক্ষকতা কৰা আৰু পুৰুষৰ ক্ষেত্রত সাত বছৰ শিক্ষকতা কৰিলে বদলিৰ বাবে উপযুক্ত হ'ব ।"
মুখ্যমন্ত্রীয়ে কয়, "আজিৰ কেবিনেটে অসম চৰকাৰৰ প্ৰদেশিকীকৰণৰ নীতি সংশোধন কৰি আইন অনাৰ বাবে অনুমোদন জনায় । এই আইন অনুসৰি ২০০৬ চনত প্ৰতিষ্ঠা কৰা আৰু যিকোনো এখন নথি থকা স্কুল-কলেজ প্ৰাদেশিকীকৰণৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হ'ব । ইয়াৰ ফলত কেইবা হাজাৰ শিক্ষকৰ চাকৰি আৰু হাজাৰ হাজাৰ শিক্ষানুষ্ঠান প্ৰাদেশীকৃত হ'ব । আজিৰ কেবিনেটে নেৰিম শিক্ষানুষ্ঠানে স্থাপন কৰিব বিচৰা প্ৰাইভেট বিশ্ববিদ্যালয়ৰ বাবে অনুমোদন জনায় ।"
"আনহাতে আজিম প্ৰেমজি ফাউণ্ডেচনে এহাজাৰ কোটিৰো অধিক টকা ব্যয় কৰি বিশ্বমানৰ এখন বিশ্ববিদ্যালয় স্থাপন কৰিব । দহ হাজাৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিব । এই বিশ্ববিদ্যালয়খন পলাশবাৰীত স্থাপন হ'ব । এই বিশ্ববিদ্যালয়খন কৰাৰ বাবে বিধানসভাত আইন অনাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় । সেইদৰে চাহ বাগিচাৰ লাইনৰ ভূমি চিলিং আইনৰ অধীনত চাহ বাগিচাৰ মালিকৰ পৰা চৰকাৰে লৈ চাহ শ্ৰমিকৰ মাজত বিতৰণ কৰিব । ২,১৮,৫৫৩ বিঘা ভূমি চাহ শ্ৰমিকক আৱণ্টন দিয়া হ'ব । ইয়াৰ ফলত ৩,৩৩,৪৮৬ টা পৰিয়াল উপকৃত হ'ব । ইয়াৰ বাবে আজি কেবিনেটে অনুমোদন জনায় । আইনখন ২৫ নবেম্বৰত বিধানসভাত উপস্থাপন কৰা হ'ব ।" মুখ্যমন্ত্ৰীয়ে কয় ।
কেবিনেটৰ সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি বেদখল নোহোৱাৰ বাবে বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ অনুসৰি ডিষ্ট্ৰিক লেণ্ড ট্ৰিবিউনেল কৰা হ'ব । এগৰাকী ন্যায়াধীশ এই ট্ৰিবিউনেলৰ অধ্যক্ষ হ'ব । কোনোবাই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি দখল কৰিলে ট্ৰিবিউনেলত অভিযোগ দিব পাৰিব । ট্ৰিবিউনেলখনক আদালতৰ মৰ্যদা দিয়া হ'ব । এই বিধেয়কখন বিধানসভাত উপস্থাপন কৰা হ'ব । আনহাতে ভৈয়ামত বসবাস কৰা কাৰ্বি সকলৰ বাবে অট'নমাচ কাউন্সিল গঠনৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় ।"
শৰ্মাই কয়, "সেইদৰে জাগীৰোডত কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰাৰ বাবে ২৪ বিঘা মাটি আৱণ্টন দিয়া হয় । কেবিনেটত বিমান চাৰ্ভিছিঙৰ বাবে এম আৰ অ' স্থাপনৰ বাবে পলিচীত অনুমোদন জনোৱা হয় । দহ হাজাৰ কোটি টকাৰ ওপৰত বিনিয়োগ কৰিব বিচৰা সকলৰ বাবে বিভিন্ন ৰাজসাহাৰ্য দিয়াৰ বাবে মুখ্যমন্ত্রীৰ অধ্যক্ষতাত এখন কমিটী কৰা হয় । এইবাৰ বিধানসভাত ২৫ খনৰো অধিক বিধেয়ক আহিব । আহতগুৰিৰ মহ যুঁজক স্বীকৃতি প্ৰদানৰ বাবে আইনৰ সংশোধন কৰা হ'ব । এইবাৰ নহ'লেও অহাবাৰ মহ যুঁজ দেখিবলৈ পোৱা যাব । বিধানসভাত আইনখন অনা হ'ব ।"
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্রীসভাৰ প্ৰতিবেদনখন ২৬ নবেম্বৰত বিশেষ কেবিনেট বৈঠক অনুষ্ঠিত কৰি আলোচনা কৰা হ'ব আৰু ২৭ নবেম্বৰত বিধানসভাত উপস্থাপন কৰা হ'ব ।"

