বিধানসভাৰ অধিৱেশনৰ প্ৰথমদিনাই সদনত দাখিল হ'ব তিৱাৰী আয়োগৰ প্ৰতিবেদন: কেবিনেটৰ সিদ্ধান্ত
অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই ২৫ নবেম্বৰত তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ হাৰ্ড আৰু ছফ্ট কপি বিধানসভাৰ সদস্যসকলৰ মাজত বিতৰণ কৰা হ’ব - এয়া কেবিনেটৰ সিদ্ধান্ত ৷

Published : November 13, 2025 at 11:04 PM IST
গুৱাহাটী: নেলী হত্যাকাণ্ডৰ লগতে সেই সময়ত হোৱা ২০ টা হিংসাত্মক ঘটনাৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই সদনত দাখিল কৰা হ'ব । প্ৰতিবেদনৰ হাৰ্ড আৰু ছফ্ট কপি বিধায়কসকলৰ মাজত বিতৰণ কৰা হ'ব । এই সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ ।
বৃহস্পতিবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ পাছতে কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্রীয়ে কয়, ‘‘১৯৮৩ চনৰ নিৰ্বাচনৰ সময়ত প্ৰি-ইলেকচন আৰু পোষ্ট ইলেকচনৰ সময়ত অসমত যিমান কেইটা হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷ সেই গোটেই কেইটাকে সামৰি ত্রিভূৱন প্ৰসাদ তিৱাৰী আয়োগ গঠন কৰা হৈছিল । তিৱাৰী আয়োগৰ প্ৰতিবেদন ১৯৮৭ চনত প্ৰফুল্ল কুমাৰ মহন্তই বিধানসভাত দাখিল কৰিছিল । কিন্তু তাৰ কপি সদনত দিয়া নাছিল । সদনত দিব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ নহ'ল আৰু যাৰ বাবে সেই প্ৰতিবেদন কাৰো হাতত নাই । সেই বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই ২৫ নবেম্বৰত তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ হাৰ্ড আৰু ছফ্ট কপি বিধানসভাৰ সদস্যসকলৰ মাজত বিতৰণ কৰা হ’ব । নেলী হত্যাকাণ্ডৰ লগতে সেই সময়ত ঘটা ২০ টা ডাঙৰ ঘটনাৰ বিশদ বিৱৰণ প্ৰতিবেদন আছে । ঘটনাৰ কাৰণ ব্যাখ্যা কৰা হৈছে । প্ৰতিবেদনখনত অসম বুৰঞ্জীৰ এটা অধ্যায় আছে । আমি সেইখন দাখিল কৰিম ।’’
কেবিনেটৰ সিদ্ধান্তসমূহৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘অসম মালা-৩ আঁচনিত আজিৰ কেবিনেটে অনুমোদন জনায় । এই আঁচনিৰ অধীনত ৮৮৩ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব । দ্বৈতপথৰ পৰা ইক’ন’মি কৰিডৰ নিৰ্মাণ কৰা হ'ব । ইয়াৰ বাবে কেবিনেটে ৩২১৭ কোটি টকা অনুমোদন জনায় । সেইদৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামক ফিফা অলিম্পিক লেভেলৰ এখন ফুটবল ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰা হ'ব । নেহৰু ষ্টেডিয়ামখন ভাঙি পেলোৱা হ'ব । কেবিনেটে এই পুনৰ উন্নয়ন প্ৰকল্পটোত অনুমোদন জনায় । ইয়াত ফুটবল গ্ৰাউণ্ডৰ লগতে ট্ৰাইয়েল খেলৰ গ্ৰাউণ্ড, ইন্দোৰ ষ্টেডিয়াম, চুইমিং পুল আদি নিৰ্মাণ কৰা হ'ব । এই প্ৰকল্পটোৰ নিবিদা লাভ লাভ কৰিছে লাৰ্ছন অব টাৰ্বো কোম্পানীয়ে । প্ৰকল্পটোৰ বাবে ৭৬৫ কোটি টকাৰ অনুমোদন জনোৱা হয় । আনহাতে লিডুৰ নামদাঙত ৯.৪ হেক্টৰত এখন নতুন ৰিজাৰ্ভ ফৰেষ্ট নিৰ্মাণ কৰিবলৈ আজিৰ কেবিনেটে অনুমোদন জনায় । কেবিনেটত জলসম্পদ বিভাগৰ এখন পলিচীত অনুমোদন জনোৱা হয় । ৰাইজক উপকৃত কৰাৰ বাবে নিৰ্মাণ কৰা মথাউৰিৰ ক্ষেত্রত সংশ্লিষ্ট অঞ্চলৰ লোকে যাতে ক্ষতিপূৰণ বিচাৰিব নোৱাৰে, তাৰ বাবে পলিচী কৰা হৈছে । যাতে পাছত জলসম্পদ বিভাগে গোচৰৰ সন্মূখীন হ'বলগীয়া নহয় ।’’
মুখ্যমন্ত্রীয়ে লগতে কয়, ‘‘আজিৰ কেবিনেটত ২০২৬ চনৰ বন্ধৰ দিনৰ তালিকাত অনুমোদন জনায় । ২০২৬ চনত গেজেটেড হলীডে আছে ৩৫ টা, ৰেষ্ট্ৰিকটেড হলীডে আছে ৩৯ টা, হাফ হলীডে আছে এটা আৰু হলীডেচ আণ্ডাৰ এন আই এক্টত আছে ১৯ দিন । আনহাতে প্ৰত্যেক বছৰে পিতৃ-মাতৃৰ বন্দনাৰ বাবে চৰকাৰী কৰ্মচাৰীক তিনিদিনৰ নৈমিত্তিক ছুটী দিয়া হয় । এইবাৰ কৰ্মচাৰীয়ে টিকট আদি আগতে কাটিব পাৰে বা পৰিকল্পনা কৰিব পাৰে, তাৰ বাবে ছুটীৰ দিনকেইটা আগতীয়াকৈ ঠিক কৰি দিয়া হৈছে । জুলাই মাহৰ ৯, ১০, ১১ আৰু ১২ নাইবা জুলাই মাহৰে ২৩, ২৪, ২৫ আৰু ২৬ । দুটা সময় দিয়া হৈছে । পিতৃ-মাতৃৰ লগত কটাবৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰিব পাৰিব । আজিৰ কেবিনেটত ইয়াৰ অনুমোদন জনোৱা হয় ।’’
মুখ্যমন্ত্রীয়ে কয়, ‘‘ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জুবিন গাৰ্গৰ ওপজা দিন ১৮ নবেম্বৰৰ দিনটোত ৰাজ্যজুৰি বিজেপিকে ধৰি মিত্রদলৰ সদস্যসকলক ব্যাপক ৰক্তদান কাৰ্যসূচীত জড়িত হ'বলৈ আহ্বান জনাইছে । যাতে সকলোৱে ৰক্তদান কৰিব পাৰে । আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে চৰকাৰে টেকনিকেল সহযোগৰ উপৰি মন্ত্রীসকলে তেওঁলোকৰ নিজৰ নিজৰ জিলাত থাকি এই ৰক্তদান শিবিৰ সফল কৰাত সহযোগিতা কৰিব । মই নিজেও সহযোগিতা কৰিম আৰু ৰক্তদান কৰিম । ৫৩ টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হ'ব । এই শিবিৰত স্বাস্থ্য বিভাগে সহযোগিতা কৰিব ।’’
লগতে পঢ়ক: তিনি গগৈ লগ হৈছে এজন গগৈৰ বিয়া পাতিবলৈ: মুখ্যমন্ত্ৰী

