মুখ্যমন্ত্রীৰ পৌৰোহিত্যত কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন অসম কেবিনেটৰ বৈঠক । এই বৈঠকতে লোৱা হ'ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

Published : November 30, 2025 at 11:40 PM IST
গুৱাহাটী : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্রীয়ে কয়, "আজিৰ কেবিনেটত শ্বহীদ দিৱসৰ ওপৰত বিশদ আলোচনা কৰা হয় । ১০ ডিচেম্বৰত গুৱাহাটীত বৰাগাঁৱৰ শ্বহীদ স্মাৰক উদ্বোধন কৰা হ'ব । ৯ ডিচেম্বৰত ৮৬০ গছি চাকি জ্বলোৱা হ'ব । ১০ ডিচেম্বৰত ৮৬০ টা শ্বহীদ পৰিয়ালৰ লোক উপস্থিত থাকিব ।"
তেওঁ কয়, "প্ৰতিখন জিলা সদৰত অনুষ্ঠিত হ'ব শ্বহীদ দিৱস । জিলা সদৰসমূহত শ্বহীদ প্ৰণামো গীত পৰিৱেশন কৰা হ'ব । গাঁৱৰ মন্দিৰসমূহত বন্তি জ্বলোৱা হ'ব । শ্বহীদ দিৱসৰ দিনা নিজৰ বাসভৱনৰ নামঘৰত এগছি চাকি জ্বলাই আমাৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব ।"

কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কাম কৰি থাকোতে কৰ্মচাৰীৰ মৃত্যু হ'লে পৰিয়ালক ৫ লাখ টকাৰ এককালীন আৰ্থিক সাহায দি অহা হৈছিল । কেবিনেটৰ সিদ্ধান্ত অনুসৰি এককালীন আৰ্থিক সাহায ৫ লাখ টকাৰ পৰা ৭.৫ লাখলৈ বৃদ্ধি কৰা হৈছে । আনহাতে অসমৰ পাঁচখন মিনি আই টি আইত কাম কৰি থকা কৰ্মচাৰীৰ দৰমহা প্ৰায় ৩৫ শতাংশ বৃদ্ধি কৰা হৈছে । আনহাতে প্ৰতি বছৰে দৰমহা ৬ শতাংশ বৃদ্ধি হ'ব ।"

মুখ্যমন্ত্রীয়ে কয়, "কেইদিনমান পূৰ্বে কেইখনমান মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছিল । কিন্তু বহু কেইখন কলেজ এনেকুৱা আছিল যে উন্নত কৰাৰ লগে লগে অধ্যক্ষজনক ৰেজিষ্টাৰ কৰা হৈছিল । কিন্তু তেওঁলোকৰ অৱসৰ ল'বৰ সময় হ'ল । যাৰ বাবে আমি এই কলেজৰ পূৰ্বৰ অধ্যক্ষ আৰু বৰ্তমানৰ ৰেজিষ্টাৰৰ কাৰ্যকাল তিনি বছৰ ফিক্সড কৰা হৈছে । কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।"
তেওঁ কয়, "আনহাতে মিছন বসুন্ধৰাৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত ৬৬০ গৰাকী, শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত ৭১২ গৰাকী আবেদনকাৰীক ভূমিৰ বন্দোবস্তি দিবলৈ আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।"

মুখ্যমন্ত্রীয়ে কয়, "কেবিনেটত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্রীগোটৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয় । প্ৰতিবেদনখন ভালদৰে নপঢ়াৰ বাবে কিছু লোকে সংবাদ মাধ্যমত মন্তব্য কৰা আমাৰ পৰিলক্ষিত হৈছে । মন্ত্রীগোটৰ প্ৰতিবেদনখনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰাস্তাও মুকলি কৰিব আৰু বৰ্তমানৰ জনজাতিসকলৰ তিলমানো ক্ষতি নকৰে ।"
মুখ্যমন্ত্রীয়ে কয়, "প্ৰতিবেদনখন ভালদৰে পঢ়িলে কোনো শংকা নাথাকিব । আজি কেবিনেটে সিদ্ধান্ত লৈছে যে মন্ত্রী ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাই জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ লগত আলোচনা কৰিব । বিষয়টো সন্দৰ্ভত মন্ত্রীগোটে বিশদভাৱে আলোচনা কৰিব । প্ৰতিবেদন সন্দৰ্ভত কংগ্ৰেছৰ কিবা পৰামৰ্শ থাকিলে আমাক দিব পাৰে । আন্দোলন হ'লে আলোচনা নহয় । নিৰ্বাচনত হৰুৱাই দিলেই হ'ল ।"

