মীন, দুগ্ধখণ্ডত উন্নতিৰ সংকল্পৰে কেন্দ্ৰীয় মন্ত্ৰী লালন সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
অসমৰ উন্নতি আৰু প্ৰসাৰৰ অৰ্থে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে ৷

Published : July 2, 2026 at 7:14 PM IST
নতুন দিল্লী: দেশৰ ভিতৰতে উন্নত পাঁচখন ৰাজ্যৰ তালিকাত অসমক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰয়াস অব্যাহত ৷ বৃহস্পতিবাৰে অসমৰ কেইবাটাও সমস্যা তথা বিষয়ক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে ৷
তাৰ ভিতৰত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী ৰাজীৱ ৰঞ্জন(লালন) সিং অন্যতম ৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ তেওঁক সাক্ষাৎ কৰি মীন আৰু দুগ্ধ খণ্ডত অসমৰ সম্ভাৱনা মুকলি কৰাৰ সন্দৰ্ভত এক বিস্তৃত আলোচনাত মিলিত হয় ।
Had a very good conversation with Hon’ble Union Minister Shri @LalanSingh_1 ji. His vast experience and deep understanding of the sector were reflected in the valuable insights he shared.
— Himanta Biswa Sarma (@himantabiswa) July 2, 2026
We had a productive discussion on harnessing Assam’s immense potential in the fisheries… pic.twitter.com/SXauSaEkI3
মীন খণ্ডত অসমৰ অপৰিসীম সম্ভাৱনাক ব্যৱহাৰ কৰি মাছৰ উৎপাদন বৃদ্ধি কৰাৰ সমান্তৰালকৈ ৰপ্তানি বৃদ্ধি কৰাটোৱে এই আলোচনাৰ মূল কেন্দ্ৰবিন্দু আছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷
মন্ত্ৰী লালন সিঙৰ সৈতে হোৱা সৌজন্যমূলক সাক্ষাৎ সম্পৰ্কে মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘মীন খণ্ডত অসমৰ অপৰিসীম সম্ভাৱনাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি এক অৰ্থপূৰ্ণ আলোচনাত মিলিত হ’লো ৷ মাছৰ উৎপাদন বৃদ্ধিৰ সমান্তৰালকৈ আমি ইয়াৰ মূল্য নিৰ্ণয় শৃংখলটো শক্তিশালী কৰা, প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি উন্নত কৰা, বজাৰত প্ৰৱেশ বৃদ্ধি কৰাৰ লগতে মাছৰ ৰপ্তানি বৃদ্ধিৰ ক্ষেত্ৰতো আলোচনা কৰিলোঁ ।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘অনাগত দিনত আমি এই ধাৰণাসমূহক সুনিৰ্দিষ্ট ফলাফললৈ ৰূপান্তৰিত কৰাৰ দিশত কাম কৰিম ৷ যাতে অসমক মাছ উৎপাদন আৰু ৰপ্তানিৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পৰা যায় ।’’
आज असम के माननीय मुख्यमंत्री श्री @himantabiswa जी से आत्मीय एवं सार्थक मुलाकात हुई। राज्य के मत्स्य एवं डेयरी क्षेत्रों के समग्र विकास से जुड़े अनेक महत्वपूर्ण विषयों पर विस्तृत चर्चा हुई।
— Rajiv Ranjan (Lalan) Singh (@LalanSingh_1) July 2, 2026
मुलाकात के दौरान असम में मत्स्य क्षेत्र की अपार संभावनाओं का बेहतर उपयोग, मछली उत्पादन… pic.twitter.com/DyMgABKHPq
আলোচনাৰ ফলাফলৰ ওপৰত আস্থা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সিঙে কয়, ‘‘মই নিশ্চিত যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া প্ৰচেষ্টাই অসমৰ মীন আৰু দুগ্ধ খণ্ডৰ বৃদ্ধি অধিক উন্নত কৰিব ৷ যাৰ ফলত কৃষক, উদ্যোগী আৰু গ্ৰাম্য জীৱিকাৰ ক্ষেত্ৰত অধিক সুযোগৰ সৃষ্টি হ'ব ।’’
দুগ্ধ সমবায় শক্তিশালী কৰা, পশু চিকিৎসা সেৱাৰ সম্প্ৰসাৰণ, পশু চিকিৎসা কেন্দ্ৰ স্থাপন, টেট্ৰা পাক(ইউএইচটি), মিল্ক পাউদাৰ প্ৰকল্প স্থাপন আৰু কৃত্ৰিম প্ৰজননৰ জৰিয়তে পশুধনৰ উন্নতি আদি বিষয়তো বৈঠকত আলোচনা কৰা হয় বুলি কেন্দ্ৰীয় মন্ত্ৰী সিঙে কয় ।
লগতে পঢ়ক: ভৱিষ্যৎ ৰূপৰেখা প্ৰস্তুত প্ৰধানমন্ত্ৰী মোদীৰ: ভাৰত-জাপান বায়’গেছ প্ৰকল্প ঘোষণা

