ETV Bharat / state

‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ মুকলি; গুৱাহাটীত হ’ব ৰাফেল বিমানত কৰিব পৰা পাঠ্যক্ৰমৰ পৰিৱেশ তন্ত্ৰ

খানাপাৰাত তিনিখন নতুন আঁচনি উদ্বোধন — “নিযুত বাবু আঁচনি”ৰ জৰিয়তে ছাত্ৰসকললৈ আৰ্থিক সহায়, MRU হাব ঘোষণা; মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক মন্তব্যত জনিয়া–বাঘবৰ সমষ্টিৰ উল্লেখ

Himanta Biswa Sarma
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 26, 2026 at 7:29 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : “ৰাফেল বিমান নিৰ্মাণকাৰী প্ৰতিষ্ঠান ড’ৰচালে গুৱাহাটী ইঞ্জিনীয়াৰিং কলেজত এটা প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰিছে আৰু আমি উদ্ধোধন কৰিম যাতে আমাৰ গুৱাহাটী ইঞ্জিনীয়াৰিঙৰ ল’ৰাই ৰাফেল বিমানৰ যিটো ই’ক চিষ্টেম তাত কাম কৰিব পাৰে ।” এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতিবিষ্ণু অডিট’ৰিয়ামত আয়োজিত এক অনুষ্ঠানত শিক্ষাৰ্থীসকলক লক্ষ্য কৰি তিনিখন নতুন জনকল্যাণমূলক আঁচনিৰ উদ্বোধন কৰে । অনুষ্ঠানৰ পাছত সংবাদমাধ্যমৰ সৈতে হোৱা মত-বিনিময়ত মুখ্যমন্ত্ৰীয়ে আঁচনিসমূহৰ উদ্দেশ্য, সুবিধা আৰু যোগ্যতাৰ মানদণ্ডৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে কয়, “আজি আমি তিনিখন আঁচনি উদ্বোধন কৰিছোঁ । প্ৰথমখন ‘নিযুত বাবু আঁচনি’ । এই আঁচনিৰ অধীনত একাদশ শ্ৰেণী অথবা ডিগ্ৰী পাঠ্যক্ৰমত ভৰ্তি লোৱা ছাত্ৰসকলে ১,০০০ টকাৰ পৰা ২,০০০ টকা পৰ্যন্ত সহায় লাভ কৰিব । এই সুবিধা পাবলৈ পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখ টকাৰ তলত হ’ব লাগিব । ‘নিযুত ম’ইনা আঁচনি’ৰ পাছত ছাত্ৰসকলৰ বাবে আঁচনিৰ দাবী আহিছিল, সেয়েহে আমি এই নতুন আঁচনি আৰম্ভ কৰিছোঁ ।”

দ্বিতীয় আঁচনি ‘মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা’ সন্দৰ্ভত তেওঁ উল্লেখ কৰে, “এই আঁচনি মূলতঃ ছিভিল চাৰ্ভিচ বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱা শিক্ষাৰ্থীসকলৰ বাবে । ইয়াৰ জৰিয়তে এবছৰৰ বাবে ২,৫০০ টকা সহায় আগবঢ়োৱা হ’ব । ২৫ হাজাৰতকৈ অধিক শিক্ষাৰ্থী উপকৃত হ’ব বুলি আমি আশা কৰিছোঁ ।”

Himanta Biswa Sarma
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

তৃতীয় উদ্যোগৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে পি এইচ ডি অধ্যয়নৰত আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলৰ বাবে এককালীন সহায় ঘোষণা কৰি কয়, “পি এইচ ডি কৰি থকা দৰিদ্ৰ শিক্ষাৰ্থীসকলক ২৫,০০০ টকা এককালীন সহায় দিয়া হৈছে । বিশেষ সক্ষমতা থকা শিক্ষাৰ্থীসকলৰ বাবে ৪০,০০০ টকা এককালীন সহায়ৰ ব্যৱস্থা কৰা হৈছে । বিগত বৰ্ষৰ বাজেট সমাপ্তিৰ দিশে আগবঢ়া অৱস্থাতো এই আঁচনিসমূহে জনসাধাৰণৰ উপকাৰ কৰিব বুলি আমি বিশ্বাস কৰোঁ ।”

ইয়াৰ উপৰিও, গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত এক MRU (Maintenance & Repairing Unit) হাব স্থাপনৰ পৰিকল্পনাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে । তেওঁ কয়, “ভাৰতত এয়াৰবাছ মেৰামতি আৰু মেইণ্টেনেঞ্চৰ ক্ষেত্ৰত ব্যাপক চাহিদা আছে । এই MRU হাবে ৰাজ্যৰ নৱপ্ৰশিক্ষিত যুৱ সমাজৰ বাবে নিয়োগৰ নতুন সুযোগ সৃষ্টি কৰিব ।”

Himanta Biswa Sarma
‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ মুকলি (ETV Bharat Assam)

সংবাদ মাধ্যমৰ সৈতে হোৱা মত-বিনিময়ত মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক বিষয়তো মন্তব্য আগবঢ়াই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মৈত্ৰী সন্দৰ্ভত চলি থকা বিতৰ্কৰ প্ৰতি ইংগিত দিয়ে । তেওঁ কয়, “উভয় দলেই সংখ্যালঘু মিঞা মুছলমানৰ প্ৰতি সহানুভূতি দেখুৱায় । যদি যোৰহাট বা শিৱসাগৰ সমষ্টিক লৈ মতভেদ হ’লহেঁতেন, তেন্তে গৌৰৱ অনুভৱ কৰিলোহেঁতেন । কিন্তু তেওঁলোক জনিয়া আৰু বাঘবৰ সমষ্টিক লৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । সকলো ভাৰতীয় সনাতনী ভোটাৰ বিজেপিৰ পক্ষত থাকিব, কিয়নো এই সমষ্টিসমূহত বিজেপিৰ কোনো প্ৰাসঙ্গিকতা নাই । স্থানীয় খিলঞ্জীয়া ভোট তেওঁলোকৰ লগত নাই, সেয়েহে তেওঁলোকৰ মাজত প্ৰতিযোগিতা অৱশ্যম্ভাৱী ।”

অনুষ্ঠানটোৰ জৰিয়তে শিক্ষা, গৱেষণা আৰু নিয়োগমুখী পদক্ষেপসমূহে ৰাজ্যৰ যুৱসমাজক শক্তিশালী কৰাৰ লগতে সামগ্ৰিক উন্নয়নত ইতিবাচক প্ৰভাৱ পেলাব বুলি চৰকাৰে আশাবাদ ব্যক্ত কৰিছে ।

লগতে প়ঢ়ক : কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈক কৰিলে ঘেৰাওঃ সৰুপথাৰত লাগিব কংগ্ৰেছ প্ৰাৰ্থী

মিত্ৰতাক লৈ অখিল-গৌৰৱৰ স্নায়ু যুঁজ ! কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাত আউল

ৰাইজৰ দলৰে মিত্রতাক লৈ অসহায় অনুভৱ গৌৰৱ গগৈৰ, মনৰ কথাৰে গৌৰৱে দিলে কিহৰ ইংগিত ?