ETV Bharat / state

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মহানগৰীত আন এখন উৰণসেতু মুকলি

ড৹ শ্যামা প্রসাদ মুখার্জীৰ নামেৰে নামাকৰণ কৰা হৈছে এই উৰণসেতু ৷ ৩৭৬ কোটি টকা ব্যয় সাপেক্ষে উৰণসেতুখন নিৰ্মাণ কৰা হৈছে ৷

NEW FLYOVER IN GUWAHATI
মহানগৰীত আন এখন উৰণসেতু মুকলি (cm himanta biswa sarma x account)
author img

By ETV Bharat Assamese Team

Published : May 22, 2026 at 10:14 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সন্ধিয়া ৰাইজৰ বাবে মুকলি কৰিলে মহানগৰীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশ সংযোগী ড৹ শ্যামা প্রসাদ মুখার্জী উৰণসেতু । ৩৭৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২.৮ কিলোমিটাৰ দৈৰ্ঘ আৰু ১২ মিটাৰ প্রস্থৰ উৰণসেতুখনৰ বাবে যান-জঁট হ্রাস, ভ্ৰমণৰ সময় ৰাহি, বায়ু আৰু শব্দ প্ৰদূষণ ৰোধ, ইন্ধনৰ ব্যৱহাৰ হ্ৰাস হ'ব ।

উৰণসেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আমাৰ চৰকাৰৰ দ্বিতীয় কাৰ্যকালত মুকলি কৰা এইখন প্ৰথম উৰণসেতু । চাইকেল ফেক্টৰীৰ পৰা লালগণেশ সংযোগী উৰণসেতুখনৰ নিৰ্ধাৰিত ৩০ মাহৰ বিপৰীতে ২৬ মাহত সম্পূর্ণ কৰা হৈছে নিৰ্মাণকাৰ্য । পৰৱৰ্তী সময়ত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ ৩২০ মিটাৰৰ লেন এটা নিৰ্মাণ কৰা হ'ব । যাতে ষ্টেডিয়ামলৈ উৰণসেতুৰ ওপৰেৰেও যাব পৰা যায় । তদুপৰি চাইকেল ফেক্টৰীৰ ফালেও এটা লেন নিৰ্মাণৰ পৰিকল্পনা আছে ।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কেইবাখনো উৰণসেতু গুৱাহাটীত নিৰ্মাণ কৰিছো । লোকনিৰ্মাণ বিভাগে গুৱাহাটীত নিৰ্মাণ কৰা উৰণসেতুৰ কাম এইখন উৰণসেতু মুকলিৰ পিছতেই সম্পূৰ্ণ হ’ল । উৰণসেতুখনেৰে যাতায়াত, চলাচলৰ পিছত তলৰ পথটো মেৰামতি কৰা হ'ব । যাৰ বাবে ৪৫ দিন সময়ৰ প্ৰয়োজন হ'ব । তদুপৰি আজি আৰু কালিৰ দিনটো উৰণসেতুখন ৰাইজৰ খোজকঢ়াৰ বাবে মুকলি থাকিব । ২৪ মে'ৰ পুৱাৰ পৰা যান বাহন চলাচলৰ বাবে বাবে মুকলি কৰি দিয়া হ’ব ।

তেওঁ লগতে কয়, ‘‘আজি ৰাইজলৈ উৎসৰ্গা কৰা ড৹ শ্যামা প্ৰসাদ মুখাৰ্জী সেতুৱে মুকলি কৰিব সূচল যাতায়াতৰ নতুন দিশ । নিৰ্ধাৰিত সময়তকৈ চাৰি মাহ পূৰ্বে সম্পূৰ্ণ হোৱা ৩৭৬ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰা এই সেতু উন্নয়নৰ আন এক দৃষ্টান্ত । প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ যাত্ৰা এতিয়া অধিক সূচল হ’ব আৰু উপকৃত হ’ব হাজাৰ হাজাৰ নাগৰিক ।’’

শুকুৰবাৰৰ এই অনুষ্ঠানত সাংসদ বিজুলী কলিতা মেধি, বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, প্রদ্যুৎ বৰদলৈ, ড৹ তপন দাস, বিজয় কুমাৰ গুপ্তা, মেয়ৰ মৃগেন শৰণীয়া আদি উপস্থিত থাকে ।

লগতে পঢ়ক: বিলুপ্তিৰ পথত ডিমৰীয়াৰ আৰ্দ্ৰভূমি: বেদখলৰ কৱলত ঐতিহাসিক বিল