ETV Bharat / state

অসম আৰক্ষীৰ ষষ্ঠ কমাণ্ডো বাহিনীৰ বেটালিয়নৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

শদিয়াত দিনযোৰা কাৰ্যসূচীৰে উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অমৰপুৰত উপস্থিত হৈ প্ৰদান কৰিলে মাটিৰ পট্টা ৷

HIMANTA BISWA SARMA VISITS SADIYA
অসম আৰক্ষীৰ ষষ্ঠ কমাণ্ডো বাহিনীৰ বেটালিয়নৰ শুভ উদ্বোধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 10:40 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলাৰ অসম-অৰুণাচলৰ সীমান্ত তথা ৰাজ্যৰ পূব প্ৰান্ত শদিয়াত উপস্থিত হয় । শদিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমে অতি ভিতৰুৱা আৰু পিছপৰা এলেকা অমৰপুৰত উপস্থিত হৈ মাটিৰ পট্টা প্ৰদান কৰে ৷ লগতে অমৰপুৰৰ চৰ এলেকাৰ বৈদ্যুতিকীকৰণৰ বাবে ১১ কেভি পাৱাৰ লাইনৰ শুভ উদ্বোধন কৰে ৷

অমৰপুৰৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে শদিয়াৰ অতি ভিতৰুৱা আৰু পিছপৰা অসম-অৰুণাচল সীমান্তৱৰ্তী অম্বিকাপুৰত হেলিকপ্টাৰৰে উপস্থিত হৈ অসম আৰক্ষীৰ নতুন ষষ্ঠ কমাণ্ডো বেটালিয়নৰ শুভ উদ্বোধন কৰে ৷ প্ৰায় ২৫৮ কোটি টকা ব্যয়েৰে ৩৩১ বিঘা মাটিত আগুৰি থকা অসম আৰক্ষীৰ ষষ্ঠ কমাণ্ডো বাহিনীৰ বেটালিয়নত ৪০০ গৰাকী কমাণ্ডো জোৱান থাকিব পাৰিব ৷ এই বেটালিয়নত প্ৰশিক্ষণৰ লগতে হাস্পতাল, প্ৰাথমিক বিদ্যালয়, নামঘৰ, খেলপথাৰ ইত্যাদিৰো সু-ব্যৱস্থা আছে ৷

অসম আৰক্ষীৰ ষষ্ঠ কমাণ্ডো বাহিনীৰ বেটালিয়নৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আন বহুকেইটা আঁচনিৰ শুভ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে ৷ তাৰে ভিতৰত অন্যতম এক দীৰ্ঘদিনীয়া সমস্যা চপাখোৱাৰ হাস্পতাল চাৰিআলিৰ পৰা প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ গাঁও টুপচিঙা সংযোগী প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘৰ এখন আৰ চি চি দলঙৰ ভাৰ্চুৱেলী শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷

HIMANTA BISWA SARMA VISITS SADIYA
অমৰপুৰত উপস্থিত হৈ প্ৰদান কৰিলে মাটিৰ পট্টা (ETV Bharat Assam)

সমান্তৰালকৈ কাকপথাৰৰ ডিৰাক অসম-অৰুণাচল সীমান্তৱৰ্তী টেঙাপানীৰ ১১ কেভি পাৱাৰ লাইনৰ আধাৰশিলা, কাকপথাৰৰ ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বহুমুখী ইণ্ডোৰ ষ্টেডিয়ামৰ আধাৰশিলা, বীৰ লাচিত ষ্টেডিয়াম চৌহদৰ উন্নয়নৰ আধাৰশিলা, ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু উদ্যানৰ আধাৰশিলা, অমৰপুৰৰ বিদ্যুত সংযোগবিহীন পৰিয়াললৈ বিদ্যুত যোগান, চপাখোৱাৰ শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা, কাকপথাৰ-বৰালি-ডাঙৰী সংযোগী পথ উন্নীতকৰণৰ আধাৰশিলা, শদিয়াৰ ইছলামপুৰৰ পৰা শান্তিপুৰলৈ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ, ডাঙৰীৰ খ্ৰীং খ্ৰীং বাইথ’ মন্দিৰত বিভিন্ন সুবিধাৰ আঁচনিৰ ভাৰ্চুৱেলী আধাৰশিলা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে শদিয়াবাসী জনতাৰ লগতে শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াক উপৰোক্ত উন্নয়নমুখী কামসমূহৰ বাবে আজিৰ এই বিশেষ দিনটোত অভিনন্দন জ্ঞাপন কৰে ৷ ১০৮ নাটনিৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত এপ্ৰিল মাহত নতুনকৈ টেণ্ডাৰ হ’ব, নতুন ১০৮ আহিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ সমান্তৰালভাৱে বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ সন্দৰ্ভত নিৰ্বাচনৰ দিনেই ঘোষণা হোৱা নাই, প্ৰাৰ্থী ঘোষণা কৰি কি কৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

HIMANTA BISWA SARMA VISITS SADIYA
শদিয়াত দিনযোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী (ETV Bharat Assam)

ইফালে, অগপৰ সৈতে আসনৰ ভাগ-বতৰাৰ সন্দৰ্ভত এইপৰ্যন্ত কোনো সিদ্ধান্ত হোৱা নাই, প্ৰাথমিক পৰ্যায়ত আলোচনা চলি আছে বুলি সদৰি কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘অগপই ইখন লাগিব, সিখন লাগিব বুলি ক’লেই আমি দি দিব নোৱাৰো ৷ তাতকৈ ডাইৰেক্ট মনোনয়ন পত্ৰ পেলাই দিলেই হ’ল, আমি বেয়া নাপাওঁ ৷ কিন্তু আমিও খেলিম । মই অগপৰ নেতাসকলক কৈছোঁ ডাইৰেক্ট মনোনয়ন পত্ৰ পেলাই দিয়ক, আমি বেয়া নাপাওঁ ।’’

লগতে পঢ়ক: কংগ্ৰেছৰ দিনত মাত্ৰ ৫ খন ৰাষ্ট্ৰীয় জলপথ আছিল; মোদীয়ে বৃদ্ধি কৰিলে ১১১ খনলৈ : সৰ্বানন্দ সোণোৱাল