কাজিৰঙাত আকৌ এখন অৰ্কিড উদ্যান : অখিল গগৈৰ নহয়, এইবাৰ চৰকাৰৰ
উদ্যানখনত অৰ্কিডৰ লগতে শিশুৰ বাবে খেলাৰ ব্যৱস্থা, ল’ৰা-ছোৱালীয়ে অৰ্কিডৰ বিষয়ে জানিবলৈ ‘ইণ্টাৰপ্ৰিটেশ্ব্যন’ৰ ব্যৱস্থা আৰু পৰম্পৰাগত খাদ্যৰ ভোজনালয়কে আদি কৰি কেইবাটাও সুবিধা সন্নিবিষ্ট কৰা হৈছে ৷

Published : March 3, 2026 at 8:22 PM IST
কাজিৰঙা: ‘‘২০১৮-১৯ চনৰ বাজেটত আমি কাজিৰঙাত এখন অৰ্কিড উদ্যান কৰাৰ সিদ্ধান্ত লৈছিলো ৷ ৰাজ্যৰ কৃষি বিভাগ আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰচেষ্টাত আজি এই উদ্যানখন কহঁৰাৰ একেবাৰে মাজতেই সম্পূৰ্ণ হৈ উঠিল ৷ ২০ বিঘা মাটিত নিৰ্মিত এই অৰ্কিড উদ্যানখনত ১৬ শ প্ৰজাতিৰ অৰ্কিড থাকিব ৷’’ মঙলবাৰে ৰাজ্যৰ কৃষি বিভাগৰ দ্বাৰা উদ্যান শস্য খণ্ডত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত কাজিৰঙাৰ কহঁৰাত নিৰ্মাণ কৰি উলিওৱা কাজিৰঙা অৰ্কিড উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
শৰ্মাই লগতে কয় যে উদ্যানখনত অৰ্কিডৰ লগতে শিশুৰ বাবে খেলাৰ ব্যৱস্থা, ল’ৰা-ছোৱালীয়ে অৰ্কিডৰ বিষয়ে জানিবলৈ ‘ইণ্টাৰপ্ৰিটেশ্ব্যন’ৰ ব্যৱস্থা আৰু পৰম্পৰাগত খাদ্যৰ ভোজনালয়কে আদি কৰি কেইবাটাও সুবিধা সন্নিবিষ্ট কৰা হৈছে ৷ মই বিশ্বাস কৰোঁ যে এই অৰ্কিড উদ্যানখন কাজিৰঙাৰ পৰ্যটকসকলৰ বাবে আন এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব ৷
Adding a new dimension to nature tourism, I am inaugurating the Kaziranga Orchid Park. https://t.co/SiHE2ReRTd
— Himanta Biswa Sarma (@himantabiswa) March 3, 2026
কাজিৰঙাত ‘এলিভেটেড কৰিডৰ’ৰ কাম দুই-এদিনতে আৰম্ভ হ’ব, ‘টানেল’ৰ কাম নুমলীগড়ত আৰম্ভ কৰা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘কাজিৰঙাৰ ওচৰৰ আৰু কেবাটাও স্থানক আমি ‘ডেভেল’প’ কৰাৰ চেষ্টা কৰিছো, যাতে পৰ্যটক অহাই নহয়, পৰ্যটকসকলক যাতে তিনিটা দিন আমি কাজিৰঙাত ৰাখিব পাৰো ৷ অৰ্কিড পাৰ্কো সেই প্ৰচেষ্টাৰে এটা অংশ ৷’’ কাজিৰঙালৈ আহিলে ৰাইজক এবাৰ অৰ্কিড উদ্যান চাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
Unlike the Cong Govt, we don't just promise, WE DELIVER.
— Himanta Biswa Sarma (@himantabiswa) March 3, 2026
In 2021, I mentioned our plans to set up an Orchid Park in Kaziranga.
Today, in 2026, I am glad to have inaugurated this park which will house over 1,600 varieties of orchid and will be a major tourist attraction. https://t.co/Ks5nBCMADQ pic.twitter.com/VGFxwsZBwi
ইপিনে, বিধায়ক অখিল গগৈয়ে চৰকাৰীভাৱে স্থাপন কৰা অৰ্কিড উদ্যানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘কাজিৰঙাত এখন হোটেল থাকিলে দুখন হোটেল নহ’ব নেকি ! মইতো কওঁ ইয়াত আহি আৰু চাৰি-পাঁচজনে অৰ্কিড উদ্যান খুলিব লাগে ৷ এতিয়াতো অখিল গগৈৰ এখন আছে ৷ তাতো টুৰিষ্ট আহিব, ইয়াতো আহিব ৷ মইতো কওঁ যে অগৰাতলিৰ ফালেও এখন হ’ব লাগে, এখন আমাৰ কলিয়াবৰৰ ফালেও হ’ব লাগে ৷ যিমানেই এইবোৰ বস্তু হয়, সিমানেই এইবোৰ ভালহে ৷ কাজিৰঙাত এক লাখ টুৰিষ্ট আহে ৷ এক লাখ টুৰিষ্টক এখন-দুখন অৰ্কিড পাৰ্ক দি কি হ’ব ! দুদিন পিছত দেখিব এইখনো চলিব, তেওঁৰখনো চলিব ৷ কোনো বস্তু বেয়া নহয় ৷’’

"আমি ইয়াত ফৰেষ্টৰ এটা ‘ইণ্টাৰপ্ৰিটেশ্ব্যন চেণ্টাৰ’ খুলিবলৈ চেষ্টা কৰি আছো" বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, ‘‘য’ত আমি ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ ব্যৱহাৰ কৰিম ৷ মানুহে চাব খুজিলেই কাজিৰঙা চাব পাৰিব ৷ কোনোবা মানুহে হাতীৰ পিঠিত উঠিব খোজে, কিন্তু ভিতৰততো নহয়, ‘এটলিষ্ট’ ‘এ আই’ৰ যোগেদি তেওঁ ‘এক্সপেৰিয়েন্স’ কৰিব পাৰিব যেন তেওঁ হাতীৰ পিঠিতে উঠি গৈ আছে ৷’’

প্ৰধানমন্ত্ৰী মিউজিয়াম আৰু ‘এছেম্বলী’ৰ উদাহৰণ দি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘তাত এখন হেলিকপ্টাৰ আছে, যদি হেলিকপ্টাৰত বহি দিয়ে লগে-লগে কাজিৰঙালৈ লৈ আহে ৷ আচলতে কাজিৰঙাত নাহে কিন্তু ‘এগজেক্ট’ লাগে যেন আমি কাজিৰঙাত আহিছো ৷ তেনেকৈ ইয়াত আমি ‘এ আই’ ব্যৱহাৰ কৰিম যাতে মানুহৰ লাগে যেন গঁড়ৰ লগতে বহি সুখ-দুখৰ কথা পাতিছে, হাতীত উঠিছে ৷ এনেকুৱা আমি ইয়াত এটা ‘এক্সপেৰিয়েন্স’ কৰাৰ কাৰণে ভাল ফৰেষ্টৰ ‘ইণ্টাৰপ্ৰিটেশ্যন কাম এক্সপেৰিয়েন্স চেণ্টাৰ’ এটাৰ ডিজাইন কৰি আছো ৷
ইপিনে, অখিল গগৈৰ ফেচবুক লাইভ চাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি কয় যে, তেওঁ বহুত ভাল এণ্টাৰটেইনমেণ্ট কৰে ৷

আনহাতে, নিৰ্বাচনৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰাজ্যসভাৰ দুখন আসনত বিজেপিয়ে খেলিব আৰু ইউ পি পি এল দলে যদি প্ৰমোদ বড়োক প্ৰাৰ্থিত্ব দিয়ে, তেতিয়াহ’লে আমি হয়তো প্ৰাৰ্থী নিদিওঁ ৷ কিন্তু আমাৰ ফালৰ পৰা দুজন ৷’’
উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কাজিৰঙা অৰ্কিড উদ্যান মুকলি কৰা অনুষ্ঠানটোত ছত্তীশগড়ৰ বিত্তমন্ত্ৰী অ’ পি চৌধুৰী, ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগ, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি, স্থানীয় বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যান মুকলি অনুষ্ঠানতে ডিজিটেল মাধ্যমৰে বোকাখাতৰ আন কেইবাটাও প্ৰকল্প মুকলি কৰে ৷
লগতে পঢ়ক: দুলীয়াজানত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী ? মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিয়েই দিলে

