ETV Bharat / state

নেপালৰ বানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নেপালৰ বানক লৈ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যখনে চুবুৰীয়া দেশৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় দিছে বুলি সামাজিক মাধ্যমত উল্লেখ কৰে ।

NEPAL FLASH FLOOD
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 27, 2026 at 12:24 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : নেপালৰ বানক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে ৷ সামাজিক মাধ্যম এক্সত পোষ্ট কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নেপালৰ বানক লৈ উদ্বেগ প্ৰকাশ কৰি চুবুৰীয়া দেশৰ জনসাধাৰণৰ সৈতে অসমে সংহতিৰে থিয় দিয়াৰ কথা ব্যক্ত কৰে ৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, "নেপালৰ বিধ্বংসী বান আৰু ইয়াৰ ফলত হোৱা ক্ষয়-ক্ষতি আৰু কষ্টত মই গভীৰ শোক প্ৰকাশ কৰিছো ।"

তেওঁ লগতে কয়, "এই কঠিন সময়ত নেপালত থকা আমাৰ ভাই-ভনীসকলৰ সৈতে অসমৰ জনসাধাৰণে সংহতিৰে থিয় দিছে । শোকসন্তপ্ত পৰিয়াল আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি আমাৰ সমৰ্থন আছে । সকলোৰে সুৰক্ষাৰ বাবে আৰু শীঘ্ৰে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা জনালো ।

নেপালৰ বানত বৰ্তমান পৰ্যন্ত ১৬৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ জন ভাৰতীয় নাগৰিককে ধৰি ৮৭৯ জনতকৈ অধিক লোক নিৰুদ্দেশ হৈ আছে । নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে বৃহস্পতিবাৰে উল্লেখ কৰা অনুসৰি ভাৰতৰ ৩০০ৰো অধিক নাগৰিক বানৰ পাছৰে পৰা সন্ধানহীন হৈ আছে ৷ অৱশ্যে বানত বৰ্তমান পৰ্যন্ত অসমৰ কোনো লোক হতাহত অথবা আৱদ্ধ হৈ থকাৰ কথা জানিব পৰা হোৱা নাই ৷

নেপালৰ জলবিজ্ঞান আৰু বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে বৰফৰ হিমস্খলন আৰু তাৰ পিছত এটা ধ্বংসাৱশেষ হ্ৰদ গঠন আৰু বিস্ফোৰণৰ ফলত হয়তো ৰাছুৱাৰ ভোটেকোশী নদীত হঠাৎ বানৰ সৃষ্টিৰ কাৰণ হ’ব পাৰে বুলি উল্লেখ কৰিছে ৷ আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে (ইউ এছ জি এছ) বৃহস্পতিবাৰে বৰফৰ হিমস্খলনৰ ফলত নেপাল বানৰ সূচনা হৈছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : নেপালৰ বানত ১৬৫ জন নিহত, ৩০০ জন ভাৰতীয় নাগৰিক সন্ধানহীন

নেপালত জলপ্ৰলয়: উদ্ধাৰকাৰ্যত নামিল নেপাল সেনা, যিকোনো অভিযানৰ বাবে সাজু এছএছবি

সকলো ধৰণৰ সহায় কৰিব ভাৰতে...! নেপালৰ বিধ্বংসী বান সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ পৰা ৰাহুল গান্ধীলৈ সহানুভূতি প্ৰকাশ