জুবিনক মদ খুওৱা হৈছিল ধন-সম্পত্তি লুণ্ঠনৰ বাবে, চাৰ্জশ্বিটত থাকিব সকলো : মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ওপজা দিনত শিল্পী জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ৰক্তদান কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ।

Published : November 18, 2025 at 8:44 PM IST
গুৱাহাটী : জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বিস্ফোৰক মন্তব্য । জুবিন মৃত্যুৰ SIT ৰ তদন্তত প্ৰকাশ হোৱা এলানি বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মঙলবাৰে গুৱাহাটীত জুবিনৰ জন্মদিন উপলক্ষ্যে এক ৰক্তদান শিবিৰত ৰক্তদান কৰাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাৰম্ভিক আভাস দিলে 'জুবিন হত্যা’ৰ তদন্তৰ চার্জশ্বিটত কি থাকিব ৷
জুবিন গাৰ্গে মদ খাই বেয়া পাইছিল । মদ খুৱাই একাংশই জুবিন গাৰ্গক ধন-সম্পত্তি লুণ্ঠনৰ বাবে ব্যৱহাৰ কৰিছিল । টকা-পইচা হস্তগত কৰিবৰ বাবেই একাংশই এই কাণ্ড কৰিলে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷
SITৰ তদন্তত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিল, কেৱল লুণ্ঠনৰ বাবেই জুবিন গাৰ্গৰ দৰে সৰল-সহজ এজনক মদ খুৱাইছিল আশে-পাশে থকা মানুহেই ৷ মুখ্যমন্ত্ৰীৰ মন্তব্য— “আমাৰ তদন্তৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিল । জুবিনক মদ খুওৱা হৈছিল । আপোনালোকে চার্জশ্বিটত গম পাব— মদ জুবিনৰ পৰিচয় নাছিল । যেতিয়াই জুবিনক মানুহৰ ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিল তেতিয়াই মদ খুওৱা হৈছিল ।”
লগতে মুখ্যমন্ত্ৰীৰ মন্তব্য— “মোৰ ওচৰত জুবিন কেতিয়াও মদ খাই অহা নাছিল । জুবিনক ওচৰ পাজৰৰ মানুহবোৰে মদ খুৱাই দিছিল যাতে সহজ-সৰল ল’ৰাজনক ব্যৱহাৰ কৰিব পাৰি । দুৰ্ভাগ্যজনকভাৱে অসমত বহুত মানুহে সেই কেইদিন প্ৰচাৰ চলালে —মদে দিহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব । একেবাৰে মিছা কথা ৷ তদন্তত গম পাব যে জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খুওৱা হৈছিল যাতে তেওঁৰ ধন- সম্পত্তি লুণ্ঠন কৰিব পাৰে ।”
“মদ জুবিনৰ পৰিচয় নাছিল । জুবিনৰ পৰিচয় আছিল সংগীত, জুবিনৰ পৰিচয় আছিল দুখীয়া নিৰাশ্ৰয়জনৰ লগত থিয় হোৱা । জুবিনৰ পৰিচয় আছিল অন্যায়ৰ বিৰুদ্ধে মাত মতা ৷”—বুলি লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ “আমি মানুহক শিকাব খুজিছো— মদ ঢালি নহয়, ভাল কামেৰে জীয়াই ৰাখক জুবিন গাৰ্গক। ৰক্তদান কৰি দুখীয়াক সহায় কৰি, ছাত্ৰৰ পঢ়াৰ খৰচ বহন কৰি জুবিনক জীয়াই ৰাখক ৷”— আহ্বান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

