জুবিন ৰাইজৰ সম্পত্তি আছিল, ৰজাৰ সম্পত্তি নাছিল: মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীয়ে কেতিয়া চাব 'ৰৈ ৰৈ বিনালে' ? মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰি সাংবাদিকক ক'লে মুখ্যমন্ত্ৰীয়ে ।

Published : November 1, 2025 at 6:20 PM IST
মৰিগাঁও: "মই আৰামত চাম, ৰাইজক কষ্ট দি নাচাওঁ । কাৰণ মোৰ ইয়াৰ পৰা পলিটিকেল মাইলেজ ল'বলগীয়া নাই । প্ৰথমতে ৰাইজ, পিছত ৰজা ।"-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মহানায়ক জুবিন গাৰ্গৰ জীৱনৰ অন্তিমখন ছবি উপভোগ কৰাৰ প্ৰসংগত এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
এই সন্দৰ্ভত মৰিগাঁৱত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "ৰাইজে আগত চাব, মই পিছত চাম । যিসকলে ভাবে মই ৰজা হ'ব লাগে তেওঁলোকে আগতেই গৈ চাইছে । সেই ছীট কেইটা কোনোবা সাধাৰণ মানুহে পালেহেতেন, তেওঁলোকে পালি-পহৰীয়া লৈ গৈ চাইছে । সদায় মনত ৰাখিব, জুবিন ৰাইজৰ সম্পত্তি আছিল, ৰজাৰ সম্পত্তি নাছিল । গতিকে ৰজা পিছত থাকিব ৰাইজ আগত থাকিব ।"
হিমন্ত বিশ্ব শৰ্মাই কয়,"যিসকলক ভোট লাগে তেওঁলোক আগত গৈছে । মোক তেনেকুৱা ভোট নালাগে । তেওঁলোকে চোৱাৰ কাৰণে কিমান সাধাৰণ মানুহে চাব নোৱাৰিলে । কোনোবাই দুশটা টিকট লৈ লৈছে, কোনোবাই তিনিশটা টিকট লৈ লৈছে । ৰজাই লাষ্টৰ লাইনত ঠিয় হ'ব শিকিব লাগে । ৰজা কওঁক, মন্ত্ৰী কওঁক, বিধায়ক কওঁক তেওঁলোকে কেতিয়াও ফাৰ্ষ্টৰ লাইনত ঠিয় হ'ব নালাগে ।"
উল্লেখ্য যে, মৰিগাঁৱৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত মিকিৰভেটা খেলপথাৰত আয়োজিত মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ বৃহৎ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহন কৰি এইদৰে সাংবাদিকৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।
এই বিশাল ৰাজহুৱা সভাত, মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰ্বমুঠ ৩৬ হেজাৰ গৰাকী অৰ্হতাসম্পন্ন আত্মসহায়ক গোটৰ সদস্যাৰ হাতত 'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা' আঁচনিৰ অধীনত ১০,০০০ টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে ।
এই আঁচনিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,"আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৩৬০০০ মহিলাক ৪০০০ মৰিগাঁও নগৰত আৰু ৩২০০০ মৰিগাঁৱৰ গাঁও অঞ্চলৰ মহিলাই মহিলা উদ্যমিতা আঁচনি লাভ কৰিলে । মৰিগাঁৱৰ লাহৰীঘাট, জাগীৰোড আৰু মৰিগাঁও তিনিওটা সমষ্টিতে আমাৰ সফল বিতৰণ সমাপ্ত হৈছে ।"

