ETV Bharat / state

ছেমিকণ্ডাক্টৰ প্ৰসংগত এইবাৰ প্ৰিয়াংক খাৰ্গেক 'ধন্যবাদ'হে দিলে মুখ্যমন্ত্ৰীয়ে: কাৰণটো জানেনে ?

শদিয়াৰ ছপাখোৱাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীৰ মাজত আৰ্থিক অনুদানৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ ।

CM HIMANTA BISWA SARMA
চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 5:52 PM IST

4 Min Read
Choose ETV Bharat

তিনিচুকীয়া: বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শদিয়াৰ ছপাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীসকলৰ মাজত আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এই অনুষ্ঠানত শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৭,৫৭৩ গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয় । ইয়াৰে শদিয়া উন্নয়ন খণ্ডৰ ১২,০০২ গৰাকী, ছৈখোৱা উন্নয়ন খণ্ডৰ ১৪,৩৪১ গৰাকী আৰু নগৰাঞ্চলৰ ১,২৩০ গৰাকী মহিলা আছে ।

শদিয়াত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজি শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ২৮ হাজাৰ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ চেক প্ৰদান কৰোঁ । এই চেক গ্ৰহণ কৰিবলৈ কিছুমান মহিলাই পুৱা ৬ বজাতেই আহে আৰু অমৰপুৰ নিচিনা পঞ্চায়তৰ পৰা কালি নিশাই আহিছে । গতিকে ইয়াৰ পৰাই প্ৰমাণ পোৱা যায় যে এই আঁচনিক মহিলাসকলে কিদৰে আদৰি লৈছে ।”

সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আন কেইবাটাও বিষয়ত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷ বিশেষকৈ ছেমিকণ্ডাক্টৰ উদ্যোগক লৈ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই কৰা মন্তব্যৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে ৰাজ্য়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘তেখেতৰ দেউতাকেও এবাৰ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাদেৱক অপমান কৰিছিল ৷ কৰ্ণাটক এখন ডাঙৰ ৰাজ্য । তেখেতে কৈছে যে ছেমিকণ্ডাক্টৰ উদ্যোগটো কৰ্ণাটকত হ’ব লাগে । মই অসমলৈ লৈ আহিলোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত দিলে । ইয়াৰ পৰা সকলোৱে জানি লওক যে অসমৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান ডাঙৰ কাম এটা কৰি দিলে, যাৰ কাৰণে কৰ্ণাটকৰ দৰে ডাঙৰ ৰাজ্য এখনৰো ৰাতি টোপনি নহা হৈছে । অসমৰ মানুহেও ভবা নাই যে অসমত ইমান ডাঙৰ উদ্যোগ এটা আহিব । কিন্তু কৰ্ণাটকৰ দৰে ৰাজ্যত খলকনি লাগিছে সেইটো অসমত কেনেকৈ হ’ব ৷ অসমৰ মানুহেও মোক ধন্যবাদ দিয়া নাই, ইমান ডাঙৰ কাম এটা হ’ল । এতিয়াহে সাংবাদিকসকলে সুধিছে ছেমি কণ্ডাক্টৰৰ বিষয়ে । এতিয়া ভাবি চাওক যোৱা পাঁচটা বছৰত আমি অসমৰ চেহেৰাটো কিমান সলনি কৰিবলৈ সক্ষম হ’লো । গতিকে একপ্ৰকাৰে মই প্ৰিয়াংক খাৰ্গেক ধন্যবাদেই জনাব লাগিব যে তেখেতে নোকোৱা হ’লে অসমৰ মানুহে গমেই নাপালেহেতেন যে অসমত ইমান ডাঙৰ কাম এটা হ’ল ।’’

CM HIMANTA BISWA SARMA
সভাত উপস্থিত মহিলাসকলৰ একাংশ (ETV Bharat Assam)

আনহাতে, দীৰ্ঘদিনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে বটলিফ ফেক্টৰীৰ পৰা উচিত মূল্য লাভ নকৰাৰ সন্দৰ্ভত টি ব’ৰ্ডক বটলিফ ফেক্টৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই । লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত মাটি বেদখলৰ সন্দৰ্ভত কয়, ‘‘মাটি বেদখল হ’ব নোৱাৰে, কাৰোবাৰ দখলত থাকিব পাৰে । তাৰ ব্যৱস্থা চৰকাৰে ল’ব । ডনবস্ক’ৰ কথা ওলাই আছে, কিন্তু ডনবস্ক’ই উচ্চতম ন্যায়ালয়ৰ পৰা স্থগিতাদেশ লৈ ৰাখিছে ।"

এই অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰীয়ে ডাঙৰীৰ বাইথ’ মন্দিৰলৈ গৈ সেৱা লয় ৷ শুকুৰবাৰে ৰূপাই চাইডিং হাইস্কুল খেলপথাৰত আয়োজিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচীৰ বাবে ডুমডুমাত উপস্থিত হ’ব মুখ্যমন্ত্ৰীগৰাকী ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ডুমডুমা বিধানসভা সমষ্টিৰ মুঠ ১৩,৮২২ গৰাকী হিতাধিকাৰীৰ মাজত এই আঁচনিৰ চেক বিতৰণ কৰিব ।

বৃহস্পতিবাৰৰ এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ক্ৰমে বলীন চেতিয়া, সুৰেণ ফুকন, সঞ্জয় কিষাণ, জিলা আয়ুক্ত স্বপ্নীল পাল, মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণকে ধৰি কেইবাগৰাকীও নেতা-বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক: ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা, চাবলে আহিবা ৷ 'মৰম' জুবিন দা...