ETV Bharat / state

উচ্ছেদ চলি থাকিব, কমেও ১২ লাখ বিঘা মাটি বেদখল হৈ আছে: মুখ্যমন্ত্ৰী

'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি'ৰ চেক বিতৰণ কৰি উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

CM Himanta Biswa Sarma distributes Cheques in Goalpara
চেক বিতৰণৰ এক মুহূৰ্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 4, 2026 at 9:55 AM IST

2 Min Read
Choose ETV Bharat

গোৱালপাৰা: "উচ্ছেদ চলি থাকিব, এই কেইদিন হোজাইত কাম চলি আছে । এখনৰ পিছত এখন জিলাত উচ্ছেদ চলোৱা হ'ব । বহুত বিঘা মাটি বেদখল হৈ আছে এতিয়া ১ লাখ ৬০ হাজাৰ বিঘা মাটিহে পাইছোঁ, কিন্তু কমেও ১২ লাখ বিঘা মাটি বেদখল হৈ আছে । লাহে লাহে সকলো হৈ থাকিব ।" শনিবাৰে গোৱালপাৰা জিলাৰ দুধনৈত উপস্থিত হৈ উচ্ছেদ সন্দৰ্ভত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰোপৰি অবৈধ বিদেশীক ওভতাই পঠিওৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এতিয়া চৰকাৰৰ হাতত এইটো সুবিধা আছে যে নিৰ্দিষ্ট অভিযোগ পালে এতিয়া ট্ৰিবিউনেল নালাগে । জিলা আয়ুক্তৰ তাতেই বিচাৰ হ'ব পাৰে আৰু জিলা আয়ুক্তই ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকক দেশৰ পৰা বহিস্কাৰ কৰিব পাৰে ।"

মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

উল্লেখ্য যে শনিবাৰে জিলাখনৰ দুধনৈত উপস্থিত হৈ 'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি'ৰ অধীনত ১৫নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত দহ হাজাৰ টকাকৈ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে । গোৱালপাৰা জিলা প্ৰশাসনে দুধনৈ মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা 'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি'ৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰাৰ লগতে মহিলাসকলক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

CM Himanta Biswa Sarma distributes Cheques in Goalpara
ৰাইজক সম্বোধন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰী মহিলাসকলক তেওঁলোকে লাভ কৰা ধনৰাশি উৎপাদনশীল কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই আৰু তেনে উদ্যমী মহিলাসকলক ভৱিষ্যতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু অধিক আৰ্থিক সাহায্য আগবঢ়াব বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে । এই অনুষ্ঠানত ১৫ নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টিৰ ২৭,৯৪৭ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ মুঠ ২৭,৯৪,৭০,০০০ টকাৰ চেক প্ৰদান কৰা হয় ।

CM Himanta Biswa Sarma distributes Cheques in Goalpara
মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিল আঁচনিৰ চেক (ETV Bharat Assam)

আনহাতে উক্ত সমষ্টিটোৰ ১৪৬ গৰাকী সক্ৰিয় কেডাৰৰ মাজত মুঠ ২১,৯০,০০০ টকাৰ চেক বিতৰণ কৰা হয় । মুখ্যমন্ত্ৰীগৰাকীয়ে বিতৰণ কৰা সৰ্বমুঠ ধনৰ পৰিমাণ ২৮ কোটি ১৬ লাখ ষাঠি হাজাৰ টকা । এই চেক বিতৰণ অনুষ্ঠানৰ জৰিয়তে ১৫নং দুধনৈ সমষ্টিৰ ২৬৯৫ টা আত্মসহায়ক গোট (SHG) আৰু ১৭৭ টা গ্ৰাম্য সংগঠন প্ৰত্যক্ষভাৱে উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই ছিণ্ডিকেট নিয়ন্ত্ৰণ হয় : গৌৰৱ গগৈ

গুৱাহাটীৰ ৰাজপথত মাজনিশা দুৰ্ঘটনাগ্ৰস্ত বলীউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী, আহত পত্নী ৰূপালী বৰুৱাও