অৰুণাচলৰ শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা শ্ৰমিকৰ পৰিয়ালৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিলে ৫ লাখৰ চেক
চাহ বাগিচাত মৃতকৰ পৰিয়ালক সংস্থাপন দিয়াৰ আশ্বাস । কেন্দ্ৰীয় চৰকাৰৰ পৰা দুই লাখ টকাকৈ মৃতকৰ পৰিয়াললৈ এককালীন সাহাৰ্য ৷

Published : December 17, 2025 at 7:01 PM IST
তিনিচুকীয়া : অৰুণাচল প্ৰদেশত সংঘটিত শোকাৱহ দুৰ্ঘটনাত নিহত শ্ৰমিকৰ পৰিয়ালবৰ্গক এককালীন আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে । বুধবাৰে তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই চেকসমূহ দুৰ্ভগীয়া পৰিয়ালসকলক প্ৰদান কৰে ।
উল্লেখ্য যে ৮ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত অঞ্চল আঞ্জাও জিলাৰ হায়ুলিয়াঙত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছিল । উক্ত শোকাৱহ দুৰ্ঘটনাই দেশজুৰি জোকাৰণিৰ সৃষ্টি কৰিছিল । এখন ট্ৰাকত অসমৰ তিনিচুকীয়াৰ পৰা কৰ্মসূত্ৰে যোৱা এটা ২০ জনীয়া দলৰ এই দুৰ্ঘটনাটোত মৃত্যু হৈছিল । আনহাতে, কথমপি প্ৰাণৰক্ষা পৰে এগৰাকী শ্ৰমিকৰ ।
মৃত্যু হোৱা ২০ গৰাকীৰ ভিতৰত গেলাপুখুৰী চাহ বাগিচাৰ ১৩নং লাইনৰ ১৬ গৰাকী, গটঙৰ এগৰাকী, লিম্বুগুৰিৰ এগৰাকী, ধেলাখাট চাহ বাগিচাৰ এগৰাকী আৰু গাড়ীখনৰ চালকগৰাকী ন-পুখুৰীৰ আছিল । আজি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰথমে শোকাৱহ দুৰ্ঘটনাটোত মৃত্যু হোৱা ২০ জন লোকৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে । পৰিয়ালবৰ্গক সাক্ষাৎ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে ২ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ।

ইয়াৰ পিছত মৃতকৰ পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰে এককালীন সাহায্য হিচাপে ৫ লাখ টকাকৈ আৰু আঘাতপ্ৰাপ্তগৰাকীক ১ লাখ টকাৰ চেক ৷ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰৰ পৰা দুই লাখ টকাকৈ এককালীনভাৱে মৃতকৰ পৰিয়ালক প্ৰদান কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
ইয়াৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে প্ৰথমে মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি কয়, "আমি অসম চৰকাৰে মৃতকৰ পৰিয়ালক ৫ লাখ টকাকৈ চেক প্ৰদান কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে দুই লাখ টকাকৈ প্ৰদান কৰিব । ইয়াৰ লগতে মৃতকৰ পৰিয়ালে যাতে অৰুণোদয় আঁচনি লাভ কৰাৰ লগতে ৰেচন কাৰ্ড লাভ কৰে তাৰ ব্যৱস্থা জিলা আয়ুক্তই কৰিব । কেনেদৰে চাহ বাগিচাত পৰিয়ালক সংস্থাপন কৰিব পাৰি তাৰ ব্যৱস্থা বিধায়কে কৰিব ।"

তেওঁ লগতে কয়, "অসমৰ পৰা অৰুণাচল প্ৰদেশলৈ বহু শ্ৰমিক যায়, এইটো এটা বহু ডাঙৰ সমস্যা । যিমান লোক আছে সিমান সংস্থাপন দিয়াটো সম্ভৱ নহয় । গতিকে অসমত উদ্যোগ স্থাপনৰ জৰিয়তে নিবনুৱা সমস্যা হ্ৰাস কৰিব লাগিব ।"
ইফালে অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সংঘটিত উক্ত শোকাৱহ দুৰ্ঘটনা সন্দৰ্ভত তৃতীয়গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । শ্ৰমিকসকলক কঢ়িয়াই নিয়া ট্ৰাকখনৰ স্বত্বাধিকাৰী ভূষণ কুমাৰ যাদৱ ওৰফে ভূষণ টায়ক বিহাৰৰ চাপ্ৰাৰ পৰা গ্ৰেপ্তাৰ কৰে বিহাৰ আৰক্ষীয়ে । অতি কম সময়ৰ ভিতৰত ধৃত ভূষণ কুমাৰ যাদৱক তিনিচুকীয়ালৈ অনাৰ লগতে চলাব মাৰাথন জেৰা ।
ইয়াৰ পূৰ্বে তিনিচুকীয়া আৰক্ষীয়ে চিৰাজুল আহমেদ আৰু চাইৰুদ্দিন আলীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে । ধৃত দুগৰাকীয়ে শ্ৰমিকসকলক একত্ৰিত কৰি অৰুণাচল প্ৰদেশলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

