ETV Bharat / state

জুবিনৰ মৃত্যুৰ তদন্তৰ চার্জশ্বিট ১০ ডিচেম্বৰত: মুখ্যমন্ত্ৰীয়ে ক'লে- ১০ ডিচেম্বৰৰ পাছত মোৰ মুখখন খুলিলে বেলেগৰ মুখ বন্ধ হ’ব

আমি দুই হাতেৰে শৰ মাৰিব পাৰোঁ । এফালে জুবিন গাৰ্গকো ন্যায় দিম, আনফালে মিঞা মুছলমানসকলকো কষ্ট দি থাকিম । মুখ্যমন্ত্ৰীৰ মন্তব্য ।

CM ON ZUBEEN AND MIYAN MUSLIM
মৰিগাঁৱত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 1, 2025 at 4:06 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও : সকলোৰে প্রিয় শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি ধৰ্ণা, প্ৰতিবাদ পৰ্যন্ত হৈ থকাৰ মাজতে শনিবাৰে মৰিগাঁৱত উপস্থিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ তথা বিস্ফোৰক মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

শনিবাৰে মৰিগাঁৱৰ মিকিৰভেটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

জুবিন গাৰ্গৰ এছ আই টি চাৰ্জশ্বীট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য (ETV Bharat Assam)

জুবিন গাৰ্গৰ মৃত্যুৰ এছ আই টি তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "এছ আই টিয়ে বহুত ভাল পথত আগবাঢ়িছে । বহুত ভাল তথ্য, বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে । মই ভাবোঁ যে ১০ ডিচেম্বৰৰ ভিতৰত, ১৭ তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই ১০ বুলিয়ে মনত ভাবি থৈছোঁ জুবিনৰ ঘটনা সম্পূৰ্ণ ৰাইজৰ মাজলৈ আমি আনিব পাৰিম । ক'ৰবাত ক'ৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব । অলপ অলপ দুখো পাব, কষ্টও পাব । লগতে খঙো উঠিব । গতিকে মই ভাবোঁ যে ১০ ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ এছ আই টিৰ চাৰ্জশ্বীট আমি দাখিল কৰিম । আৰু ৰাইজে একপ্ৰকাৰ ক'ব গ'লে বহু বছৰজুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা থকা কাহিনী গম পাব ।"

CM ON ZUBEEN AND MIYAN MUSLIM
মৰিগাঁৱত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

আনহাতে, বিজেপিৰ সদস্যসকল জুবিন গাৰ্গৰ আটাইতকৈ প্ৰকৃত অনুৰাগী বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইফালে মৰিগাঁৱত পদুম ফুলৰ ছবিৰ লগতে জুবিন গাৰ্গ অসমৰ হওক বুলি দেৱালত লিখা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “অখিল গগৈয়ে যদি খোল্লাম খোল্লা ৰাজনীতি কৰিব পাৰে, তেন্তে বিজেপিয়ে কিয় অমৰ হওক বুলি লিখিব নোৱাৰে । বিজেপিৰ সদস্যসকল হ’ল প্ৰকৃত অনুৰাগী । এতিয়া যিবিলাক মিঞা মুছলমান আগবাঢ়ি আহিছে, তেওঁলোক জীৱনকালত কেতিয়াও জুবিনৰ অনুৰাগী নাছিল । তেওঁলোক ডুপ্লিকেট অনুৰাগী । আমি পূজা-সভাত সকলোৱে জুবিনৰ ফটো ৰাখোঁ । কিন্তু কোনো মিঞা মুছলামানে ধৰ্মীয় সভাত ব্যৱহাৰ নকৰে জুবিন গাৰ্গৰ ফটো । ১০ ডিচেম্বৰৰ পাছত মোৰ মুখখন যেতিয়া খুলিব তেতিয়া বেলেগৰ মুখ বন্ধ হ’ব ।”

ইয়াৰ উপৰি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “আপোনালোকে সাপ হৈ খুটি বেজ হৈ জাৰে । এতিয়া যদি মই গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰসংগ উত্থাপন কৰোঁ আপোনালোকে ক’ব ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছোঁ । এতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰথম, তাৰ পাছত গৌৰৱ গগৈক যি কৰিব লাগে কৰা হ’ব । এতিয়া অসমৰ মানুহে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে । ১০ ডিচেম্বৰত জুবিনক ন্যায় প্ৰদান কৰি পাছত গৌৰৱ গগৈৰ ফালে যাম । মই চৰাইৰ চকুটো চাইহে আগবাঢ়োঁ । যেনেকৈ দ্রোণচাৰ্যই অৰ্জুনক কৈছিল চকুটো চাই থাকিব লাগে । মই চকুটো চাই আছোঁ ।”

আনহাতে, মিঞা সমাজৰ এচামে গধূলি জুবিনৰ সমাধিত আহি জুবিনক কষ্ট দিয়া কাম কৰি থাকে বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, "আজি কংগ্ৰেছে জুবিনক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰে । জুবিনে যাতে প্ৰকৃত সন্মান পায় তাৰ বাবে বিজেপিয়ে চেষ্টা কৰি আছে । নিৰ্বাচন শেষ হোৱাৰ পাছতেই নকল অনুৰাগীবিলাক নাইকিয়া হ’ব আৰু প্ৰকৃত অনুৰাগীবিলাকহে থাকিব । মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিম মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব । কোনো ক্ষেত্ৰতে ৰক্ষা নাপাব । আমি দুই হাতেৰে শৰ মাৰিব পাৰোঁ । এফালে জুবিন গাৰ্গকো ন্যায় দিম, আনফালে মিঞা মুছলমানসকলকো কষ্ট দি থাকিম ।”

লগতে পঢ়ক :'ৰৈ ৰৈ বিনালে' চাই আত্মসমৰ্পণ বিকাশ অসমৰ
লগতে পঢ়ক :গৌৰৱ গগৈক ১০০% পাকিস্তানী এজেণ্ট আখ্যা দি মানহানি গোচৰ দিবলৈ প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীয়ে