ETV Bharat / state

সৰুপথাৰত ভোটাৰ তালিকাৰ পৰা কটা যাব ১২ হাজাৰ নাম ; মুখ্যমন্ত্ৰীয়ে ক’লে এই লাভ অসমীয়া মানুহৰ

সৰুপথাৰ সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ লগতে কেইবাটাও প্ৰকল্প মুকলি-শিলান্যাস কৰে মুখ্যমন্ত্ৰীয়ে ।

Assam CM Sarupathar visit
লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 5, 2026 at 11:48 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ : "উচ্ছেদ আজিও তেজপুৰত চলি আছে । এতিয়ালৈকে ডেৰ লাখ বিঘা ভূমি মুকলি কৰা হৈছে । এইবাৰ উৰিয়ামঘাটত উচ্ছেদ হোৱাৰ কাৰণে অতিকমেও ১২ হাজাৰ লোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব । নহ'লে এই ১২ হাজাৰ লোকেই সৰুপথাৰ সমষ্টিৰ পৰিণাম ওলট-পালট কৰি দিছিল । গতিকে কিমান লাভ হৈছে আমাৰ অসমীয়া মানুহৰ সেই কথাটো আমি সদায় মনত ৰাখিব লাগিব ।" সৰুপথাৰত এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

উল্লেখ্য যে সৰুপথাৰ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত সোমবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে তেওঁ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে ।

লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

সৰুপথাৰ সমজিলাৰ বৰপথাৰত সোমবাৰে লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই । সমান্তৰালকৈ সৰুপথাৰ সমষ্টিত ৭২ কোটি টকাৰ ব্যয়সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধনৰ লগতে শিলান্যাস কৰে মুখ্যমন্ত্ৰীয়ে ।

২৩,৭৫৪ গৰাকী হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধনৰাশি বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে । বৰপথাৰৰ লাভলীনা বৰগোঁহাই ক্ৰীড়া প্ৰকল্প, বৰপথাৰ শিশু উদ্যান আৰু বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহ উদ্বোধনৰ পিছতেই আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্রহণ কৰে মুখ্যমন্ত্রীয়ে ।

Assam CM Sarupathar visit
লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

সৰুপথাৰ সমষ্টিত ৭২ কোটি টকাৰ প্ৰকল্প ব্যয়

  1. লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প (১২ কোটি)
  2. বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহ (৮ কোটি)
  3. বৰপথাৰ শিশু উদ্যান (২ কোটি)
  4. বৰপথাৰ গেলাবিল আৰু দুবৰণি পথ (১২ কোটি)

আধাৰশিলা স্থাপন

  1. বৰপথাৰৰ পৰা গোলাঘাটৰ অসম মালা পথ (প্ৰথম খণ্ড, ২৫ কোটি)
  2. মিছামাৰী বিলপথাৰ অভংপথাৰ শ্যামগাঁও মথাউৰি (১৩ কোটি)

ইফালে বৰপথাৰত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছৰ দুজন নেতাক কটাক্ষ কৰাৰ লগতে উৰিয়ামঘাটৰ উচ্ছেদ সম্পৰ্কে, উৰিয়ামঘাটত গছপুলি ৰোপণ সন্দৰ্ভত আৰু লগতে অসম-নাগালেণ্ড সীমান্তত নগা দুষ্কৃতিকাৰীয়ে বাসগৃহ জ্বলোৱাৰ ঘটনাক লৈ কেইবাটাও মন্তব্য প্ৰকাশ কৰে ।

লগতে পঢ়ক :বুঢ়াচাপৰি অভয়াৰণ্যত ৬,২০০ বিঘা মাটিত বেদখল, চলিল প্ৰশাসনৰ বুলড'জাৰ
লগতে পঢ়ক :কংগ্ৰেছৰ নেতাসকলে বিয়া পাতিবলৈও টিকট দিম বুলি টকা লৈছে : এইবাৰ আৰু এটা বোমা মুখ্যমন্ত্ৰীৰ