ETV Bharat / state

ঈদত গৰু কোৰবানী নিদিয়ে ৮০০ ঈদগাহ সমিতিয়ে, মৈৰাবাৰীৰ ৰাইজেও সন্মতি দিলে মুখ্যমন্ত্ৰীৰ আহ্বানত

ৰাজ্যৰ ৮০০ ঈদগাহ সমিতিয়ে এইবাৰ ঈদত গৰু কোৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে ৷ যাৰ বাবে ঈদগাহ সমিতিসমূহক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীয়ে ৷

Moirabari News
ঈদত গৰু কোৰবানী নিদিয়ে মৈৰাবাৰীৰ মুছলমান সমাজে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 27, 2026 at 8:40 PM IST

2 Min Read
Choose ETV Bharat

লাহৰীঘাট: বৃহস্পতিবাৰে ইছলাম ধৰ্মীয় লোকসকলে পালন কৰিব পবিত্ৰ ঈদ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈদৰ সময়ত গৰুৰ কোৰবানী নিদিবলৈ মুছলমান সমাজলৈ আহ্বান জনাইছিল ৷ মুখ্যমন্ত্ৰীৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ ৮০০ ঈদগাহ সমিতিয়ে গৰু কোৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত জনায় যে ৮০০ ঈদগাহ সমিতিয়ে এইবাৰ ঈদত গৰু কোৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে ৷ যাৰ বাবে ঈদগাহ সমিতিসমূহক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীয়ে ৷ পোষ্টটোত তেওঁ লিখিছে- ‘‘ইতিবাচক খবৰ যে ঈদৰ সময়ত গোধন কোৰবানী পৰিহাৰ কৰি অসমৰ ৮০০ৰো অধিক ঈদগাহ সমিতিয়ে আবেদন কৰিছে । অসমৰ সনাতনী সভ্যতাৰ প্ৰতি সন্মান জনাই ঈদগাহ সমিতিসমূহে লোৱা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় । বিশ্বাস আৰু সামাজিক সম্প্ৰীতি ৰক্ষাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি অব্যাহত থাকিব ।’’

মুখ্যমন্ত্ৰীৰ আহ্বানক সন্মান জনাই ঈদত গৰুৰ কোৰবানী দিয়াৰ বিপৰীতে বেলেগ জন্তু কোৰবানী দিয়াৰ পৰিকল্পনা কৰিছে মৰিগাঁও জিলাৰ মৈৰাবাৰী মুছলমান সমাজে ৷ কোৰবানী সন্দৰ্ভত মৈৰাবাৰী থানা পৰ্যায়ৰ নাগৰিক কমিটীৰ উদ্যোগত বুধবাৰে মৈৰাবাৰী থানাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাত মৈৰাবাৰী শ্বাহী ঈদগাহ, মৈৰাবাৰী মৰ্কজ ঈদগাহ কমিটী, অঞ্চলটোৰ বিভিন্ন ঠাইৰ আলিম-মৌলানা, বিশিষ্ট নাগৰিক আৰু সমাজৰ বিভিন্ন স্তৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । সভাত উপস্থিত সকলোৱে একেমুখে মুখ্যমন্ত্ৰীৰ আহ্বানত সহমত প্ৰকাশ কৰিছে ৷

ঈদত গৰু কোৰবানী নিদিয়ে মৈৰাবাৰীৰ মুছলমান সমাজে (ETV Bharat Assam)

এই সন্দৰ্ভত মৈৰাবাৰীৰ মুছলমান সমাজৰ এগৰাকী ব্যক্তিয়ে কয়,"হিন্দু সমাজৰ ধৰ্মীয় অনুভূতিত আঘাত হানি কৰা কাৰ্যৰ পৰা বিৰত থকা উচিত আৰু সম্প্ৰীতি ৰক্ষা কৰাটো সকলোৰে দায়িত্ব ।" বুধবাৰে মুছলিম ছাত্ৰ সন্থা (অসম) আৰু মৈৰাবাৰী অঞ্চলৰ আলিম সমাজেও মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ।

সভাত উপস্থিত জ্যেষ্ঠ ব্যক্তিসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কয় যে, অসমৰ সম্প্ৰীতিৰ সামাজিক ঐক্য অটুট ৰাখিবলৈ সকলো সমাজ সংবেদনশীলভাৱে আগবাঢ়ি অহা উচিত । তেওঁলোকে আশা প্ৰকাশ কৰে যে, আগন্তুক দুই-তিনি বছৰৰ ভিতৰত ৰাজ্যত গৰু কোৰবানীৰ প্ৰথা ধীৰে ধীৰে সম্পূৰ্ণৰূপে হ্ৰাস পাব আৰু তাৰ পৰিৱৰ্তে বিকল্প প্ৰাণী কোৰবানীৰ প্ৰচলন বৃদ্ধি পাব ।

লগতে পঢ়ক:৩ জুনৰ পাছতহে হ'ব মন্ত্রীসভাৰ সম্প্ৰসাৰণ: মুখ্যমন্ত্ৰীৰ ঘোষণা