অসমত নতুনকৈ কি কি উন্নয়নমূলক কামৰ প্ৰকল্প আৰম্ভ হ’ব : ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা
মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰি শেহতীয়া বিধানসভা নিৰ্বাচনত জনতাই প্ৰদান কৰা অভূতপূৰ্ব সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

Published : June 14, 2026 at 10:24 PM IST
গুৱাহাটী: মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ শাসনভাৰ লোৱা হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ফেচবুক লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
প্ৰথমেই মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰি শেহতীয়া বিধানসভা নিৰ্বাচনত জনতাই প্ৰদান কৰা অভূতপূৰ্ব সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসম বিধানসভাই সম নাগৰিক সংহিতা বা Uniform Civil Code (UCC) ত অনুমোদন জনোৱাটো চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ লগতে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ ।’’
মুখ্যমন্ত্ৰীয়ে vote on account ৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই কয়, ‘‘৬ জুলাইৰ বাজেট অধিৱেশনৰ পাছতে অৰুণোদয়, ৰেহাই মূল্যত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ, নিযুত মইনা, নিযুত বাবু আৰু জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহ আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ’ব আৰু নিয়মীয়াকৈ চলি থাকিব ।’’
বিভিন্ন অভিলাষী প্ৰকল্প সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ‘‘গুৱাহাটীৰ ৰিং ৰোড, কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ লগতে ১৮ হাজাৰ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া নুমলীগড়-গহপুৰ সুৰংগৰ কামো অতি শীঘ্ৰে আৰম্ভ হ’ব । বাইহাটা চাৰিআলি-তেজপুৰ চাৰিলেনযুক্ত পথ, গুৱাহাটী বিমানবন্দৰ-জালুকবাৰীলৈ এটা এলিভেটেড কৰিডৰ আৰু শিলিগুৰি-শিলচৰ এক্সপ্ৰেছ হাইৱে' আদি বহুকেইটা নতুন বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম অনাগত দিনত বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে । গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এটা এক্সপ্ৰেছ হাইৱে' নিৰ্মাণৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে । ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ৫০০ কোটি টকাৰ উন্নয়নমূলক পুঁজি অনুমোদন কৰা হৈছে । একে সময়তে শিলচৰত নতুন বিমানবন্দৰ আৰু ৰূপসী বিমানবন্দৰক লজিষ্টিক হাব হিচাপে বিকশিত কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণৰ চিন্তা-চৰ্চা কৰা হৈছে ।’’
মুখ্যমন্ত্রীয়ে লগতে কয়, ‘‘চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অনাগত সময়ত দুই লাখ যুৱক-যুৱতীক নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে । লগতে প্ৰতিখন জিলাত এখনকৈ বিশ্ববিদ্যালয়, মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰ লক্ষ্যৰে হাইলাকান্দি, হোজাই, বজালী আৰু গোৱালপাৰাত নতুন মেডিকেল কলেজ স্থাপনৰ প্ৰক্ৰিয়াও আগবাঢ়িছে । অসমৰ পৰিচয়, সংস্কৃতি, ঐতিহ্য আৰু ভূমিৰ সুৰক্ষা চৰকাৰৰ মূল অংগীকাৰ আৰু ই কেৱল নিৰ্বাচনী শ্লোগান নহয়, এইয়া কৰ্মযজ্ঞ । অসম, অসমবাসী আৰু অসমীয়াৰ বাবে অসম চৰকাৰে নিৰন্তৰ কাম কৰি যাব ।’’
মুখ্যমন্ত্রীয়ে কয়, ‘‘জুলাই মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এগৰাকী গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্বৰ অসম ভ্ৰমণৰ সম্ভাৱনা আছে । সেই উপলক্ষে গুৱাহাটীক অধিক সুন্দৰ কৰি তোলাৰ বাবে চলি থকা প্ৰচেষ্টাত ৰাইজৰ সহযোগিতা কামনা কৰিছো ।’’
শেহতীয়া পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মধ্যপ্ৰাচ্যৰ ভূ-ৰাজনৈতিক পৰিস্থিতি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলতেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে । বিশ্ব পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে সাধাৰণ জনতাই সকাহ লাভ কৰিব ।’’ বক্তব্যৰ অন্তত মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে ।
দেওবাৰে লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সৌজন্যমূলক সাক্ষাৎ কৰি ৰাজ্যৰ জনকল্যাণ, উন্নয়ন আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত এক ফলপ্ৰসূ আলোচনাত মিলিত হয় ।
লগতে পঢ়ক: বিশ্ব ৰক্তদাতা দিৱস : ৰাজ্যৰ ভিন্ন স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত

