পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰীৰ নতুন দিনৰ আলাপ: ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে পৰিকল্পনাৰ চমক
২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটামাহ বাকী থকা সময়তে পহিলা জানুৱাৰীৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একাধিক গুৰুত্বপূৰ্ণ ঘোষণা ৷

Published : January 1, 2026 at 7:10 PM IST
|Updated : January 1, 2026 at 8:33 PM IST
গুৱাহাটী: বাবু আঁচনিৰ পৰা আৰম্ভ কৰি ব’হাগ বিহুৰ পূৰ্বেই অৰুণোদয় আঁচনিৰ ৮০০০ টকালৈ, বৃদ্ধ পেন্সন বৃদ্ধিৰ পৰা সত্ৰৰ উদাসীন ভকতলৈ সকলোকে সামৰি নতুন বছৰৰ প্ৰথমটো দিনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ 'নতুন দিনৰ আলাপ’ — ২০২৬ৰ বাবে বিশেষ এলানি ঘোষণা ।
২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটামাহ বাকী থকা সময়তে পহিলা জানুৱাৰীৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একাধিক গুৰুত্বপূৰ্ণ ঘোষণা ৷
ওঠৰোৰ্ধ ল’ৰা শিক্ষাৰ্থীৰ বাবে আহি আছে 'বাবু’ আঁচনি
এইবাৰ মহিলা নহয়, যুৱকসকলৰ বাবে বিশেষ আঁচনি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । বিগত বছৰবোৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাৰ বাবে হিতাধিকাৰী আঁচনিত গুৰুত্ব দি আহিছিল ৷ নিযুত মইনা, লাখপতি বাইদেউৰ পৰা মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিলৈ - মহিলাকেন্দ্ৰিক হিতাধিকাৰী আঁচনিৰে ইতিমধ্যে উপচাই পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ।
এইবাৰ ল’ৰা শিক্ষাৰ্থী সকলোকো সামৰি মুখ্যমন্ত্ৰীয়ে এক জানুৱাৰীত ঘোষণা কৰিলে 'বাবু’ শীৰ্ষক বিশেষ আঁচনি । ‘বাবু’ আঁচনি ঘোষণাৰে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত এক জানুৱাৰীৰ দিনা আঁচনিখন ঘোষণা কৰি কয়, ‘‘ল’ৰা শিক্ষাৰ্থীক আমি প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ পূৰণ কৰিব পাৰি আনন্দিত হৈছো ৷ ফেব্ৰুৱাৰী মাহৰ পৰা 'বাবু আঁচনি'ৰ অধীনত যোগ্য বিবেচিত স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষাৰ্থীসকলক প্ৰতিমাহে ২,০০০ টকা আৰু স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে ১,০০০ টকাকৈ তেওঁলোকৰ উচ্চ শিক্ষা আগবঢ়াই নিয়াত সহায়ক হোৱাকৈ প্ৰদান কৰা হ’ব ।’’
উল্লেখযোগ্য যে যিবিলাক পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৪ লাখৰ তলৰ, সেই সকলেহে লাভ কৰিব 'বাবু আঁচনি’ৰ ধন ।
নিৰ্বাচনৰ আগতেই একে লগে মহিলাৰ একাউণ্টত ৮০০০ টকা
ব’হাগ বিহুৰ উপহাৰস্বৰূপে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ফেব্ৰুৱাৰী মাহত এবাৰতে ৮০০০ টকা ৩৭ লাখৰো অধিক নাৰীৰ বেংক একাউণ্টত চৰকাৰী আঁচনিৰ ধন প্ৰদান কৰিব অসম চৰকাৰে । ৰাজ্যৰ ৩৭ লাখৰো অধিক নাৰীক সামৰি অসম চৰকাৰৰ এক বৃহৎ হিতাধিকাৰী আঁচনি হ’ল 'অৰুণোদয়’ আঁচনি । এই আঁচনিৰ অধীনত ৩৭ লাখৰো অধিক নাৰীক প্ৰতি মাহে ১২৫০ টকা দি অহা হৈছে ।
এক জানুৱাৰীৰ 'নতুন দিনৰ আলাপ’ত মুখ্যমন্ত্ৰীৰ ঘোষণা, ‘‘ৰাজ্যৰ ৩৭ লাখৰো অধিক মাতৃ-ভগ্নীৰ বাবে এটা বৰ ভাল খবৰ দিব বিচাৰিছো ৷ অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয়ৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন ৮,০০০ টকাকৈ আগতীয়াকৈ ব’হাগ বিহুৰ উপহাৰ হিচাপে লাভ কৰিব । জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ ধন ৫,০০০ টকা আৰু বিশেষ বিহু উপহাৰ হিচাপে ৩,০০০ টকা লাভ কৰিব ।’’
২০ ফেব্ৰুৱাৰীত অৰুণোদয়ৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ আঁচনিখনৰ ধন ৮,০০০ টকাকৈ আগতীয়াকৈ ফেব্ৰুৱাৰী মাহত ব’হাগ বিহুৰ উপহাৰ হিচাপে বেংক একাউণ্টত প্ৰদান কৰিব । জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ ধন ৫,০০০ টকা আৰু বিশেষ বিহু উপহাৰ হিচাপে ৩,০০০ টকা, মুঠ আঠ হাজাৰ টকা প্ৰদান কৰিব । জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলৰ বাবে ‘অৰুণোদয়’ৰ হিতাধিকাৰীক ২০০০ টকাকৈ দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ মে’ৰ পৰা পুনৰ ১২৫০ টকাকৈ লাভ কৰিব হিতাধিকাৰীসকলে - কইনাধৰাত সাংবাদিকৰে মত বিনিময় অনুষ্ঠানটিত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
বৃদ্ধ পেন্সন বৃদ্ধি, উদাসীন ভকতলৈয়ো আঁচনি
ৰাজ্যৰ বৃদ্ধ পেন্সনধাৰীসকলৰ বাবে নতুন বছৰৰ প্ৰথম দিনটোত ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে । লগতে সত্ৰৰ উদাসীন ভকতসকলৰ বাবে প্ৰতিমাহে বিশেষ সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে বৰ্তমানৰ ২৫০ ৰ পৰিৱৰ্তে ৪০০ টকালৈ বৃদ্ধি কৰা হ’ব বৃদ্ধ পেন্সনৰ ধন । আনহাতে,ৰাজ্যৰ সত্ৰসমূহৰ উদাসীন ভকতসকলেও প্ৰতিমাহে পাব ১৫০০ কৈ টকাৰ আৰ্থিক সাহাৰ্য ।
কৰ্কট ৰোগীলৈ আশাৰ ৰেঙণি: অত্যাধুনিক প্ৰট’ন থেৰাপী যন্ত্ৰ
আনহাতে, কৰ্কট ৰোগে বিপদঘণ্টা বজোৱা অসমৰ কৰ্কট ৰোগীৰ বাবে এক সুখবৰ আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কৰ্কট ৰোগৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা অতি মূল্যবান প্ৰট’ন থেৰাপী যন্ত্ৰৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰে । অত্যাধুনিক প্ৰট’ন থেৰাপী যন্ত্ৰৰ সুবিধা শীঘ্ৰেই উপলব্ধ হ’ব বুলি এক জানুৱাৰীৰ দিনা মুখ্যমন্ত্ৰীৰ ঘোষণা ।
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগামী খোজ হিচাপে আমি অসমলৈ প্ৰ’টন থেৰাপী মেচিন অনাৰ দিশত কাম কৰি আছো । এই পৰিকল্পনা বাস্তৱায়িত হ’লে অসম ভাৰতৰ প্ৰথমখন ৰাজ্য হ’ব, য’ত চৰকাৰী ব্যৱস্থাত অত্যাধুনিক সুবিধা উপলব্ধ হ’ব ৷ ইয়াৰ জৰিয়তে অসমৰ চিকিৎসা পৰ্যটনৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব ৷”
এক জানুৱাৰীৰ মুখ্যমন্ত্ৰীৰ আন কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা
২৭০০০ কোটি টকীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পিছত অতি সোনকালে অসমত উপলব্ধ হ'ব ম'বাইল ফোন নিৰ্মাণ কাৰখানা ৷ মুখ্যমন্ত্ৰীৰ আশা - এয়া হ’ব অসমৰ ঔদ্যোগিক খণ্ডত আন এক বৃহৎ বিনিয়োগ ।
ফেব্ৰুৱাৰী মাহত মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী নতুন দলংখন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এই দলংখন ৷ আনহাতে, জানুৱাৰীৰ তৃতীয় সপ্তাহত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব ৩৫ কিলোমিটাৰ দৈৰ্ঘৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ ।
কোকৰাঝাৰ-গেলেফু ৰে’ললাইনৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে । কোকৰাঝাৰৰ বাঁশবাৰীত স্থাপন হ’ব ৰে’লৰ দবা নিৰ্মাণৰ কাৰখানা ।
লগতে পঢ়ক: গুৱাহাটী-কলকাতাৰ মাজত চলিব প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল; শীঘ্ৰে শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে

