হিন্দু মানুহে পাৰিলে তিনিটাকৈ সন্তান জন্ম দিব লাগে: মুখ্যমন্ত্ৰী
মৌলবাদী, বটদ্ৰৱা প্ৰকল্প, শংকৰ-আজান প্ৰসংগ আদি সন্দৰ্ভতো বৰপেটাৰোডত মুখ্যমন্ত্ৰীয়ে কেইবাটাও মন্তব্য কৰে ।

Published : December 30, 2025 at 7:33 PM IST
বৰপেটা : "সংখ্যালঘু মানুহৰ সন্তান জন্ম দিয়া হাৰটো বেছি ৷ আমাৰ হিন্দু মানুহৰ সন্তান জন্ম দিয়া হাৰটো কমি কমি গৈ আছে ৷ সেই কাৰণে আমি সকলো হিন্দু মানুহে এজনত নাথাকি দুজন জন্ম দিব লাগে ৷ যিয়ে পাৰে তিনিজন জন্ম দিব লাগে ৷ মুছলিম মানুহক আমি কওঁ আঠটা-সাতটা জন্ম দিব নালাগে, কমকৈ দিয়ক । হিন্দু মানুহক আমি কওঁ অলপ বেছিকৈ সন্তান জন্ম দিয়ক, নহ'লে ঘৰখন চাবলৈ কোনো নোহোৱা হব ৷" বৰপেটাৰোডত এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।
উল্লেখ্য যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত বৰপেটা জিলাৰ নৱগঠিত ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত মহিলাসকলক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ উপস্থিতিত চেক বিতৰণ কৰা হয় ।
অনুষ্ঠানৰ শেষত সাংবাদিকৰে হোৱা মত বিনিময়ত ৰাজ্যত জেহাদী সংগঠনৰ কেইবাজনো সদস্য গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, "অসমত মৌলবাদী নিশ্চিতভাৱে সক্ৰিয় হৈ আছে ৷ বাংলাদেশ অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ হোৱাৰ পৰিপ্ৰেক্ষিততে এই সমস্যাটো দীৰ্ঘদিনলৈ থাকিব ৷ আজি এঘাৰজন ধৰিছে, ডাঙৰ অপাৰেচন এটা চলি আছে ৷"
আন এক বিষয়ত মুখ্যমন্ত্ৰীৰ মন্তব্য, "বটদ্ৰৱা প্ৰকল্প অসমৰ স্বাভিমানৰ প্ৰকল্প । যিসকলে অসম আৰু অসমীয়াক ভাল নাপায় তেওঁলোকেহে সমালোচনা কৰিব ৷ বেলেগ কোনেও নকৰে ৷"
হীৰেন গোহাঁয়ে শংকৰ-আজান সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে টুলুঙা মনৰ পৰিচয় দিয়া বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, "এইটো টুলুঙা মনৰ পৰিচয় নহয় ৷ এইটো ইতিহাসৰ কথা, পঞ্চম শ্ৰেণীৰ ছাত্ৰয়ো জানে শংকৰ আৰু মাধৱ একেলগে আছিল ৷ হীৰেন গোহাঁয়ে কিয় নাজানে মই বুজি পোৱা নাই ৷ শংকৰদেৱ, মাধৱদেৱৰ পৰলোকপ্ৰাপ্তিৰ দুশ বছৰ পিছত আজান পীৰ ইৰাকৰ পৰা আহিছিল ৷ তেওঁৰ লগত শংকৰদেৱৰ কেনেকৈ মিল হ'ব পাৰে ৷"
উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত ভৱানীপুৰ-সৰভোগ সমষ্টিৰ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ মাজত ধন বিতৰণৰ বাবে বৰপেটাৰোড ষ্টেডিয়ামত আয়োজিত এখন বৃহৎ সভাত মুখ্যমন্ত্ৰীয়ে প্ৰতীকী ৰূপত কেইবাগৰাকীও মহিলাৰ মাজত ১০ হেজাৰ টকাৰ চেক বিতৰণ কৰি আঁচনিখন মুকলি কৰে ।

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আত্মসহায়ক গোটৰ মহিলাসকলক সম্বোধন কৰি কয় যে এই আঁচনিখনৰ জৰিয়তে অসমৰ মহিলাসকলক স্বনিৰ্ভৰশীল কৰিব বিচৰা হৈছে । সেইবাবে প্ৰথমে ১০ হাজাৰ টকা আগবঢ়োৱা হৈছে ।
এই ধনৰ সদ্ব্যৱহাৰ কৰা মহিলাসকলক ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ'ব । সেই ধনৰ সফল ব্যৱহাৰ কৰাসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ'ব । এনেধৰণে অসমৰ মহিলাক লাখপতি কৰা হ'ব ।
উল্লেখ্য যে আঁচনিখনৰ জৰিয়তে মঙলবাৰে ভৱানীপুৰ-সৰভোগ সমষ্টিৰ ২৫,১৫৭ গৰাকী আত্মসহায়ক গোটৰ মহিলা সদস্যক সামৰি লোৱা হৈছে । অনু্ষ্ঠানত বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝা আদিও উপস্থিত থাকে ।

