ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী, দুই মন্ত্ৰীক তাৎক্ষণিকভাৱে জিলাখন ভ্ৰমণৰ নিৰ্দেশ
ধেমাজিৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ৷ বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে চৰকাৰ সদায় দায়বদ্ধ বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ ৷

Published : June 28, 2026 at 7:54 PM IST
|Updated : June 28, 2026 at 8:27 PM IST
হায়দৰাবাদ: ধেমাজি জিলাৰ ভিন্ন প্ৰান্তত হোৱা ভয়াবহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে সামাজিক মাধ্যমৰ জৰিয়তে ধেমাজিৰ বান পৰিস্থিতিৰ সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰাখিছো বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ এক্সত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "ধেমাজিৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মই তীক্ষ্ণ দৃষ্টি ৰাখিছো । বানাক্ৰান্ত ৰাইজৰ সৈতে আমি দৃঢ়তাৰে থিয় দিম । য'তে বানাক্ৰান্ত ৰাইজক কোনো ক্ষেত্ৰত সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনক যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷"
তেওঁ লগতে কয়, "লগতে ক্ষতিগ্ৰস্ত সকলো পৰিয়ালৰ তাৎক্ষণিক সুৰক্ষা ব্যৱস্থা অগ্ৰাধিকাৰ দিয়াৰ বাবে নিৰ্দেশ দিছো । এই ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে মোৰ সহকৰ্মী তথা জলসম্পদ মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁই আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিছো ৷ লগত তৎকালেই জিলাখনলৈ ৰাওনা হৈ জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসন কাৰ্য তদাৰক কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে ।"
Since the flood situation has unfolded in Dhemaji, I've been closely monitoring the situation.
— Himanta Biswa Sarma (@himantabiswa) June 28, 2026
We are deeply saddened by the impact it has had on the lives of our people and in this difficult time, we firmly stand with them.
We are deploying a whole of government approach and… pic.twitter.com/4XJGzy0PFI
উল্লেখ্য যে,অসম–অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলত খৰস্ৰোতা কেমি নদীৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে । নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে কেমি নদীৰ ওপৰত নিৰ্মিত কেমি–জেলম সংযোগী লোহাৰ দলংখন নৈৰ তীব্ৰ সোঁতে উটুৱাই নিয়ে । দলংখন উটুৱাই নিয়াৰ পিছতে কেমি–পুৰণা জেলম অঞ্চলৰ সৈতে জোনাই সদৰৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে । ফলস্বৰূপে অঞ্চলটোৰ সাধাৰণ জনজীৱন বিপৰ্যস্ত হৈ পৰাৰ লগতে যাতায়াত ব্যৱস্থাও সম্পূৰ্ণৰূপে ব্যাহত হৈছে ।
ইফালে জোনাইৰ ৫১৫ নং চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী । ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈছে যান-বাহনৰ চলাচল । একে সময়তে অসম–অৰুণাচল সীমান্তৱৰ্তী দুয়োখন ৰাজ্যৰ কেইবাটাও পৰিয়ালৰ পানীত ডুব গৈছে । ধাৰাসাৰ বৰষুণৰ ফলত লেকু নৈৰ জলস্তৰ এতিয়াও বৃদ্ধি পাই আছে ।
লগতে পঢ়ক: জোনাইত বানৰ তাণ্ডৱ: উটি গ’ল লোহাৰ দলং, পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ

