ঘৰৰ সন্মুখৰ পৰাই কিশোৰীক অপহৰণ, দুই কিশোৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ
কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি কিশোৰকেইজনে তেওঁক ইনজেকশ্ব'ন দি অচেতন কৰিছিল ।

Published : August 19, 2026 at 3:34 PM IST
মৰাণ : ডিব্ৰুগড় জিলাৰ মৰাণত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । ঘৰৰ সন্মুখৰ পৰাই এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি লৈ গৈ দুই কিশোৰে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।
ইতিমধ্যে ভুক্তভোগী কিশোৰী আৰু পৰিয়ালে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে । আচৰিত কথাটো হ'ল যে কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি কিশোৰকেইজনে তেওঁক ইনজেকশ্ব'ন দি অচেতন কৰিছিল । এই ঘটনাই এতিয়া ডিব্ৰুগড় জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ।
ঘটনাটো বৰ্ণনা কৰি কিশোৰীগৰাকীৰ পৰিয়ালে কয়, "ছোৱালীজনী পদূলিমুখত গৈছিল । ৭.৩০ মান বজাত ঘৰৰ সন্মুখৰ পৰাই তেওঁক দুজন ল'ৰাই চোঁচৰাই লৈ গ'ল । এজনক চিনাক্ত কৰা হৈছে । আনজনক এতিয়াও চিনাক্ত কৰা হোৱা নাই । ছোৱালীজনীক লৈ গৈ পুখুৰীৰ পাৰত বেয়া কাম কৰিলে । ল'ৰাকেইজনে জেচিবিৰে খন্দা দ পুখুৰীৰ কাষলৈ লৈ গৈছিল আৰু তেওঁৰ পিতৃক হত্যা কৰাৰো ভাবুকি দিছিল । তাৰ পিছতে ছোৱালীজনীক বেজী দিলে । ছোৱালীজনী অচেতন অৱস্থাত আছিল । যেনেতেনে আহি লগৰ এজনীৰ ঘৰত সোমাল । তাৰ পিছতে পৰিয়ালৰ লোকে উদ্ধাৰ কৰিলোঁ । পিছত ছোৱালীজনীয়ে গোটেই কথা অৱগত কৰিলে ।"
সম্প্ৰতি কিশোৰীগৰাকী কিছু অসুস্থ বুলিও পৰিয়ালে জনাইছে । এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে । এই ঘটনাক স্থানীয় সংগঠনবোৰেও তীব্ৰ গৰিহণা দিছে । লগতে অভিযুক্ত শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে ।
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ভাস্কৰ বৰুৱাই কয়, "আমালৈ খবৰ আহিছিল মঙলবাৰে সন্ধিয়া মৰাণৰ ১ নং ডোমৰদলঙৰ এগৰাকী ছাত্ৰীক ঘৰৰ সন্মুখৰ পৰাই দুজন যুৱকে অপহৰণ কৰি নি গাঁৱৰে এটা পুখুৰীৰ পাৰত ধৰ্ষণ কৰিলে । ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালে এই কথা অৱগত কৰিছে । এই ঘটনাক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ । এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ ।"
লক্ষণীয়ভাৱে ধৰ্ষণ বা নিৰ্যাতনকে ধৰি নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধজনিত ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে । কিন্তু তাৰ মাজতে সংঘটিত এইধৰণৰ ঘটনাই মানৱ সমাজক লজ্জানত কৰিছে । বৰ্তমানৰ যুৱ সমাজ কোন দিশে গতি কৰিছে ? সেই প্ৰশ্নও বহু সচেতন লোকে কৰিছে ।
লগতে পঢ়ক :
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু; ঘটনাৰ সৈতে জড়িত কিশোৰীসহ তিনিজনক আটক

