লখিমপুৰ আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে অৰুণাচলী লোকক ?
লখিমপুৰত আগ্নেয়াস্ত্র লৈ ভীতি প্রদর্শন কৰা অৰুণাচলী লোকক গ্ৰেপ্তাৰ সন্দৰ্ভত চলি থকা বিতৰ্ক সম্পৰ্কে কি ক'লে আৰক্ষীয়ে ?

Published : May 25, 2026 at 6:00 PM IST
লখিমপুৰ: লখিমপুৰত অস্ত্ৰসহ অৰুণাচলী লোকক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া অব্যাহত আছে । সামাজিক মাধ্যমতো বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে । বিশেষকৈ অৰুণাচল প্ৰদেশত সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত বহু বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰিত হোৱা দেখা গৈছে । যাৰ বাবে সংবাদমেলযোগে সমগ্ৰ ঘটনা বৰ্ণনা কৰিলে জিলাখনৰ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই ।
আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "বিহপুৰীয়া থানাৰ অধীনৰ শিমলুগুৰি ৰাজগড়ৰ ৰূপম কাকতি নামৰ লোকজনৰ ঘৰত একাংশ অৰুণাচলী লোকে ভীতি প্রদর্শন কৰে । যোৱা ১৫ মে'ৰ দিনা দুপৰীয়া ১:৩০ বজাত অৰুণাচলী লোকৰ দলটোৱে ৰূপম কাকতিৰ বাসগৃহত উপস্থিত হয় । ৮ জনীয়া এই দলটোৰ ৬ জনে ঘৰত প্ৰৱেশ কৰে আৰু বাকীসকল ৰাস্তাত অপেক্ষা কৰে । গুমিন মিজে নামৰ লোকজন দলটোৰ নেতৃত্বত আছিল । তেওঁলোকে বলপূৰ্বকভাৱে ৰূপম কাকতিৰ বাসগৃহত প্ৰৱেশ কৰি তেওঁক ধৰি নিয়াৰ চেষ্টা কৰে । পিছে ৰূপম কাকতিয়ে চাহ বাগিচাৰ মাজেৰে পলাই যায় । অভিযুক্তসকলে তেওঁক খেদি যায় আৰু দুটা গুলী ফুটাই, কিন্তু তেওঁক ধৰিবলৈ সক্ষম নহ'ল ।"
তেওঁ লগতে কয়, "পিছদিনা একেটা দলে পুনৰ তেওঁৰ বাসগৃহত উপস্থিত হয় । গাঁওবাসী সতৰ্ক হৈ থকা বাবে তেওঁলোকক বাধা দিয়ে । জনসমাগম দেখি অভিযুক্তসকল ঘটনাস্থলীৰ পৰা পলাই যায় । এইবাৰ তেওঁলোক দুখন গাড়ী আৰু ৩ খন মটৰ চাইকেলেৰে আহিছিল । এখন মটৰ চাইকেল স্থানীয় লোকসকলে জব্দ কৰে । ইয়াৰ আগতেও কেইজনমান অৰুণাচলী লোক আহি ৰূপম কাকতিক ধৰি নি ড্ৰাগছৰ সৰবৰাহকাৰী বুলি গোচৰ জাপি দিছিল । ৰূপম কাকতিক ধৰিবলৈ চেষ্টা কৰাৰ সময়ত গুমিন মিজেই নিজৰ পিষ্টলেৰে গুলী চলাইছিল ।" কিন্তু পিষ্টলৰ অনুজ্ঞাপত্ৰ নাই বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে ।
আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়, "অসম বা অৰুণাচল প্ৰদেশৰ আৰক্ষী প্ৰশাসনক কোনো ধৰণে অৱগত নকৰাকৈ অভিযুক্তসকলে অসমৰ এটা পৰিয়ালৰ বাসগৃহত বলপূৰ্বকভাৱে প্ৰৱেশ কৰে । ইয়াৰ পৰা জানিব পাৰি তেওঁলোকে কি উদ্দেশ্যেৰে আহিছিল । অৱশ্যে লখিমপুৰ আৰক্ষীয়ে যোগাযোগ কৰাৰ লগে লগে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে তৎপৰতাৰে সঁহাৰি জনাই অভিযুক্তক আটক কৰাত সহায় কৰে । পিছত লখিমপুৰ আৰক্ষীয়ে ইটানগৰ আৰক্ষী থানাৰ পৰা তেওঁক নিজৰ জিম্মালৈ আনে ।"
আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই লগতে কয়, "এই ঘটনা সন্দৰ্ভত বিহপুৰীয়া আৰক্ষী থানাত ৭২/২০২৬ নম্বৰত গোচৰ ৰুজু কৰা হৈছে । য'ত বিএনএছৰ অধীনত ৩২৯(১)/৩২৯(২)/১১৭(১)/১১৭(২)/১০৯/৩১২/৩২৪/৭৪/৩(৫) ধাৰা আৰু অস্ত্ৰ আইনৰ অধীনত ২৭(১)/২৭(২) ধাৰাত গোচৰ ৰুজু হৈছে ।"
উল্লেখ্য যে ৰূপম কাকতিৰ পৰিয়ালৰ অভিযোগ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । অৰুণাচলী লোকজনক ইতিমধ্যে আদালকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । কিন্তু সামাজিক মাধ্যমত চলি থকা বিতৰ্ক সন্দৰ্ভত আৰক্ষী অধীক্ষকে সকলোকে সংযম হৈ থাকিবলৈ আহ্বান জনাইছে । অপপ্ৰচাৰ নচলাবলৈও তেওঁ আহ্বান জনাইছে । আইনমতে দোষীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক :

